unfoldingWord 11 - নিস্তাৰ পৰ্ব্ব
Zarys: Exodus 11:1-12:32
Numer skryptu: 1211
Język: Assamese
Publiczność: General
Zamiar: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Status: Approved
Skrypty to podstawowe wytyczne dotyczące tłumaczenia i nagrywania na inne języki. Powinny być dostosowane w razie potrzeby, aby były zrozumiałe i odpowiednie dla każdej kultury i języka. Niektóre użyte terminy i pojęcia mogą wymagać dodatkowego wyjaśnienia, a nawet zostać zastąpione lub całkowicie pominięte.
Tekst skryptu
ঈশ্বৰে মোচি আৰু হাৰোনক ফৌৰণৰ ওচৰলৈ গৈ এই কথা কোৱালে যে, ইস্ৰায়েল লোক সকলক মিচৰৰ পৰা যাবলৈ দিয়া। তেওঁলোকে ইয়াকো ক’লে যে, যদি এই কথাত এইবাৰো অমান্তি হয়, তেন্তে ঈশ্বৰে মিচৰৰ লোক সকলৰ সকলো প্ৰথমে জন্মা লৰা বা পশুবোৰ মাৰিব। ফৌৰণে কিন্তু এই কথা বিশ্বাস নকৰিলে আৰু ঈশ্বৰৰ বাধ্য নহল।
ঈশ্বৰে যি সকলে তেওঁক বিশ্বাস কৰে সেই সকলক এই উৎপাতৰ পৰা সাৰিবলৈ উপায় প্ৰদান কৰিলে। এই উপায় হ’ল প্ৰতিটো পৰিয়ালে এটা নিখুত মেৰ মাৰিব লাগে।
ঈশ্বৰে সেই মেৰৰ তেজ ইস্ৰায়েল লোক সমূহৰ ঘৰৰ দুৱাৰৰ চৌকাঠত লগাবলৈ ক’লে। আৰু সেই মাংস পুৰি, তাক অতি সোনকালে খমিৰ নিদয়া পিঠাৰ সৈতে খাবলৈ ঈশ্বৰে আজ্ঞা কৰিলে। তেওঁ আৰু কলে, সেই আহাৰ খোৱাৰ পিছতে শীঘ্ৰে তেওঁলোকে মিচৰ দেশ এৰি যাবলৈ প্ৰস্ত্তত হৈ থাকিব।
ইস্ৰায়েলৰ লোক সকলে ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই সকলো কৰিলে। ৰাতিৰ মাজভাগত, ঈশ্বৰে মিচৰৰ সকলো প্ৰথমে জন্মা লৰা সন্তান বিলাকক মাৰি নিশেষ কৰিলে।
যিহেতু, ইস্ৰায়েলৰ লোক সকলৰ ঘৰৰ চৌকাঠ বোৰত তেজ লাগি আছিল, সেয়েহ ঈশ্বৰে সেই ঘৰ বোৰৰ ওপৰেদি পাৰ হৈ গ’ল। আৰু লোক সকলে ঘৰৰ ভিতৰত থাকি ৰক্ষা পালে৷ তেওঁলোকে ৰক্ষা পালে কেৱল মেৰৰ তেজৰ বাবেহে।
কিন্তু মিচৰৰ লোক সকলে ঈশ্বৰত বিশ্বাস নকিৰলে বা ঈশ্বৰৰ বাধ্য নহ’ল। সেয়েহে ঈশ্বৰে তেওঁলোকৰ ঘৰৰ এৰি নগ’ল। ঈশ্বৰে মিচৰৰ লোক সকলৰ প্ৰথমে জন্মা সকলো লৰা সন্তানক মাৰিলে।
মিচৰৰ সকলো প্ৰথমে জন্মা লৰাবোৰ মৰিল, সেয়েহে সকলো ঠাইতে ইজিপ্তৰ লোক সকলে শোকত ম্ৰিয়মান হৈ ইনাই-বিনাই ক্ৰন্দন কৰি থাকিল ।
সেই একেই ৰাতিয়ে, ফৌৰণে মোচি আৰু হাৰোনক মাতি ক’লে, ‘‘ ইস্ৰায়েল জাতিক লৈ ইজিপ্তৰ পৰা অতি শীঘ্ৰে যোৱা” একেদৰে ইজিপ্তৰ লোক সকলেও ইস্ৰায়েল লোক সকলক তৎক্ষনাত মিচৰৰ এৰি যাবলৈ নিবেদন কৰিলে।