Vyberte jazyk

mic

zdieľam

Zdieľať odkaz

QR code for https://globalrecordings.net/script/7964

unfoldingWord 17 - ঈশ্বৰে দায়ুদৰ সৈতে নিয়ম স্থাপন কৰা

unfoldingWord 17 - ঈশ্বৰে দায়ুদৰ সৈতে নিয়ম স্থাপন কৰা

Obrys: 1 Samuel 10; 15-19; 24; 31; 2 Samuel 5; 7; 11-12

Číslo skriptu: 1217

Jazyk: Assamese

publikum: General

Účel: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Postavenie: Approved

Skripty sú základnými usmerneniami pre preklad a nahrávanie do iných jazykov. Mali by byť podľa potreby prispôsobené, aby boli zrozumiteľné a relevantné pre každú odlišnú kultúru a jazyk. Niektoré použité termíny a koncepty môžu vyžadovať podrobnejšie vysvetlenie alebo môžu byť dokonca nahradené alebo úplne vynechané.

Text skriptu

চৌল ইস্ৰায়েলৰ ৰজা হ’ল । ইস্ৰায়েল জাতিয়ে বিচৰা ধৰণেই চৌল এজন ওখ আৰু সুন্দৰ ব্যক্তি আছিল। তেওঁ কেৱল কেইবছৰ মানৰ বাবেহে এজন ভাল ৰজা হিচাপে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল। কিতনো পিছত তেওঁ এজন দুষ্ট মানুহলৈ সলনি হৈছিল যি জনে ঈশ্বৰৰ অবাধ্য আছিল, সেয়েহে ঈশ্বৰে তেওঁৰ সলনি আন এজন ব্যক্তিক ইস্ৰায়েল জাতিক ৰাজত্ব কৰিবৰ বাবে মনোনীত কৰিলে।

ঈশ্বৰে চৌলৰ পিছত দায়ুদ নামেৰে এজন ডেকা লৰাক ইস্ৰায়েল জাতিৰ ৰজা হ’বৰ নিমিত্তে যুগুত কৰিলে। দায়ুদ বৈঠৎলেহেম নগৰৰ এজন মেৰ ৰখীয়া আছিল। এটা সময়ত দায়ুদে নিজ পিতৃৰ ভেৰা চৰাই থাকোতে এটা সিংহ আৰু এটা ভালুকে আক্ৰমণ কৰিবলৈ আহোতে সিহঁতক বধ কৰিছিল। দায়ুদ এজন নম্ৰ আৰু ধাৰ্মিক লোক আছিল। তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল আৰু বাধ্য আছিল।

দায়ুদ যেতিয়া এজন ডেকা লৰা আছিল, সেই সময়তে তেওঁ গলিয়াথ নামৰ এজন বীৰৰ সৈতে যুদ্ধত অৱতিৰ্ণ হৈছিল। গলিয়াথ এজন সুদক্ষ সৈন্য আছিল। তেওঁ অতি শক্তিশালী আৰু প্ৰায় তিনি মিটাৰ ওখ আছিল! কিন্তু ঈশ্বৰে দায়ুদক সেই গলিয়াথক বধ কৰিবলৈ সহায় কৰিলে আৰু ইস্ৰায়েলক ৰক্ষা কৰিলে। ক্ৰমত দায়ুদ এজন সুদক্ষ সৈন্য হৈ পৰিল আৰু তেওঁ ইস্ৰায়েলৰ সৈন্য সকলক বহুতো যুদ্ধ ক্ষেত্ৰত নেতৃত্ব দি নিলে। লোক সকলে তেওঁৰ বহুতো প্ৰশংসা কৰিছিল।

লোক সকলে দায়ুদক ইমানেই ভাল পাইছিল তাকে দেখি চৌলে দায়ুদক ঈৰ্ষা কৰিছিল। অৱশেষত চৌলে দায়ুদক হত্যা কৰিবলৈ অভিসন্ধি কৰিলে, সেই বাবে দায়ুদে তেওঁ আৰু তেওঁৰ সৈন্য বিলাকৰ পৰা ৰক্ষা পাবলৈ অৰণ্যলৈ পলায়ন কৰিছিল। এদিনাখন, যেতিয়া চৌল আৰু তেওঁৰ সৈন্য বিলাকে দায়ুদক হত্যা কৰিবলৈ বিচাৰি আছিল চৌলে এটা গুহাৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু এই গুহাটোতে দায়ুদে আত্মগোপন কৰি আছিল অথচ চৌলে তেওঁৰ দেখি নাপালে। দায়ুদে চৌলৰ পিছফালেই আছিল আৰু তেওঁ চৌলৰ কাপোৰ এটুকুৰা কাটি ৰাখিছিল। পাছত, চৌলে সেই গুহাৰ পৰা ওলালত, দায়ুদে তেওঁৰ হাতত চৌলৰ বস্ত্ৰৰ টুকুৰাতো লৈ চৌলক চিঞৰি কলে ইয়াক চোৱা। তাতে চৌলে উপলদ্ধি কৰিব পাৰিলে যে, দায়ুদে তেওঁক মাৰি ৰজা হ’বল ইচ্ছা কৰা নাই।

