unfoldingWord 38 - যীচুক শত্ৰু হাতত শোধাই দিয়া
Përvijimi: Matthew 26:14-56; Mark 14:10-50; Luke 22:1-53; John 18:1-11
Numri i skriptit: 1238
Gjuhe: Assamese
Audienca: General
Qëllimi: Evangelism; Teaching
Veçoritë: Bible Stories; Paraphrase Scripture
Statusi: Approved
Skriptet janë udhëzime bazë për përkthimin dhe regjistrimin në gjuhë të tjera. Ato duhet të përshtaten sipas nevojës për t'i bërë të kuptueshme dhe relevante për çdo kulturë dhe gjuhë të ndryshme. Disa terma dhe koncepte të përdorura mund të kenë nevojë për më shumë shpjegime ose edhe të zëvendësohen ose të hiqen plotësisht.
Teksti i skenarit
প্ৰতি বছৰে, যিহূদী বিলাকে নিস্তাৰ পৰ্ব্ব পালন কৰে ৷ এই পৰ্ব্ব পালন কৰাৰ দ্বাৰাই তেওঁবিলাকে তেওঁবিলাকৰ উপৰি পুৰুষক ঈশ্বৰে কি দৰে মিচৰৰ পৰা উদ্ধাৰ কৰি আনিছিল সেই কথা সোঁৱৰণ কৰে ৷ যীচুৱে ৰাজহুৱাকৈ প্ৰচাৰ আৰু শিক্ষা দিয়া কালত তেওঁৰ শিষ্য সকলক নিস্তাৰ পৰ্ব্ব যিৰূচালেমত পালন কৰা আৰু তাত যে তেওঁক বধ কৰা হব সেই বিষয়ে কৈছিল৷
শিষ্য সকলৰ মাজত যিহূদা নামৰ যীচুৰ এজন শিষ্য আছিল ৷ তেওঁ পাঁচনি সকলৰ ধন ভঁৰালি আছিল আৰু প্ৰায়ে তাৰ পৰা ধন চুৰ কৰিছিল ৷ যীচু আৰু তেওঁ শিষ্য সকল যিৰূচালেমত উপস্থিত হোৱাৰ পিছত, যিহূদা যিহূদী সকলৰ ধৰ্ম্মীয় নেতা সকলক লগ ধৰিবৰ বাবে গল ৷ ধনৰ সলনি যীচুক তেওঁ তেওঁলোকৰ হাতত শোধাই দিবৰ বাবে তেওঁ মত প্ৰকাশ কৰিলে ৷ তেওঁ জানিছিল যে যিহূদী নেতা সকলে যীচুক উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ নকৰিব ৷ তেওঁবিলাকে যে তেওঁক বধ কৰিবৰ বাবে উপায় বিচাৰি আছে সেই কথা তেওঁ জানিছিল ৷
সেই ধৰ্ম্মীয় নেতা সকলৰ প্ৰধান পুৰোহিতে যিহূদাক যীচুক শোধাই দিয়াৰ বাবদ ডেৰ কুৰি ৰূপ দিয়ে ৷ ভাৱবাদীয়ে কোৱা কথা সিদ্ধ হবৰ বাবেই এইবোৰ হল ৷ যিহূদা সন্মত হল, ধন গ্ৰহণ কৰিল আৰু তাৰ পৰা গুচি গল ৷ তাৰ পিছৰ পৰা, তেওঁ তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিব ধৰিলে ৷
যিৰূচালেমত যীচুৱে তেওঁৰ শিষ্য সকলৰ সৈতে নিস্তাৰ পৰ্ব্ব পালন কৰিছিল ৷ সেই নিস্তাৰ পৰ্ব্বৰ ভোজৰ সময়ত, যীচুৱে পিঠা লৈ ভাঙি দি কলে, “লোৱা আৰু খোৱা ৷ এইয়ে মোৰ শৰীৰ, যি মই তোমালোকৰ বাবে অৰ্পণ কৰিছো ৷ মোক সোঁৱৰণ কৰিবৰ অৰ্থে ইয়াকে কৰিবা ৷” একেদৰে, যীচৱে কলে যে তেওঁ তেওঁবিলাকৰ অৰ্থে নিজৰ শৰীৰ বলি দিয়াৰ দ্বাৰাই মৃত্যু হব ৷
তাৰ পিছত যীচুৱে পানপাত্ৰ তুলি লৈ কলে, “ইয়াক পান কৰা ৷ মোৰ তেজৰ দ্বাৰাই হোৱা এয়া নতুন নিয়ম, যাতে ঈশ্বৰে তোমালোকক ক্ষমা দিব তাৰ বাবে ইয়াক মোৰ পৰা উলিওৱা হৈছে ৷ মই এতিয়া যি কৰিছো তাক তোমালোকে তাকে কৰিবা আৰু যিমান বাৰ এনে কৰিবা সিমানবাৰ মোক সোঁৱৰিবৰ কৰিবা ৷”
