භාෂාවක් තෝරන්න

mic

බෙදාගන්න

සබැඳිය බෙදාගන්න

QR code for https://globalrecordings.net/script/as/1237

unfoldingWord 37 - যীচুৱে মৃত লাজাৰক জীউৱা

unfoldingWord 37 - যীচুৱে মৃত লাজাৰক জীউৱা

දළ සටහන: John 11:1-46

ස්ක්‍රිප්ට් අංකය: 1237

භාෂාව: Assamese

ප්‍රේක්ෂකයින්: General

අරමුණ: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

තත්ත්වය: Approved

ස්ක්‍රිප්ට් යනු වෙනත් භාෂාවලට පරිවර්තනය කිරීම සහ පටිගත කිරීම සඳහා මූලික මාර්ගෝපදේශ වේ. ඒවා එක් එක් විවිධ සංස්කෘතීන්ට සහ භාෂාවන්ට තේරුම් ගත හැකි සහ අදාළ වන පරිදි අවශ්‍ය පරිදි අනුගත විය යුතුය. භාවිතා කරන සමහර නියමයන් සහ සංකල්ප සඳහා වැඩි පැහැදිලි කිරීමක් නැතහොත් ප්‍රතිස්ථාපනය කිරීම හෝ සම්පූර්ණයෙන්ම ඉවත් කිරීම අවශ්‍ය විය හැකිය, .

ස්ක්‍රිප්ට් පෙළ

লাজাৰ নামৰ এজন লোক আছিল ৷ তেওঁৰ মৰিয়ম আৰু মাৰ্থ নামৰ দুগৰাকী বায়েক আছিলে ৷ তেওঁলোক আটায়ে যীচুৰ বন্ধু আছিল ৷এদিনাখন, যীচুক কোনো এজনে লাজাৰ নৰিয়াত পৰি থকা বুলি জনালে ৷ যেতিয়া যীচুৱে সেই কথা শুনিলে, তেতিয়াই তেওঁ কলে, এই ৰোগ লাজাৰৰ মৃত্যুলৈ নহয় কিন্তু ঈশ্বৰৰ মহিমাম্বিত হবলৈহে হৈছে৷”

যীচুৱে তেওঁৰ বন্ধু সকলক প্ৰেম কৰিছিল, কিন্তু তেওঁ তাত আৰু দুদিন অপেক্ষা কৰিলে ৷ তাতে দুদিনৰ পিছত, তেওঁ তেওঁৰ শিষ্য সকলক কলে, ‘বলা যিহূদিয়লৈ যাওঁ ৷” শিষ্য সকলে উত্তত কলে, “কিন্তু গুৰু, অলপ সময়ৰ আগলৈকে মানুহবিলাকে আপোনাক বধ কৰিবলৈ বিচাৰি আছিল” !যীচুৱে কলে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, আৰু মই তেওঁক টোপনিৰ পৰা জগাব লাগিব ৷”

যীচুৰ শিষ্য কেইজনে উত্তৰ দিলে, “গুৰু, যদি লাজাৰ টোপনি গৈছে, তেন্তে তেওঁৰ ভালেই হব ৷” তাৰ পিছত যীচুৱে তেওঁবিলাকক কলে, “লাজাৰৰ মৃত্যু হৈছে ৷ মই যে তাত অনুপস্থিত আছিলোঁ, ইয়াতে মই তোমালোকৰ নিমিত্তে আনন্দ কৰিছোঁ, যাতে তোমালোকে মোত বিশ্বাস কৰা ৷ ”

যীচু যেতিয়া লাজাৰ থকা নগৰ পালেগৈ, তেতিয়া লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছিল ৷ মাৰ্থাই যীচুক লগ ধৰিবলৈ ওলাই আহিল আৰু কলে, “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলে হয় ৷ কিন্তু এতিয়াও ঈশ্বৰৰ আগত আপুনি যিহকে বিচাৰে কৰিব ঈশ্বৰে তাকে আপোনাক দিব, ইয়াক মই বিশ্বাস কৰোঁ ৷”

যীচুৱে উত্তৰ দিলে, “ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীৱ ৷ যি কোনোৱে মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব ৷ তুমি এই কথা বিশ্বাস কৰিছানে ? ”মাৰ্থা উত্তৰ দি কলে, “হয়, প্ৰভু ! আপুনিয়েই যে ঈশ্বৰৰ পুত্ৰ সেই অভিষিক্ত জনা, ইয়াক বিশ্বাস কৰিছো ৷”

তাৰ পিছত মৰিয়ম তাত উপস্থিত হল ৷ তাই যীচুৰ ভৰিত পৰি কলে, “প্ৰভু, আপুনি ইয়াত থকা হলে, মোৰ ভাই নমৰিলহেঁতেন ৷” যীচুৱে তেওঁবিলাকক কলে, “তোমালোকে লাজাৰক ক’ত ৰাখিছা ?”সিঁহতে কলে, “মৈদামত ৷ আহক আৰু চাওঁক ৷” তাতে যীচুৱে ত্ৰুন্দন কৰিলে ৷

সেই মৈদাম এটা গুহা আৰু তাৰ মুখতে এচটা শিল আছিল ৷ যেতিয়া যীচু সেই মৈদামত উপস্থিত হল, তেওঁ তেওঁবিলাকক কলে, “শিলচটা আঁতৰাই দিয়া ৷” কিন্তু মাৰ্থাই কলে, “এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি চাৰি দিন হল ৷”

যীচুৱে কলে, “মোত বিশ্বাস কৰিলে তোমালোকে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা, এই কথা মই কোৱা নাছিলোনে ?” তাতে তেওঁবিলাকে সেই শিলছটা আঁতৰাই পেলালে ৷

তাৰ পিছত যীচুৱে স্বৰ্গৰ ফালে চাই কলে, “পিতৃ, মোৰ নিবেদন শুনাৰ কাৰণে মই তোমাৰ স্তুতি কৰোঁ ৷ মই জানো যে তুমি মোৰ নিবেদন সদায়ে শুনি আছা, কিন্তু তুমি যে মোক পঠালা এই কথা ইয়াত থিয় হৈ থকা লোক সকলে যেন বিশ্বাস কৰে এই নিমিত্তে কৈছো ৷” ইয়াৰ পিছত যীচুৱে চিঞৰী কলে, “লাজাৰ বাহিৰলৈ আহা !”

তাতে লাজাৰ বাহিৰলৈ ওলাই আহিল ! তেতিয়াও তেওঁ সেই মৈদামৰ কাপোৰেৰে বন্ধা হৈ আছিল ৷ যীচুৱে তেওঁলোকক কলে, “মৈদামৰ কাপোৰ খুলিবৰ বাবে তেওঁক সহায় কৰি তেওঁক মুকলি কৰা ৷” সেই আচৰিত কাৰ্য্যৰ বাবে বহুতো যিহূদী লোকে যীচুত বিশ্বাস কৰিলে ৷

পাছে যিহূদী সকলৰ ধৰ্ম্মীয় নেতা সকল যীচুৰ প্ৰতি ক্ৰোধিত হল, আৰু তেওঁলোকে যীচু আৰু লাজাৰক বধ কৰিবৰ পৰিকল্পনা কৰিবৰ বাবে এক গোট হল ৷

අදාළ තොරතුරු

ජීවිතයේ වචන - ගැළවීම සහ කිතුනු ජීවිතය පිළිබඳ බයිබලය මත පදනම් වූ පණිවිඩ අඩංගු දහස් ගණනක භාෂාවලින් ශ්‍රව්‍ය ශුභාරංචි පණිවිඩ.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons