Lựa chọn ngôn ngữ

mic

Chia sẻ

Chia sẻ đường dẫn

QR code for https://globalrecordings.net/script/7962

unfoldingWord 15 - প্ৰতিজ্ঞাৰ দেশ

unfoldingWord 15 - প্ৰতিজ্ঞাৰ দেশ

Đề cương: Joshua 1-24

Số kịch bản: 1215

ngôn ngữ: Assamese

Khán giả: General

Mục đích: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Trạng thái: Approved

Bản văn này là một hướng dẫn cơ bản cho dịch và thu âm trong các ngôn ngữ khác. Nó phải được thích nghi với nền văn hóa và ngôn ngữ để làm cho nó phù hợp với từng khu vực, nơi nó được sử dụng khác nhau. Một số thuật ngữ và khái niệm được sử dụng có thể cần một lời giải thích đầy đủ hơn hoặc thậm chí bị bỏ qua trong các nền văn hóa khác nhau.

Kịch bản

অৱশেষত ইস্ৰায়েল জাতিয়ে প্ৰতিজ্ঞাৰ ঠাই অৰ্থাৎ কনানত সোমাবলৈ পালে ৷ সেই দেশত যিৰীহো নামৰ এক ঠাই আছিল ৷ সেই ঠাই শক্তিশালী দেৱালেৰে আৱৰি থোৱা আছিল ৷ যিহোচূৱাই সেই ঠাইলৈ দুজন চোৰাংচোৱা পঠিয়ালে ৷ সেই নগৰতে ৰাহাব নামৰ এজনী বেশ্যা আছিল ৷ তাই সেই চোৰাংচোৱা কেইজনক লুকুৱাই ৰাখিছিল আৰু পিছত পলাই যাবৰ বাবে সুবিধা কৰি দিছিল ৷ তাই ঈশ্বৰত বিশ্বাস কৰাৰ বাবে এই কাৰ্য্য কৰিছিল ৷ তাতে সেই চোৰাংচোৱা কেইজনে ইস্ৰায়েলে সেই ঠাই ধংস কৰাৰ সময়ত তাই আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল ৷

ইস্ৰায়েলি সকলে প্ৰতিজ্ঞাৰ দেশত সোমাবৰ বাবে যৰ্দন নদী পাৰ হল ৷ ঈশ্বৰে যিহোচূৱাক কলে, “পুৰোহিত সকলক আগে আগে যাবলৈ দিয়া ৷” আৰু পুৰোহিত সকলে যেতিয়া যৰ্দন নদীত ভৰি দিলে, তেতিয়াই যৰ্দন নদীৰ পানীৰ সোঁত বোৱা বন্ধ হয় আৰু যাৰ বাবে ইস্ৰায়েলি সকল সহজতে নদী পাৰ হবৰ বাবে সুবিধা হয় ৷

মানুহবিলাকে যৰ্দন নদী পাৰ কৰাৰ পিছত ঈশ্বৰে যিহোচূৱাক কলে যে যিৰীহো নগৰ আক্ৰমন কৰিব লাগিব, যদিও তাৰ মানুহবিলাক অতিশয় শক্তিশালী আছিল ৷ আৰু তেওঁ কলে যে তেওঁৰ পুৰোহিত আৰু সৈন্য সকলে ছয়দিনৰ বাবে, প্ৰতিদিনে সেই নগৰৰ চাৰিও কাষে ঘুৰিব লাগিব ৷ তাতে সেই পুৰোহিত আৰু সৈন্য সকলে সেই দৰে কৰিলে ৷

আৰু সাত দিনৰ দিনা, সেই ইস্ৰায়েলি সকলে সেই নগৰৰ চাৰিওঁফালে সাত বাৰ ঘুৰিলে ৷ আৰু তেওঁবিলাকে সাতবাৰ সেই নগৰৰ চাৰিওফালে ঘুৰাৰ পাছত, পুৰোহিত সকলে তূৰী বজালে আৰু সৈন্য সকলে চিঞৰ মাৰিলে ৷

তাতে সেই যিৰীহো নগৰৰ দেৱাল ভাঙি পৰিলে ! তাতে ইস্ৰায়েলি সকলে ঈশ্বৰৰ কোৱাৰ দৰে সেই নগৰৰ সকলোবিলাক ধংস কৰিলে ৷ পাছে তেওঁবিলাকে ৰহাব আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিলে, কিয়নো তেওঁবিলাকে ইস্ৰায়েলি সকলক সহায় কৰিছিল ৷ তাতে কনান দেশত বাস কৰা লোকসকলে যেতিয়া যিৰীহো নগৰ ধংস হোৱাৰ কথা জানিলে, তেতিয়া ইস্ৰায়েলি সকলে তেওঁবিলাকক আক্ৰমন কৰিব বুলি ভয় কৰিলে ৷

