Velg et språk

mic

Dele

Dele lenke

QR code for https://globalrecordings.net/script/7996

unfoldingWord 49 - ঈশ্বৰৰ নতুন নিয়ম

unfoldingWord 49 - ঈশ্বৰৰ নতুন নিয়ম

Disposisjon: Genesis 3; Matthew 13-14; Mark 10:17-31; Luke 2; 10:25-37; 15; John 3:16; Romans 3:21-26, 5:1-11; 2 Corinthians 5:17-21; Colossians 1:13-14; 1 John 1:5-10

Skriptnummer: 1249

Språk: Assamese

Publikum: General

Hensikt: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Status: Approved

Skript er grunnleggende retningslinjer for oversettelse og opptak til andre språk. De bør tilpasses etter behov for å gjøre dem forståelige og relevante for hver kultur og språk. Noen termer og begreper som brukes kan trenge mer forklaring eller til og med erstattes eller utelates helt.

Skripttekst

এজন দূতে মৰিয়ম নামৰ এগৰাকী যুৱতীক কলে, যে তাই ঈশ্বৰৰ পুত্ৰক জন্ম দিব ৷ তাই তেতিয়াও কুমাৰী হৈয়ে আছিল, কিন্তু পবিত্ৰ আত্মা তাইৰ ওপৰলৈ আহিল আৰু তেওঁ গৰ্ভৱতী হয় ৷ তাই এজন পুত্ৰ সন্তান জন্ম দিয়ে আৰু তেওঁৰ নাম যীচু থলে ৷ গতিকে, যীচু ঈশ্বৰ আৰু মানুহ উভয়ে হয় ৷

যীচুৱে অনেক আচৰিত কাৰ্য্য কৰিছিল যাৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয় ৷ তেওঁ পানীৰ ওপৰত খোজ কাঢিছিল আৰু ধুমুহা বতাহক শান্ত কৰিছিল ৷ তেওঁ লোক সকলৰ পৰা বেয়া আত্মা খেদিছিল আৰু তেওঁলোকৰ ৰোগৰ পৰা সুস্থতা প্ৰদান কৰিছিল ৷ তেওঁ মৰা মানুহক জীৱন দিছিল আৰু পাঁচটা পিঠা আৰু দুটি মাছাৰে পাঁচ হাজাৰ মানুহক খুৱাইছিল ৷

যীচু এজন মহান শিক্ষকো আছিল ৷ তেওঁ শিক্ষা সমূহ সদায়ে নিৰ্ভুল আৰু নিখুত আছিল ৷ লোকসমূহে তেওঁৰ শিক্ষা মানি চলিব লাগে কিয়নো তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল ৷ তেওঁ সকলো মানুহকে নিজৰ নিচিনাকৈ প্ৰেম কৰিবৰ বাবে শিকাইছিল ৷

তেওঁ ইয়াকো শিক্ষা দিছিল যে সকলোতকৈ, আনকি আমাৰ সম্পতিতকৈ, ঈশ্বৰক আধিক প্ৰেম কৰিবলৈ৷

যীচুৱে কৈছিল যে জগতৰ সকলো বিষয়তকৈ ঈশ্বৰৰ ৰাজ্যৰ উত্তম হয় ৷ ঈশ্বৰে আমাক আমাৰ পাপ সমূহৰ পৰা উদ্ধাৰ কৰাৰ দ্বাৰাই আমি তেওঁৰ ৰাজ্যত নিবাস কৰিবলৈ পাম ৷

যীচুৱে কৈছিল যে কিছুমান লোকে তেওঁক গ্ৰহণ কৰিব ৷ ঈশ্বৰে সেই লোকসকলক উদ্ধাৰ কৰিব ৷ কিন্তু, কিছুমান মানুহে তেওঁক গ্ৰহণ নকৰিব ৷ তেওঁ লগতে কৈছিল যে কিছুমান লোক সাৰুৱা মাটিৰ দৰে, কিয়নো তেওঁলোকে যীচু খ্ৰীষ্টৰ শুভবাৰ্তাক গ্ৰহণ কৰে আৰু ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰে ৷ ঈশ্বৰৰ বাক্য বাটৰ কাষত পৰা কঠিয়া স্বৰূপ, পাছে তাৰ পৰা একো উৎপন্ন নহয় ৷ এই লোক সকলে যীচুৰ শুভবাৰ্তা অগ্ৰাস্য কৰে ৷ তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত সোমাবৰ বাবে অমান্তি হল ৷

