unfoldingWord 42 - যীচু স্বৰ্গলৈ উলটি যোৱা
Översikt: Matthew 28:16-20; Mark 16:12-20; Luke 24:13-53; John 20:19-23; Acts 1:1-11
Skriptnummer: 1242
Språk: Assamese
Publik: General
Ändamål: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Status: Approved
Skript är grundläggande riktlinjer för översättning och inspelning till andra språk. De bör anpassas efter behov för att göra dem begripliga och relevanta för olika kulturer och språk. Vissa termer och begrepp som används kan behöva mer förklaring eller till och med ersättas eller utelämnas helt.
Manustext
ঈশ্বৰে যীচুক মৃত্যুৰ পৰা জীয়াই তোলা দিনা, তেওঁৰ দুজন শিষ্য ওচৰৰ নগৰ এখনলৈ গৈ আছিল ৷ তেওঁবিলাকে খোজ কাঢি গৈ থকাৰ অৱস্থাত, তেওঁলোকে যীচুৰ বিষয়ে আলোচনা কৰি আছিল ৷ তেওঁলোকে আশা কৰিছিল যে তেওঁ মচীহ হয়, পাছে তেওঁক বধ কৰা হল ৷ কিন্তু মহিলা সকলেকে কৈছে যে তেওঁ পুনৰায় জী উঠিছে ৷ এতিয়া কোনটো কথা তেওঁবিলাকে বিশ্বাস কৰিব তাক ধৰিব পৰা নাই ৷
যীচু তেওঁলোকৰ কাষলৈ আহিলে আৰু তেওঁলোকৰ সৈতে একে লগে খোজ কাঢ়িব ধৰিলে, কিন্তু তেওঁবিলাকে তেওঁক চিনি নাপালে ৷ তেওঁলোকে কি বিষয়ে কথা পাতিছে তাক তেওঁ সুধিলে ৷ তেওঁলোকে কিছুদিনৰ আগতে যীচুৰ লগত যি যি ঘটিছিল সেই সকলো কথা তেওঁক কলে ৷ তেওঁলোকে ভাবিলে যে এই মানুহজন যিৰূচালেমৰ বাহিৰৰ লোক হয়, যিয়ে এই ঘটনাৰ বিষয়ে একো নাজানে ৷
তাৰ পিছত যীচুৱে তেওঁলোকক মচীহৰ সম্বন্ধে ঈশ্বৰৰ বাক্য কি কৈছে সেই কথা বুজাই দিয়ে ৷ বহু আগতে ভাৱবাদী সকলে কৈছিল যে মচীহই মানুহৰ দ্বাৰাই শাস্তি লাভ কৰি মৃত্যু ভোগ কৰিব লাগিব ৷ কিন্তু ইয়াৰ লগতে ভাৱবাদী সকলে কৈছিল যে তিনিদিনৰ দিনা তেওঁ পুনৰায় জী উঠিব ৷
আৰু যি ঠাইলৈ বুলি তেওঁলোক আহিছিল, সেই ঠাইত উপস্থিত হল, তেতিয়া প্ৰায় সন্ধিয়া হৈছিল ৷ তেওঁলোকে যীচুক তেওঁলোকৰ সৈতে থাকিবৰ বাবে নিবেদন কৰিলে, তাতে তেওঁ তেওঁলোকৰ লগত ঘৰৰ ভিতৰলৈ গল ৷ ইয়াৰ পিছত তেওঁলোকে সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰিবৰ বাবে একে লগে বহিল ৷ যীচুৱে এটুকুৰা পিঠা লৈ ঈশ্বৰক ধন্যবাদ কৰিলে, আৰু তাক ভাঙিলে ৷ হঠাৎ তেওঁবিলাকে তেওঁক যীচু বুলি চিনি পালে ৷ কিন্তু সেই সময়তে তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা নাইকীয়া হৈ যায় ৷
লোক দুজনে ইজনে-সিজনক কলে, “সেইয়া যীচু আছিল ! সেয়েহে তেওঁ আমাক ঈশ্বৰৰ বাক্যৰ বুজনি দিয়াৰ সময়ত আমি উৎসাহিত হৈছিলো !” লগে লগে, তেওঁলোক তাৰ পৰা যিৰূচালেমলৈ বুলি ওলাই যায় ৷