কিছু দিনৰ পিছত, চৌলৰ যুদ্ধত মৃত্যু হ’ল, আৰু দায়ুদ ইস্ৰায়েলৰ ৰজা পদত অধিস্থিত হ’ল। তেওঁ এজন ভাল ৰজা আছিল সেয়ে লোক সকলৰ বাবেও তেওঁ প্ৰেমৰ পাত্ৰ আছিল। ঈশ্বৰে দায়ুদক আশীৰ্বাদ কৰিলে আৰু তেওঁ অনেক সফলতা অৰ্জন কৰিলে। দায়ুদে বহুতো যুদ্ধত অৱতিৰ্ণ হ’ল, আৰু ঈশ্বৰে তেওঁক ইস্ৰায়েলৰ শত্ৰুবোৰক পৰাজয় কৰাত সহায় কৰিলে। দায়ুদে যিৰূচালেম নগৰ অধিকাৰ কৰিলে আৰু তেওঁৰ ৰাজ্যৰ ৰাজধানী কৰিলে, তাতে তেওঁ বাস কৰি ৰাজ্যৰ শাসন কৰিলে।

দায়ুদে ইস্ৰায়েল জাতিয়ে ঈশ্বৰক আৰাধানা কৰিবৰ নিমিত্তে আৰু নৈবেদ্য সমূহ উৎসগ কৰিবৰ বাবে এক মন্দিৰ নিমান কৰিবলৈ ইচ্ছা কৰিলে। কিয়নো সেই সময়লৈকে অথাৎ ৪০০ বছৰলৈকে ইস্ৰায়েল জাতিয়ে আলোচনা কৰিবৰ অৰ্থে মোচিয়ে সজা তম্বুত ঈশ্বৰৰ আৰাধানা কৰি আছিল।

কিন্তু সেই ঠাইতে নাথন নামৰ এজন ভাৱবাদী আছিল। ঈশ্বৰে তেওঁ দায়ুদৰ ওচৰলৈ পঠিয়াই এই কথা কোৱালে, ‘‘ তুমি অনেক যুদ্ধ কৰিলা আৰু তাতে বহু ৰক্তপাত কৰিলা, সেয়েহে তুমি মোৰ নিমিত্তে মন্দিৰৰ সাজিব নোৱাৰা। এই মন্দিৰ তোমাৰ পুত্ৰই সাজিব। কিন্তু তথাপিও মই তোমাক অনেক আশীৰ্বাদ কৰিম। তোমাৰেই বংশৰ এজনে মোৰ লোক সকলক সদাকাললৈ ৰাজত্ব কৰিব!” দায়ুদৰ সেই বংশধৰ জনেই ক্ৰমাত মচিহ নামেৰে প্ৰখ্যাত হ’ব। মচিহ জন ঈশ্বৰৰ মনোনিত হ’ব, যি জনে লোক সমূহক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব।

দায়ুদে যেতিয়া নাথন ভাৱবাদীৰ এই কথা শুনিলে, তেওঁ ঈশ্বৰক ধন্যবাদ দিলে আৰু তেওঁৰ প্ৰশংসা কৰিলে। ঈশ্বৰেও তেওঁক সন্মানিত কৰিলে আৰু অনেক আশীৰ্বাদ কৰিলে । ঈশ্বৰে এই কাৰ্য্যবোৰ কেতিয়া কৰিব সেই বিষয়ে দায়ুদে নাজানিছিল। আমি এতিয়া জানিব পাৰিলো যে ইস্ৰায়েল জাতিয়ে মচিহ জনৰ আগমনৰ বাবে প্ৰায় ১০০০ বছৰ অপেক্ষা কৰিব লগা হ’ল।

দায়ুদে তেওঁৰ লোক সকলক বহু বছৰ কাল সু্ন্দৰকৈ ৰাজত্ব কৰিলে। তেওঁ ঈশ্বৰৰ বাধ্য হৈ থাকিল আৰু ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিলে। তথাপিও দায়ুদৰ জীৱনৰ শেষৰ বছৰ সমূহত তেওঁ ঈশ্বৰৰ বিৰুদ্ধে ভয়ানক পাপ কৰিলে।

