Izberite jezik

mic

Deliti

Delite povezavo

QR code for https://globalrecordings.net/script/7982

unfoldingWord 35 - এজন মৰমীয়াল পিতৃৰ কাহিনী

unfoldingWord 35 - এজন মৰমীয়াল পিতৃৰ কাহিনী

Oris: Luke 15

Številka scenarija: 1235

Jezik: Assamese

Občinstvo: General

Namen: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Stanje: Approved

Skripte so osnovne smernice za prevajanje in snemanje v druge jezike. Po potrebi jih je treba prilagoditi, da bodo razumljive in ustrezne za vsako različno kulturo in jezik. Nekatere uporabljene izraze in koncepte bo morda treba dodatno razložiti ali pa jih bo treba celo zamenjati ali popolnoma izpustiti.

Besedilo scenarija

এদিন, যীচুৰ শিক্ষা শুনিবৰ বাবে বহু লোক গোট খাইছিল ৷ এই সকলৰ মাজত কৰতোলা আৰু লগতে মোচিৰ বিধান নমনা লোকো আছিল ৷

কিছুমান ধৰ্ম্মীয় লোকে যীচুক এই সকলৰ লগত বন্ধুৰ দৰে কথা পাতি থকা দেখিবলৈ পালে ৷ তাকে দেখি তেওঁবিলাকে ইজনে সিজনক কবলৈ ধৰিলে যে তেওঁ ভুল কৰিছে ৷তাকে শুনি যীচুৱে তেওঁলোকক এই কাহিনীটো কলে।

“এজন মানুহৰ দুজন পুতেক আছিল ৷ সৰু লৰাটোৱে বাপেকক কলে, ‘দেউতা, মোৰ ভাগৰ সম্পতিৰ যি ভাগ এতিয়াই মোক দিয়ক ! তাতে বাপেকে দুই পুতেকৰ মাজত সম্পতি ভগাই দিলে ৷’”

“তাতে সেই সৰু লৰাই তাৰ গোটেই সম্পতিৰ ভাগ লৈ দূৰ দেশলৈ গুচি গল আৰু অপকৰ্মৰ দ্বাৰা নিজৰ ধন অপব্যয় কৰিলে৷”

“ইয়াৰ পিছত, সেই সৰু লৰাজন থকা ঠাইত বৰ আকালে দেখা দিলে, আৰু আহাৰ কিনিবলৈ তাৰ হাতত ধন নোহোৱা হল ৷ তাতে সেই সময়ত গাহৰি দানা দিয়াৰ বাদে কোনো কাম বিচাৰি নাপাই তাকে কৰিবলৈ বাধ্য হয় ৷ তাতে তাৰ অৱস্থা ইমানেই বেয়া হল যে সি গাহৰিয়ে খোৱা দানা খাবৰ পৰিস্থিতিত পৰিল ৷”

“অৱশেষত, সেই সৰু পুতেকে নিজকে কলে, ‘এইয়া মই কি কৰি আছো ? মোৰ পিতৃৰ সকলো চাকৰে খাবলৈ যথেষ্ট আহাৰ আছে, আৰু মই ইয়াত ভোকতে মৰিছো ৷ মই মোৰ পিতৃৰ ঘৰলৈ উলটি যাওঁ আৰু মোকো তেওঁৰ এজন চাকৰৰ দৰে ৰাখিবৰ বাবে ক’ম ৷’”

“তাতে সেই সৰু পুতেকে নিজৰ পিতৃৰ ঘৰলৈ বুলি উলটি গল ৷ কিন্তু সি দূৰৈত থাকোঁতেই, তাৰ বাপেকে তাক দেখিলে আৰু তাৰ প্ৰতি মৰম জন্মিলে ৷ তেওঁ লৰি গ’ল আৰু নিজৰ পুতেকক সাৱটি ধৰিলে আৰু চুমা খালে ৷”

“পুতেকে কলে, ‘দেউতা, মই ঈশ্বৰৰ আৰু আপোনাৰ অহিতে পাপ কৰিলো ৷ মই আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ ৷’”

“পাছে তাৰ দেউতাকে এজন চাকৰক মাতি কলে, ‘সোনকালে যোৱা আৰু আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি মোৰ লৰাক পিন্ধোৱা ! ইয়াৰ হাতত আঙঠি আৰু ভৰিত জোতা পিন্ধোৱা ৷ আৰু ইায়াৰ পিছত পোহতোলা দামুৰিটো আনি মাৰা আৰু আমি ভোজন কৰি, ৰং কৰোঁহঁক, কিয়নো সি মৰিছিল, এতিয়া জী উঠিল! সি হেৰাইছিল, কিন্তু আমি তাক বিচাৰি পালো !’”

“তাতে তেওঁলোকে আনন্দ কৰিব ধৰিলে ৷ পাছে অলপ সময়ৰ পাছত সেই ডাঙৰ পুতেক পথাৰৰ পৰা আহি ঘৰৰ কাষ পালে ৷ সি ঘৰৰ ওচৰ পাই বাজনা আৰু নচাৰ শব্দ শুনি কি হৈছে বুলি ভাবিব ধৰিলে ৷”

“পাছে যেতিয়া ডাঙৰ পুতেকে জানিব পাৰিলে যে তাৰ ভায়েক ঘৰলৈ উলটি আহিছে আৰু সেয়েহে এনে দৰে আনন্দ উল্লাস কৰা হৈছে, তেতিয়া তাৰ অতিশয় খং উঠে আৰু ঘৰৰ ভিতৰলৈ নগল ৷ তেওঁৰ বাপেকে ওলাই আহি তাক বিনয় কৰি ভিতৰলৈ যাবৰ বাবে বুজালে, কিন্তু সি মান্তি নহল ৷”

“ডাঙৰ পুতেকে বাপেকক কলে, ‘মই ইমান বছৰ আপোনাৰ সেৱা কৰিলো ! মই কেতিয়াও আপোনাৰ অবাধ্য হোৱা নাই, কিন্তু তথাপিও আপুনি মোক মোৰ বন্ধু বিলাকৰ লগত ৰং কৰিবলৈ এটা সৰু ছাগলীও মাৰি খাবৰ বাবে নিদিলে ৷ কিন্তু আপোনাৰ এই সন্তানে আপোনাৰ সম্পতিৰ ভাগ অপকৰ্ম্মৰে অপচয় কৰিলে ৷ আৰু সি যেতিয়া উলটি আহিলে, তাৰ কাৰণে আপুনি উত্তম দামুৰীটো উললস কৰিবৰ অৰ্থে মৰিলে !’”

“বাপেকে উত্তৰ দি কলে, ‘মোৰ বোপাই, তুমি সদায়ে মোৰ লগত আছা, আৰু মোৰ যি সেই সকলো বিলাক তোমাৰেই ৷ কিন্তু আমি আনন্দ কৰা উচিত, কিয়নো তোমাৰ যি ভায়েৰা মৰিছিল, সি এতিয়া জীৱিত ৷ সি হেৰাইছিল, কিন্তু এতিয়া আমি তাক বিচাৰি পালো !’”

Povezane informacije

Besede življenja - Zvočna evangelijska sporočila v tisočih jezikih, ki vsebujejo biblijska sporočila o odrešenju in krščanskem življenju.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?