শিষ্য সকলে কথা বতৰা হৈ থকাৰ সময়ত, যীচু তেওঁলোকৰ থকা কোঠালিত প্ৰবেশ কৰে ৷ তেওঁ কলে, “তোমালোকলৈ শান্তি হওঁক !” শিষ্য সকলে তেওঁক ভূত বুলি ভাবিলে, কিন্তু যীচুৱে কলে, “তোমালোকে কিয় ভয় কৰিছা ?” মইয়ে যে প্ৰকৃততে যীচু হয় ইয়াক তোমালোকে কিয় বিশ্বাস কৰা নাই ? মোৰ হাত আৰু ভৰি চোৱা ৷ ভূতৰ মোৰ দৰে শৰীৰ নাথাকে ৷ তেওঁ যে ভূত নহয় ইয়াৰ প্ৰমাণ দিবৰ বাবে তেওঁ খাবলৈ কিছু আহাৰ বিচাৰিলে ৷ তেওঁলোকে তেওঁক এটুকুৰা মাছ দিলে, আৰু তেওঁ তাক গ্ৰহণ কৰিলে ৷
যীচুৱে কলে, “মোৰ বিষয়ে ঈশ্বৰৰ বাক্যত যি যি কোৱা হৈছিল সেই সকলো ঘটিল, মইয়ো এই সকলো ঘটিব বুলি তোমালোকক আগেয়ে কৈছিলো ৷” ইয়াৰ পিছত যীচুৱে তেওঁবিলাকক ঈশ্বৰৰ বাক্যৰ পৰা আৰু অধিক বুজনি দিলে ৷ তেওঁ কলে, “বহু আগেয়ে, ভাৱবাদী সকলে লিখিছিল যে, মই মচীহই মানুহৰ পৰা শাস্তি পাব লাগিব আৰু মৰিব লাগিব আৰু ইয়াৰ পিছত তিনি দিনৰ পিছত পুনৰায় মৃত্যুৰ পৰা জী উঠিম ৷ ”
“লগতে ভাৱবাদী সকলে কৈছিল যে মোৰ শিষ্য সকলে ঈশ্বৰৰ বাৰ্ত্ত ঘোষণা কৰিব ৷ তেওঁভিলাকে সকলোকে মনপালটন কৰিবৰ বাবে ক’ব ৷ তেওঁলোকে যদি তেনে দৰে কৰে, ঈশ্বৰে তেওঁলোকৰ পাপ ক্ষমা কৰিব ৷ মোৰ শিষ্য সকলে এই বাৰ্তা যিৰূচালেমৰ পৰা আৰম্ভ কৰিব ৷ ইয়াৰ পিছত তেওঁলোকে জাগতৰ সকলো লোকৰ মাজলৈ এই বাৰ্তা লৈ যাব ৷ মোলৈ যি ঘটিল আৰু মই যি যি কলো আৰু কৰিলো সেই সকলোৰে তোমালোক সাক্ষ্য হৈছা ৷”
আৰু ইয়াৰ পিছত প্ৰায় চল্লিশ দিন যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত বহুবাৰ দেখা দিয়ে ৷ এবাৰ, তেওঁ একে লগে থকা প্ৰায় ৫০০ লোকৰ গোট এটাৰ আগত দেখা দিছিল ! তেওঁ যে জীয়াই আছে সেই কথাটো তেওঁৰ শিষ্য সকলৰ আগত বহু বাৰ প্ৰমাণ দিছিল, আৰু তেওঁলোকৰ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিছিল ৷
যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত কৈছিল, “স্বৰ্গ আৰু পৃথিবীৰ সকলো অধিকাৰ ঈশ্বৰে মোক দিছে ৷ সেয়েহে মই এতিয়া তোমালোকক কওঁ, যোৱা আৰু সকলো জাতিকে শিষ্য কৰা ৷ ইয়াক কৰিবলৈ যাওঁতে তোমালোকে পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে সকলোকে বাপ্তিষ্ম দিবা ৷ আৰু মই যি যি শিক্ষা তোমালোকক দিলো, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিকাবা ৷ মনত ৰাখিবা, মই সদায়ে তোমালোকৰ লগত আছো ৷”
মৃত্যুৰ পৰা জীয়াই উঠা চল্লিশ দিনৰ পিছত, তেওঁ শিষ্য সকলক কলে, “মোৰ পিতৃয়ে তোমালোকক শক্তি নিদিয়ালৈকে যিৰূচালেমতে থাকা ৷ তেওঁ তোমালোকে শক্তি পাবৰ বাবে পবিত্ৰ আত্মা পঠিয়াব ৷” ইয়াৰ পিছত যীচু স্বৰ্গলৈ উঠি যায়, আৰু ডাৱৰে তেওঁক মানুহবিলাকৰ চকুৰ পৰা ঢাকি দিয়ে ৷ যীচুৱে স্বৰ্গত ঈশ্বৰৰ সোঁ-হাতে বহি সকলো বিলাক বিষয় নিয়ন্ত্ৰণ কৰি আছে ৷