ইস্ৰায়েলি সকলে কনান দেশত বাস কৰা কোনো গোষ্ঠিৰ লগত মিত্ৰতা নকৰিবৰ বাবে ঈশ্বৰে আজ্ঞা কৰিলে ৷ পাছে কনান দেশৰ এটা গোটে গিবিয়োনীয়াবিলাকে, ছল কৰি যিহোচূৱাক কলে যে তেওঁবিলাক কনানৰ পৰা বহু দূৰত বাস কৰে ৷ তেওঁবিলাকে যিহোচূৱাৰ লগত মিত্ৰতা কৰিবৰ বাবে আহ্বান জনালে ৷ যিহোচূৱা আৰু তেওঁৰ আন আন পৰিচালক সকলে সেই সম্বন্ধে ঈশ্বৰৰ সৈতে আলোচনা নকৰিলে ৷ তাৰ সলনি, তেওঁবিলাকে গিবিয়োনীয়াবিলাকৰ সৈতে শান্তি সম্বন্ধ কৰিলে ৷

তিনি দিনৰ পিছত, ইস্ৰায়েলি সকলে জানিব পাৰিলে যে গিবিয়োনীয়াবিলাক কনানত বাস কৰে ৷ তেওঁবিলাকক যে গিবিয়োনীয়াবিলাকে ছল কৰিলে তাক জানিব পাৰি তেওঁবিলাকক ক্ৰোধিত হল ৷ পাছে তেওঁবিলাকে তেওঁবিলাকৰ সৈতে যি শান্তি চুক্তি কৰিছিল তাক ঈশ্বৰক সাক্ষী কৰি কৰাৰ বাবে সেয়া ভঙ্গ নকৰিলে ৷ তাৰ কিছু সময়ৰ পিছত, কনানৰ আন এক দলৰ ৰজা, ইমোৰীয়া সকলে, গিবিয়োনীয়া সকলে ইস্ৰায়েলৰ সৈতে শান্তি চুক্তি কৰা বুলি জানিলে, গতিকে তেওঁলোকেও বিশাল সৈন্য গোটাই গিডিয়োনক আক্ৰমণ কৰিলে ৷ তাতে গিবিয়োনীয়াবিলাকে ইয়াক জানি যিহোচূৱালৈ সহায় বিচাৰি বাৰ্তা পঠিয়ালে ৷

তাতে যিহোচূৱাই ইস্ৰায়েলি সৈন্য সকলক গোটাই গিবিয়োনীয়াবিলাকৰ কাষলৈ বুলি গোটেই ৰাতি যাত্ৰা কৰিলে ৷ অতি ৰাতি পুৱাতে তেওঁবিলাকে ইমোৰীয়া বিলাকক আচৰিত কৰি সিহঁতক আক্ৰমন কৰিলে ৷

সেই দিনা ঈশ্বৰে ইস্ৰয়েল সকলৰ হৈ যুদ্ধ কৰিলে ৷ তেওঁ ইমোৰীয়া বিলাকৰ ওপৰত মহাশিলা বৰষাই সিহঁতক মাৰিলে ৷

ইস্ৰায়েল সকল যাতে যুদ্ধত জয়ী হবৰ বাবে যথেষ্ট সময় পায় তাৰ বাবে ঈশ্বৰে সূৰ্য্যক একে ঠাইতে স্থিৰ কৰি ৰাখিলে যেতিয়ালৈকে ইমোৰীয়া বিলাক পৰাস্ত নহয় ৷ সেই দিনাখন, ইস্ৰায়েলৰ বাবে ঈশ্বৰে এক ডাঙৰ বিজয় আনিলে ৷

ঈশ্বৰে সেই সৈন্য সকলক পৰাস্ত কৰাৰ পিছত, কনানৰ আন আন গোট সমূহে ইস্ৰায়েলক আক্ৰমন কৰিবৰ বাব এক গোট হয় ৷ যিহোচূৱা আৰু ইস্ৰায়েলি সকলে তেওঁবিলাকক আক্ৰমন কৰিলে আৰু পৰাস্ত কৰিলে ৷

এই যুদ্ধ সমূহৰ পিছত, ঈশ্বৰে ইস্ৰায়েলৰ প্ৰতিটো গোষ্ঠিকে প্ৰতিজ্ঞা দেশৰ এটি এটি অংশ দান কৰিলে ৷ তাৰ পিছত ঈশ্বৰে তেওঁবিলাকৰ সীমাত শান্তি স্থাপন কৰিলে ৷

যেতিয়া যিহোচূৱা বয়সত বৃদ্ধি পাই আহিল, তেতিয়া তেওঁ ইস্ৰায়েলৰ সকলোকে মাতিলে ৷ তাৰ পিছত তেওঁ তেওঁবিলাকক সোঁৱৰায় দিয়ে যে তেওঁবিলাকে ঈশ্বৰে চীনয় পৰ্বতত দিয়া নিয়ম মানি চলিব বুলি প্ৰতিজ্ঞা কৰিছিল ৷ তাতে লোক সমূহেত সেই প্ৰতিজ্ঞা মানি চলিব বুলি পুনৰায় প্ৰতিজ্ঞা কৰে ৷

Thông tin liên quant

Lời Sự Sống - GRN có lưu trữ hàng ngàn thu âm của các lời dạy Phúc Âm bằng các thứ tiếng khác nhau bao gồm từ những thông điệp cơ bản từ Kinh thánh

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?