যীচুৱে শিকাইছিল যে ঈশ্বৰে পাপীক প্ৰেম কৰে ৷ তেওঁ তেওঁলোকক ক্ষমা কৰিব বিচাৰে আৰু নিজৰ সন্তান কৰিব খোজে ৷

যীচুৱে আৰু শিকাইছিল যে ঈশ্বৰে পাপ ঘিণ কৰে ৷ আদম আৰু হৱাই যিহেতু পাপ কৰিলে, সেয়েহে তেওঁৰ বংশৰ সকলোৱে পাপ কৰিলে ৷ এই পৃথিবীৰ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ পৰা পৃথক হ’ল ৷ সকলোৱে ঈশ্বৰৰ শত্ৰু হ’ল ৷

কিন্তু ঈশ্বৰে পৃথিবীৰ সকলোকে এনে ধৰণে প্ৰেম কৰে: যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে তেওঁত বিশ্বাস কৰা সকলক ঈশ্বৰে শাস্তি নিদিব ৷ ইয়াৰ সলনি তেওঁলোকে অনন্ত জীৱন লাভ কৰিব ৷

আপুনি আপোনাৰ পাপৰ বাবে মৃত্যুজনক শাস্তি পোৱাৰ যোগ্য আছিলে ৷ তেওঁ আমাৰ ওপৰত খং উঠা অধিকাৰ আছিল, কিন্তু ইয়াৰ সলনি তেওঁৰ ক্ৰোধৰ ভাৰ যীচুৱে গ্ৰহণ কৰিলে ৷ তেওঁ যীচুক ক্ৰুচত বধ কৰাৰ দ্বাৰাই শাস্তি বিহিলে ৷

যীচুৱে কেতিয়াও পাপ কৰা নাছিল, কিন্তু তেওঁক শাস্তি বিহিবৰ বাবে ঈশ্বৰে তেওঁক অনুমতি দিলে ৷ তেওঁ মৰিবৰ বাবে সাজু হল ৷ আৰু ইয়াৰ দ্বাৰাই, তেওঁ আমাৰ পাপৰ ভাৰ লবৰ বাবে এক নিখূত বলি স্বৰূপ হল ৷ যীচুৱে নিজকে ঈশ্বৰৰ উদ্দেশ্যে বলি হল, যাৰ বাবে সকলো ধৰণৰ পাপ ঈশ্বৰে ক্ষমা কৰিব ৷

আপুনি অনেক ধৰণৰ ভাল কাম কৰিলেও ঈশ্বৰে আপোনাক ৰক্ষা নকৰিব ৷ কিয়নো এনে কোনো কাম নাই যাৰ দ্বাৰাই আপুনি তেওঁৰ বন্ধু হব পাৰিব ৷ কিন্তু আপুনি যীচুক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰি, তেওঁ যে আপোনাৰ পাপৰ বাবে মৰিলে আৰু ঈশ্বৰে পুনৰ তেওঁক জীয়াই তুলিলে ইয়াক বিশ্বাস কৰিব লাগিব ৷ যদিহে আপুনি ইয়াত বিশ্বাস কৰে, তেনে হলে ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিব ৷

