unfoldingWord 36 - অন্যৰূপ ধৰা
خاکہ: Matthew 17:1-9; Mark 9:2-8; Luke 9:28-36
اسکرپٹ نمبر: 1236
زبان: Assamese
سامعین: General
مقصد: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
حالت: Approved
اسکرپٹ دوسری زبانوں میں ترجمہ اور ریکارڈنگ کے لیے بنیادی رہنما خطوط ہیں۔ انہیں ہر مختلف ثقافت اور زبان کے لیے قابل فہم اور متعلقہ بنانے کے لیے ضرورت کے مطابق ڈھال لیا جانا چاہیے۔ استعمال ہونے والی کچھ اصطلاحات اور تصورات کو مزید وضاحت کی ضرورت ہو سکتی ہے یا ان کو تبدیل یا مکمل طور پر چھوڑ دیا جائے۔
اسکرپٹ کا متن
এদিনাখন, যীচুৱে তেওঁৰ তিনিজন শিষ্য, পিতৰ, যাকোব আৰু যোহনক লগত ললে ৷(যোহন নামৰ শিষ্যজন যীচুক বাপ্তিস্ম দিয়া ব্যক্তি জন নহয় ৷) তেওঁলোকে প্ৰাৰ্থনা কৰিবৰ বাবে পৰ্ব্বতৰ ওপৰলৈ গল৷
যীচুৱে প্ৰাৰ্থনা কৰি থকাৰ সময়ত, তেওঁৰ মূখ সূৰ্য্যৰ দৰে উজ্বল হৈ পৰে ৷ তেওঁ পৰিধান কৰি থকা পোচাক পোহৰৰ দৰে চকমকাই ইমান বগা হল যে তেনে বগা পৃথিবীৰ কোনো ব্যক্তিয়ে কৰিব নোৱাৰে ৷
তাৰ পিছত তাত মোচি আৰু এলিয়া ভাববাদীৰ আবিৰ্ভাৱ ঘটে ৷ এই কেইজন ব্যক্তি বহু শ শ বছৰ আগেয়ে এই পৃথিবীত জীয়াই আছিল ৷ তেওঁবিলাকে যীচুৰ সৈতে তেওঁৰ মৃত্যুৰ বিষয়ে কথা পাতিলে, কিয়নো অতি সোনকালে তেওঁ যিৰূচালেমত তেওঁৰ মৃত্যু হব৷
আৰু যেতিয়া মোচি আৰু এলিয়াই যীচুৰে সৈতে কথা হৈ আছিল, পিতৰে যীচুক কলে, “আমাৰ ইয়াত থকা ভাল ৷ আমি তিনিটা পজা সাজোহঁক, এটা আপোনাৰ বাবে, এটা মোচিৰ বাবে আৰু আনটো এলিয়াৰ বাবে ৷” কিন্তু পিতৰে কি কৈ আছিল তাক তেওঁ নিজে জনা নাছিল ৷
আৰু পিতৰে যেতিয়া কথা কৈ আছিল, এক উজ্বল মেঘ আহি তেওঁবিলাকক ঘেৰি ধৰিলে ৷ তাৰ পিছত মেঘৰ মাজৰ পৰা এটা বাণী হল, “এওঁ মোৰ পুত্ৰ যাক মই প্ৰেম কৰোঁ ৷ মই তেওঁত পৰম সন্তুষ্ট৷ তেওঁৰ কথা শুনা ৷” সেই তিনিজন শিষ্যই অতিশয় ভয় খালে আৰু মাটিত উবুৰি খাই পৰিল ৷
তাৰ পিছত যীচুৱে তেওঁবিলাকক স্পৰ্শ কৰিলে আৰু কলে, “ভয় নকৰিবা, উঠা ৷” যেতিয়া তেওঁবিলাকে চাৰিও ফালে চালে, তাত যীচুৰ বাদে কাকো দেখা নাপালে ৷
যীচু আৰু তেওঁৰ তিনিজন শিষ্য পৰ্ব্বতৰ পৰা নামি আহিল ৷ তাৰ পিছত যীচুৱে তেওঁলোকক কলে, “এই বিষয়ে তোমালোকে কাকো একো নকবা ৷ মই অতি সোনকালে মৰিম আৰু পুনৰায় জীয়াই উঠিম ৷ তাৰ পিছত তোমালোকে লোকসকলক কব পাৰিবা ৷”