Выберите язык

mic

Поделиться

Поделиться ссылкой

QR code for https://globalrecordings.net/script/7976

unfoldingWord 29 - এজন নিৰ্দয় দাসৰ কাহিনী

unfoldingWord 29 - এজন নিৰ্দয় দাসৰ কাহিনী

План-конспект: Matthew 18:21-35

Номер текста: 1229

Язык: Assamese

Aудитория: General

Цель: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

статус: Approved

Сценарии - это основные инструкции по переводу и записи на другие языки. Их следует при необходимости адаптировать, чтобы сделать понятными и актуальными для каждой культуры и языка. Некоторые используемые термины и концепции могут нуждаться в дополнительном пояснении или даже полностью замещаться или опускаться.

Текст программы

এদিনাখন পিতৰে যীচুক সুধিলে, “গুৰু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম ? সাতবাৰলৈকে নে?” যীচুৱে উত্তৰ দি কলে, “সাতবাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু সত্তৰ গুণ সাতবাৰলৈকে ৷” তাৰ মানে যীচুৱে কয় যে আমি সকলো সময়তে ক্ষমা কৰিব লাগে৷ তাৰ পচতে যীচুৱে এই কাহিনিটি কবলৈ ধৰিলে৷

যীচুৱে কলে, “স্বৰ্গৰাজ্য লেখ-বুজ কৰিব খোজা এজন ৰজাৰ লগত তুলনা কৰিব পাৰি ৷ তেওঁ লেখ-বুজ কৰি জানিলে যে তেওঁৰ এজন দাসে তেওঁক দহ হাজাৰ ৰূপৰ ধৰুৱা হৈ আছে ৷”

কিন্তু দাস জনে সেই ধাৰ পৰিশোধ কৰিব পৰা নাই, গতিকে ৰজাই তেওঁক কলে, “তোমাৰ লৰা তিৰোতা আদি সৰ্ব্বস্ব বেচি এই ধাৰ পৰিশোধ কৰা ৷”

“তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি কলে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম ৷’ তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত, তেওঁ তেওঁক মুক্ত কৰিলে, আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে ৷”

“কিন্তু সেই দাসে বাহিৰলৈ গৈ, তেওঁৰ এশ আধলিৰ ধৰুৱা এজন সহদাসক পাই তেওঁক ধৰি, ডিঙিত টেপা দি কলে, ‘তোৰ পৰা মই পাবলগীয়াখিনি দে!’”

“তাতে তেওঁৰ সহদাসে দণ্ডৱতে কাবৌ কৰি কলে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম ৷ ’ কিন্তু তেওঁ সন্মত নহৈ, দিব লগীয়াখিনি পৰিশোধ নকৰামানলৈকে, তেওঁক বন্দীশালত সুমুৱাই থলে ৷”

“তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি, অতিশয় দুঃখিত হল ৷ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ, যি যি ঘটিল, সেই সকলোকে জনালে ৷”

“তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই কলে, হেৰ দুষ্ট দাস, তই মোক কাবৌ কৰাত, মই তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ ৷ তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে ? তেতিয়া ৰজাৰ এনে খং উঠিল যে দিব লগীয়া আটাইখিনি পৰিশোধ নকৰামানলৈকে. তেওঁক কাৰাগাৰত সমোৱাই থলে৷”

তাৰ পিছত যীচুৱে কলে, “তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব ৷”

Схожая информация

Слова Жизни - Аудиопослания Евангелия на тысячах языков, содержащие библейские послания о спасении и христианской жизни.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?