unfoldingWord 30 - যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱা
Anahat: Matthew 14:13-21; Mark 6:31-44; Luke 9:10-17; John 6:5-15
Komut Dosyası Numarası: 1230
Dil: Assamese
Kitle: General
Amaç: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Durum: Approved
Komut dosyaları, diğer dillere çeviri ve kayıt için temel yönergelerdir. Her bir farklı kültür ve dil için anlaşılır ve alakalı hale getirmek için gerektiği gibi uyarlanmalıdırlar. Kullanılan bazı terimler ve kavramlar daha fazla açıklamaya ihtiyaç duyabilir veya hatta tamamen değiştirilebilir veya atlanabilir.
Komut Dosyası Metni
যীচুৱে তেওঁৰ শিষ্য সকলক লোক সমূহক উপদেশ দিবলৈ আৰু শুভবাৰ্ত্তা ঘোষণা কৰিবৰ বাবে বিভিন্ন গাওঁ সমূহলৈ পঠিয়াইছিল ৷ আৰু যেতিয়া তেওঁবিলাক যীচু থকা ঠাইলৈ উলটি আহিল, তেতিয়া তেওঁবিলাকে কৰা কাৰ্য্য কথা যীচুক জনালে ৷ তাৰ পিছত যীচুৱে তেওঁলোকক লৈ এক নিৰ্জন ঠাইলৈ বুলি ওলাই গল ৷ আৰু তেওঁলোকে নাৱত উঠি সাগৰৰ সিপাৰলৈ গল ৷
পাছে বহু লোকে যীচু আৰু তেওঁৰ শিষ্য সকলে নাৱত উঠি যোৱা দেখিবলৈ পালে ৷ তাতে সেই বৰ এজুম মানুহ তেওঁবিলাকক লগ পাবৰ বাবে বামেদি তালৈ লৰি গল৷ তাতে যীচু আৰু তেওঁৰ শিষ্য সকল তাত উপস্থিত হোৱাৰ পূৰ্ব্বেই তেওঁবিলাকে তাত উপস্থিত হৈ অপেক্ষা কৰি থাকিল ৷
সেই লোকসমূহৰ মজৰ মহিলা আৰু সন্তান সকলক বাদ দিলেও কেৱল পুৰুষৰ সংখ্যাই ৫০০০ মান আছিল ৷ যীচুৱে সেই লোকসমূহলৈ অতিশয় মৰম জন্মিল ৷ সেই লোকসমূহ যীচুৰ বাবে ৰখীয়াবিহীন মেৰৰ নিচিনা ৷ তাতে তেওঁবিলাকক তেওঁ শিক্ষা দিলে আৰু ৰোগীয়া সকলক সুস্থতা প্ৰদান কৰিলে ৷
পাছে দিনৰ শেষৰ ফালে, শিষ্য সকলে যীচুক কলে, “এতিয়া বহু পলম হৈছে আৰু ওচৰত কোনো নগৰ নাই ৷ সেয়েহে তেওঁবিলাকক আহাৰ গ্ৰহণ কৰিবৰ বাবে পঠিয়াই দিয়ক ৷”
কিন্তু যীচুৱে শিষ্য কেইজনক কলে, “তোমালোকে তেওঁবিলাকক কিবা খাবলৈ দিয়া !” তেওঁবিলাকে উত্তৰ দি কলে, “আমি ইয়াক কেনেকৈ কৰিব পাৰিম ? আমাৰ হাতত মাত্ৰ পাঁচটা পিঠা আৰু দুটি সৰু মাছহে আছে ৷”
তেতিয়া যীচুৱে শিষ্য সকলক মানুহবিলাকক পঞ্চাশ জনীয়া দল কৰি কৰি ঘাঁহত বহিবৰ বাবে কবলৈ কলে ৷
তাতে যীচুৱে সেই পাঁচাটা পিঠা আৰু দুটি মাছ লৈ স্বৰ্গলৈ চাই ঈশ্বৰৰ স্তুতি কৰি আহাৰৰ বাবে ধন্যবাদ কৰিলে ৷
তাৰ পিছত যীচুৱে সেই পিঠা আৰু মাছ ভাঙি ভাঙি শিক্ষ্য সকলৰ হাতত দি থাকিল ৷ শিষ্য সকলে সেই আহাৰ পাই বিলাই যাবলৈ ধৰিলে, আৰু আহাৰ শেষ হবলৈ নাপাইছিল ! তাত থকা সকলোৱে সেই আহাৰ তৃপ্তিৰে গ্ৰহণ কৰিলে ৷
ইয়াৰ পিছত, শিষ্য সকলে অৱশেষ থকা সেই ডোখৰা-ডুখৰি বিলাক গোটাই বাৰ পাচি তুলি ললে! সেই সকলোখিনি আহাৰ কেৱল মাত্ৰ পাঁচটা পিঠা আৰু দুটি মাছৰ পৰা আহিছিল ৷