তাৰ পিছত যীচুৱে নিজৰ শিষ্য সকলক কৈছিল, “তোমালোকৰ মাজৰ এজনে মোক শত্ৰুৰ হাতত শোধাই দিব ৷” সেই কথা শুনি শিষ্য সকল আচৰিত হল, আৰু তেনে কাৰ্য্য কোন জনে কৰিব তাক জানিব বিচাৰিলে ৷ যীচুৱে উত্তৰ দি কলে, “যি জনক মই এই পিঠা দিম সেই জনেই মোক শত্ৰুৰ হাতত শোধাই দিব ৷” তাৰ পিছত তেওঁ যিহূদাক সেই পিঠা দিলে ৷
যিহূদাই সেই পিঠা ললে, আৰু চয়তান তেওঁত প্ৰবেশ কৰিলে ৷ তাৰ পিছত যিহূদা তাৰ পৰা ওলাই আহি যীচুক ধৰিবৰ বাবে সহায় কৰিবৰ উদ্দেশ্যে যিহুদী নেতা সকলৰ কাষলৈ ওলাই গল ৷
ভোজনৰ পিছত, যীচু আৰু শিষ্য সকল জৈতুন পৰ্ব্বতলৈ গল ৷ যীচুৱে কলে, “আজি ৰাতিয়েই তোমালোকে সকলোৱে মোক ত্যাগ কৰিবা ৷ এই বুলি লিখা আছে, ‘মই মেৰ ৰখীয়াক আঘাত কৰিম, তাতে জাকৰ মেৰবিলাক ছিন্ন-ভিন্ন হৈ যাব ৷ ’”
পিতৰে উত্তৰ দি কলে, “সকলোৱে আপোনাক ত্যাগ কৰিলেও, মই আপোনাক ত্যাগ নকৰিম !” তাতে যীচুৱে পিতৰক কলে, “চয়তানে তোমালোকক সকলোকে বশ কৰিব বিচাৰিব, কিন্তু মই সকলোৰে বাবে প্ৰাৰ্থনা কৰিছো, পিতৰ, বিশ্বাসত যেন তুমি পৰি নোযোৱা ৷ তথাপিও আজি ৰাতি, কুকুৰাই ডাক দিয়াৰ আগেয়ে, ‘তুমি মোক নাজানো’ বুলি তিনি বাৰ মিছা মাতিবা ৷”
তাতে পিতৰে যীচুক কলে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি মই আপোনাক অস্বীকাৰ নকৰিম!” আৰু সকলো শিষ্যই সেই কথাকে কলে ৷
ইয়াৰ পিছত গেৎচিমানী নামৰ এডোখৰ ঠাইলৈ যীচুৱে তেওঁ শিষ্য সকলৰ লগত গল ৷ চয়তানে যেন তেওঁবিলাকক পৰীক্ষাত নেপেলাব তাৰ বাবে যীচুৱে তেওঁবিলাকক প্ৰাৰ্থনা কৰিবৰ বাবে কলে ৷ তাৰ পিছত যীচুৱে অকলশৰীয়াকৈ প্ৰাৰ্থনা কৰিবৰ বাবে গল ৷
যীচুৱে তিনিবাৰ প্ৰাৰ্থনা কৰিলে, “হে মোৰ পিতৃ, যদি হব পাৰে, তেন্তে এই পান-পাত্ৰ মোৰ পৰা দূৰ হওঁক ৷ কিন্তু মানৱ জাতিৰ পাপ ক্ষমাৰ যদি আন কোনো পথ নাই তেনে হলে ইয়াক এই দৰে হবলৈ দিয়ক ৷” যীচুৱে সেই সময়ত অতিশয় শোকাকুল আৰু ব্যাকুল হৈছিল আৰু তেওঁৰ গাৰ ঘাম তেজৰ দৰে হৈছিল ৷ ঈশ্বৰে তেওঁক শান্তনা দিবৰ বাবে এজন দূত পঠিয়ালে ৷
প্ৰতিবাৰ প্ৰাৰ্থনাৰ অন্তত, যীচু তেওঁৰ শিষ্য কেইজনৰ কাষলৈ আহে, আৰু তেওঁবিলাক টোপনিত দেখা পায় ৷ আৰু তৃতীয় বাৰ তেওঁ উলটি আহিল, যীচুৱে কলে, “উঠা! মোক শোধাই দিয়াজন ওচৰ পালেহি ৷”
যিহূদাই যিহুদী নেতা, সৈন্য আৰু বহু লোকক লগত লৈ আহিল ৷ তেওঁলোকে নিজৰ লগত তৰোৱাল আৰু টাঙোন লৈ আনিছিল ৷ যিহূদা যীচুৰ ওচৰলৈ আহিলে আৰু কলে, “গুৰু প্ৰণাম,” আৰু তেওঁক চুমা খালে ৷ যিহুদী নেতা সকলে কোন জন ব্যক্তিক ধৰিব লাগিব তাৰ সংকেত দিবৰ বাবে তেওঁ তেনে কৰিলে ৷ তাৰ পিছত যীচুৱে কলে,“যিহূদা, তুমি মোক এটা চুমাৰে শত্ৰুৰ হাতত শোধাইছা নে ?”
সৈন্য সকলে যীচুক ধৰিবলৈ লোৱাৰ সময়ত, পিতৰে নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি কাণ কাটি পেলালে ৷ যীচুৱে কলে, “তোমালোকৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা ! মোৰ পিতৃক মোৰ সুৰক্ষাৰ বাবে স্বৰ্গদূতৰ বাহিনী পঠাবলৈ নিবেদন কৰিব নোৱাৰো বুলি ভাবিছা নে ? কিন্তু মই মোৰ পিতৃৰ বাধ্য হব লাগিব ৷” তাৰ পিছত যীচুৱে কাণত আঘাত পোৱা লোক জনক সুস্থ কৰিলে ৷ তাৰ পিছত তেওঁৰ আটাইকেইজন শিষ্য তাৰ পৰা পলাই গল ৷