এদিনাখন দায়ুদে তেওঁৰ ৰাজ প্ৰসাদৰ ওপৰত ফুৰি আছিল তেনেতে তেওঁ এগৰাকি সুন্দৰ নাৰীয়ে গাঁ ধুই থকা দেখ পালে। তেওঁ তাইক নাজানিছিল, কিন্তু তেওঁ তাইৰ নাম যে বেৎচিবা তাক জানিলে।

সেই ঠাইৰ পৰা চকু ঘূৰোৱাৰ সলনি তেওঁ কোনো এজনক তাইক তেওঁৰ ওচৰলৈ আনিবলৈ হুকুম দিলে। তেওঁ তাইৰ সৈতে শয়ন কৰি তাইক পুণৰ ঘৰলৈ পঠিয়াই দিলে। কিছু দিনৰ পিছত তাই দায়ুদলৈ এক সম্বাদ পঠিয়ালে যে তাই সন্তান সম্ভৱা হৈছে।

বেৎচিবাৰ স্বামীৰ নাম উৰিয়া আছিল। তেওঁ দায়ুদৰ এজন উত্তম সৈন্য আছিল। সেই সময়ত তেওঁ যুদ্ধ ক্ষেত্ৰত আছিল। তাতে দায়ুদে তেওঁ সেই ঠাইৰ পৰা মাতি পঠাই তেওঁৰ পত্নিৰ সৈতে থাকিবলৈ ক’লে। যিহেতু আন সৈন্য সকল যুদ্ধক্ষেত্ৰতে আছিল সেয়েহে তেওঁ যুদ্ধ ক্ষেত্ৰ এৰিবলৈ মন নকৰিলে। দায়ুদে তাকে জানি সেই যুদ্ধৰ সেনাধক্ষ্যক ক’লে যি ঠাইত শত্ৰু অধিক শক্তি সেই ঠাইলৈ তেওঁক প্ৰেৰণ কৰক তাতে সি মৰিব আৰু সেই দৰেই কৰা হ’ল, উৰিয়াই সেই যুদ্ধ ক্ষেত্ৰতে প্ৰাণ ত্যাগ কৰিলে।

উৰিয়াই যুদ্ধ ক্ষেত্ৰত মৰাৰ পিছত, দায়ুদে বেৎচিবাক বিয়া কৰালে। তাৰ পিছত তাই দায়ুদলৈ এটি সন্তান প্ৰসৱ কৰিলে। দায়ুদৰ এনে কাযৰ্য্যত ঈশ্বৰ অতিকৈ অসন্তুস্ত হ’ল, সেই বাবে ঈশ্বৰে নাথন ভাৱবাদীক পঠিয়াই দায়ুদক এই কথা কোৱালে যে তেওঁ এক ভয়ানক অপৰাধ কৰিলে । তাকে উপলদ্ধি কৰি দায়ুদে অনুতাপ কৰিলে আৰু ঈশ্বৰে তেওঁক ক্ষমা দান কৰিলে। তাৰ পিছত দায়ুদে এনেকি দুখৰ সময়তো গোটেই জীৱন ঈশ্বৰৰ বিশ্বাসী হৈ তেওঁৰ বাধ্য হ’ল।

কিন্তু দায়ুদৰ লৰা সন্তানটিৰ মৃত্যু হ’ল। এনেদৰে ঈশ্বৰে দায়ুদৰ মৃত্যু নোহোৱা পয্যন্ত শাস্তি দিলে, তেওঁৰ পৰিয়ালৰ কিছু লোক তেওঁৰ বিৰুদ্ধে উঠিল তাতে দায়ুদে তেওঁৰ অনেক শক্তি হেৰুৱালে। কিন্তু ঈশ্বৰে তেনে অৱস্থাতো দায়ুদলৈ প্ৰতিজ্ঞা কৰাৰ দৰেই সকলো কৰ্ম কৰিলে যদিও দায়ুদে তেওঁৰ অবাধ্য হ’ল। পিছত, দায়ুদ আৰু বেৎচিবাৰ আন এটি পুত্ৰ সন্তান জন্ম হ’ল আৰু তেওঁলোকে তেওঁৰ নাম চলোমন থলে।

Súvisiace informácie

Slová života - Zvukové evanjeliové posolstvá v tisíckach jazykov obsahujúce biblické posolstvá o spáse a kresťanskom živote.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?