unfoldingWord 25 - চয়তানে যীচুক পৰীক্ষা কৰা
రూపురేఖలు: Matthew 4:1-11; Mark 1:12-13; Luke 4:1-13
స్క్రిప్ట్ సంఖ్య: 1225
భాష: Assamese
ప్రేక్షకులు: General
ప్రయోజనం: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
స్థితి: Approved
స్క్రిప్ట్లు ఇతర భాషల్లోకి అనువాదం మరియు రికార్డింగ్ కోసం ప్రాథమిక మార్గదర్శకాలు. ప్రతి విభిన్న సంస్కృతి మరియు భాషలకు అర్థమయ్యేలా మరియు సంబంధితంగా ఉండేలా వాటిని అవసరమైన విధంగా స్వీకరించాలి. ఉపయోగించిన కొన్ని నిబంధనలు మరియు భావనలకు మరింత వివరణ అవసరం కావచ్చు లేదా భర్తీ చేయబడవచ్చు లేదా పూర్తిగా విస్మరించబడవచ్చు.
స్క్రిప్ట్ టెక్స్ట్
যীচুৱে বাপ্তিস্ম পোৱাৰ পিছতেই, পবিত্ৰ আত্মাই তেওঁক মৰুপ্ৰান্তলৈ পৰিচালনা কৰি নিলে। যীচুৱে তাতে চল্লিশ দিন চল্লিশ ৰাতি কটালে। সেই সময়ত তেওঁ লঘোণ দি আছিল, সেই সময়তে চয়তানে তেওঁক পৰীক্ষা কৰিছিল।
প্ৰথমে চয়তানে যীচুক ক’লে, “ যদি তুমি প্ৰকৃততে ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে এই শিলবোৰক পিঠা হ’বলৈ আজ্ঞা দিয়া যাতে তুমি তাক খাব পাৰা।”
কিন্তু যীচুৱে চয়তানক ক’লে, ‘‘ শাস্ত্ৰত এইদৰে লিখা আছে মানুহ কেৱল পিঠাৰে নিজিয়ে কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰেহে জীব।”
তেতিয়া চয়তানে যীচুক যিৰূচালেম মন্দিৰৰ কলচিৰ ওপৰলৈ লৈ গ’ল আৰু যীচুক ক’লে, “ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেনেহলে নিজকে তললৈ পেলাই দিয়া, কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, তেওঁ নিজৰ দুতবোৰক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে ডাঙি ধৰিব।
কিন্তু যীচুৱে তেওঁক উত্তৰ দি ক’লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও লিখা আছে।’’
তাৰ পিছত চয়তানে যীচুক জগতৰ সকলো ৰাজ্যক দেখুৱালে । আৰু সেইবোৰ কিমান শক্তিশালী আৰু ঐশ্বৰ্য্যশালী তাকো দেখুৱালে, আৰু যীচুক ক’লে তুমি যদি মূৰ দুৱাঁই মোৰ উপাসনা কৰা, মই তোমাক এই সকলো দিম।
যীচুৱে তেওঁক উত্তৰ দি ক’লে, গুচি যা চয়তান! কিয়নো শাস্ত্ৰত এই বুলিও লিখা আছে, “ তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু তেওঁৰেই আৰাধানা কৰা।”
যীচুৱে চয়তানৰ ফান্দত নপৰিল, সেয়েহে চয়তান তাৰ পৰা গুচি গ’ল। তাতে স্বৰ্গৰ দূত বোৰে আহি তেওঁক শুশ্ৰূষা কৰিলে।