যীচুত বিশ্বাস কৰা আৰু তেওঁক নিজৰ হৃদয়্ত প্ৰভু বুলি গ্ৰহণ কৰা সকলোকে ঈশ্বৰে উদ্ধাৰ কৰিব ৷ পাছে তেওঁত বিশ্বাস নকৰা সকলক তেওঁ ৰক্ষা নকৰিব ৷ আপুনি ধনীয়ে হওঁক বা দুখীয়া হওঁক, পুৰুষ বা মহিলা হওঁক, ডেকা বা বয়সীয়াল হওঁক, সেয়া কোনো কথা নহয় ৷ ঈশ্বৰে আপোনাক প্ৰেম কৰে আৰু আপুনি যীচুত বিশ্বাস কৰাটো তেওঁ বিচাৰে যাতে তেওঁ আপোনাৰ বন্ধু হব পাৰিব ৷

যীচুত বিশ্বাস কৰি বাপ্তিস্ম লবৰ বাবে তেওঁ আপোনাক মাতি আছে ৷ যীচু যে উদ্ধাৰকৰ্তা হয় আৰু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয় এই কথা আপুনি বিশ্বাস কৰে নে ? আপুনি নিজকে পাপী বুলি আৰু ঈশ্বৰৰ পৰা শাস্তি পাবৰ যোগ্য বুলি বিবেচনা কৰেনে ? যীচুৱে আপোনাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ক্ৰুচত বলি হ’ল ?

যীচুৱে আপোনাৰ বাবে যি কৰিলে তাত আপুনি যদি বিশ্বাস কৰে, তেনে হলে আপুনি এজন খ্ৰীষ্টিয়ান ! চয়তানে আৰু আপোনাৰ ওপৰত প্ৰভূত্ব কৰিব নোৱাৰিব ৷ এতিয়া ঈশ্বৰে তেওঁৰ পোহৰৰ ৰাজ্যৰত আপোনালোকক পৰিচালনা কৰিছে ৷ ঈশ্বৰে আপোনাক আগৰ দৰে পাপ কৰিবলৈ নিদিব ৷ তেওঁ আপোনাক এক নতুন আৰু শুদ্ধ জীৱন ধাৰণৰ পথ দিব ৷

যদি আপুনি খ্ৰীষ্ট অনুগামী হয়, তেনে হলে যীচুৱে আপোনাৰ বাবে যি কৰিলে তাৰ বাবে ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিলে ৷ এতিয়া, ঈশ্বৰে আপোনাক শত্ৰু হিচাপে নহয় কিন্তু এজন ওচৰৰ বন্ধু হিচাপে গ্ৰহণ কৰিছে ৷

যদিহে আপুনি ঈশ্বৰৰ বন্ধু হয় আৰু প্ৰভূ যীচুৰ দাস হয়, তেনে হলে আপুনি যীচুৰ শিক্ষা পালন কৰিব ৷ আপুনি খ্ৰীষ্টক গ্ৰহন কৰাৰ পাছতো চয়তানে আপোনাক পৰীক্ষাত পেলাব পাৰে ৷ পাছে ঈশ্বৰে যেনে দৰে কৈছে তেনে দৰে সকলো সময়তে আপোনালৈ কৰিব ৷ তেওঁ কৈছে, যদিহে আমি আমাৰ পাপ সমূহ স্বীকাৰ কৰোঁ, তেওঁ আমাৰ পাপ সমূহ ক্ষমা কৰিব ৷ পাপৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তেওঁ আপোনাক শক্তি যোগাব ৷

ঈশ্বৰে আপোনাক তেওঁৰ বাক্য অধ্যায়ন আৰু প্ৰাৰ্থনা কৰিবৰ বাবে কৈছে ৷ লগতে তেওঁ আপোনাক আন আন খ্ৰীষ্টিয় বিশ্বাসী সকলৰ সৈতে ঈশ্বৰৰ আৰাধনা কৰিব কৈছে ৷ আপোনাৰ বাবে তেওঁ কি কৰিলে সেই কথা আপুনি আনৰ আগত কব লাগে ৷ আপুনি যদি এই সকলো কৰিছে, তেনে হলে আপুনি তেওঁৰ প্ৰকৃত বন্ধু হব পাৰিব ৷

Relatert informasjon

Livets ord - Lydbudskap i evangeliet på tusenvis av språk som inneholder bibelbaserte budskap om frelse og kristen livsstil.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?