unfoldingWord 05 - প্ৰতিজ্ঞাৰ সন্তান
Anahat: Genesis 16-22
Komut Dosyası Numarası: 1205
Dil: Assamese
Kitle: General
Amaç: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Durum: Approved
Komut dosyaları, diğer dillere çeviri ve kayıt için temel yönergelerdir. Her bir farklı kültür ve dil için anlaşılır ve alakalı hale getirmek için gerektiği gibi uyarlanmalıdırlar. Kullanılan bazı terimler ve kavramlar daha fazla açıklamaya ihtiyaç duyabilir veya hatta tamamen değiştirilebilir veya atlanabilir.
Komut Dosyası Metni
অব্ৰাম আৰু চাৰীয়ে কানান দেশত প্ৰৱেশ কৰা দহ বছৰৰ পিছতো তেওঁলোকৰ কোনো সন্তান নাছিল। তাতে অব্ৰামৰ ভাযা চাৰীয়ে তেওঁক ক’লে,“‘ মই সন্তান জন্ম দিবলৈ মোৰ অধিক বয়স হ’ল কিন্তু এতিয়ালৈ ঈশ্বৰে আমাক সন্তান এটি দিয়া নাই, এইয়া মোৰ দাসী হাগাৰ তাইক বিয়া কৰক যাতে তেওঁ মোক এটি সন্তান দিব।”
সেয়ে অব্ৰামে হাগাৰক বিয়া কৰালে। হাগাৰে এটি পুত্ৰ সন্তান জন্ম দিলে আৰু অব্ৰামে তাৰ নাম ইচমাইল থলে। কিন্তু চাৰাই হাগাৰক ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া ইচমালৰ ১৩ বছৰ হ’ল, ঈশ্বৰে পুণৰ আব্ৰামক কথা কলে।
ঈশ্বৰে ক’লে,“ মই সৰ্ব্বশক্তিমান ঈশ্বৰ, মই তোমাৰে সৈতে এক নিয়ম স্থাপন কৰিম। তাতে আব্ৰাহামে মাটিত পৰি আঠু ল’লে। ঈশ্বৰে ইয়াকো ক’লে, “ তুমি বহুতো জাতিৰ পিতৃ হ’বা। মই তোমাৰ সন্তানবোৰক কনান দেশৰ অধিকাৰি কৰিম আৰু মই সদাকাললৈ তেওঁলোকৰ ঈশ্বৰ হ’ম। তুমি তোমাৰ পৰিয়ালৰ প্ৰতিজন পুৰুষক চুন্নত কৰিবা।”
তোমাৰ ভাৰ্যা চাৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিব। তেওঁ প্ৰতিজ্ঞাৰ সন্তান হ’ব, তেওঁৰ নাম ইচাহাক ৰাখিবা”। মই তেওঁৰে সৈতে এক নিয়ম স্থাপন কৰিম, আৰু তেওঁ এক বৃহৎ জাতি হ’ব। মই ইচমাইলোকো এক বৃহৎ জাতিলৈ পৰিনত কৰিম। কিন্তু মই মোৰ নিয়মটি কেৱল ইচাহাকৰ সৈতে স্থাপন কৰিম।” তাতে ঈশ্বৰে অব্ৰামৰ নাম সলনি কৰি আব্ৰাহাম ৰাখিলে, তাৰ অৰ্থ “ বহুলোকৰ পিতৃ”।তাতে ঈশ্বৰে চাৰীৰ নামো সলনি কৰি চাৰা ৰাখিলে, তাৰ অৰ্থ “ৰাজকুমাৰী।”
সেই দিনা আব্ৰাহামে তেওঁৰ ঘৰৰ সকলো পুৰুষক চুন্নত কৰালে। প্ৰায় দশ বছৰ পাছত,যেতিয়া আব্ৰাহামৰ বয়স ১০০ বছৰ আৰু চাৰাৰ বয়স ৯০ বছৰ আছিল, তেতিয়া চাৰাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। তেওঁলোকে ঈশ্বৰে কোৱাৰ দৰে তাৰ নাম ইচাহাক ৰাখিলে।
যেতিয়া ইচাহাক যুৱক আৱস্থাত আছিল।ঈশ্বৰে আব্ৰাহামৰ বিশ্বাসক পৰীক্ষা কৰিলে, আৰু কলে, “ তোমাৰ সন্তান ইচাহাকক লোৱা আৰু মোৰ নিমিত্তে বলি দিয়া। আব্ৰাহামে পুণৰ ঈশ্বৰৰ বাধ্য হ’ল আৰু তেওঁ একমাত্ৰ সন্তানক বলি দিবৰ বাবে যুগুত হ’ল।
যেতিয়া আব্ৰাহাম আৰু ইচাহাকে খোজ কাঢ়ি বলি দিয়া ঠাইলৈ বুলি গৈ আছিল, তেনেতে ইচাহাকে আব্ৰাহামক শুধিলে,“ বলিৰ বাবে কাঠ যুগুত আছে, কিন্তু মেৰ পোৱালী ক’ত?” তাতে আব্ৰাহামে তেওঁক ক’লে, “মোৰ পুত্ৰ, বলিৰ বাবে মেৰ পোৱালী ঈশ্বৰেই যোগাই দিব,”।
যেতিয়া তেওঁলোকে বলি দিয়া ঠাই পালেগৈ, আব্ৰাহামে তেওঁৰ সন্তান ইচাহাকক বান্ধিলে আৰু বেদিৰ ওপৰত ৰাখিলে। আব্ৰাবহামে তেওঁৰ সন্তানক বলি দিও দিও অৱস্থাতে ঈশ্বৰে তেওঁক মাত লগালে, “ ৰবা! লৰা জনক আঘাত নকৰিবা! এতিয়া মই জানিলো যে, তুমি মোক ভয় কৰা কিয়নো তুমি তোমাৰ একমাত্ৰ সন্তানকো মোৰ নিমিত্তে আনিলা।
তাতে আব্ৰাহামে ওচৰতে এটা মটা মেৰছাগ এটা দেখা পাই, ইচাহাকৰ সলনি সেই মটা মেৰছাগ টোক বলি দিলে। আব্ৰাহামে সেই বলি উৎসাৰ্গা কৰি অতিশয় আনন্দিত হ’ল.
সেই সময়ত ঈশ্বৰে আব্ৰাহামক ক’লে, “ মই নিজ নামেৰে শপত কৰি কৈছোঁ, তুমি এই কাৰ্য্য কৰা হেতুকে, মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰি, আকাশৰ তৰাবোৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে, তোমাৰ বংশ অতিশয় ৰূপে বঢ়াম মই তোমাৰ বংশৰ পৰা ওলোৱা আতাই বংশক আশীৰ্ব্বাদ কৰিম। কিয়নো তুমি মোৰ বাধ্য হ’লা।”