unfoldingWord 43 - মণ্ডলীৰ আৰম্ভণী
Disposisjon: Acts 1:12-14; 2
Skriptnummer: 1243
Språk: Assamese
Publikum: General
Hensikt: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Status: Approved
Skript er grunnleggende retningslinjer for oversettelse og opptak til andre språk. De bør tilpasses etter behov for å gjøre dem forståelige og relevante for hver kultur og språk. Noen termer og begreper som brukes kan trenge mer forklaring eller til og med erstattes eller utelates helt.
Skripttekst
যীচু স্বৰ্গলৈ উলটি যোৱাৰ পিছত, যীচুৱে তেওঁলোকক যেনে দৰে কৈছিল সেই দৰে তেওঁলোক যিৰূচালেমতে থাকিল ৷ সেই সময়ত যীচুক বিশ্বাস কৰা বিশ্বাসী সকলে প্ৰায়ে প্ৰাৰ্থনাৰ বাবে এক লগ হৈছিল ৷
প্ৰতি বছৰে, নিস্তাৰ পৰ্ব্বৰ ৫০ দিনৰ পিছত, যিহুদী সকলে পঞ্চাশ দিনীয়া পৰ্ব্ব পালন কৰি আহিছিল ৷ সেই সময়ত পৃথিবীৰ সকলো স্থানৰ যিহূদী সকল যিৰূচালেমত এক লগ হৈ পঞ্চাশ দিনীয়া পৰ্ব্ব উদযাপন কৰে ৷ সেই বাৰো যীচু স্বৰ্গলৈ যোৱাৰ এক সপ্তাহৰ পিছতে সেই পৰ্বৰ দিন উপস্থিত হয় ৷
যীচুৰ বিশ্বাসী সকল যেতিয়া একে লগে আছিল, তেতিয়া তেওঁবিলাক থকা ঘৰটোত এক প্ৰচণ্ড শব্দৰে বতাহ প্ৰৱেশ কৰিলে ৷ ইয়াৰ পিছত জুইৰ শিখাৰ দৰে কোনো বস্তু তাত উপস্থিত থকা প্ৰতিজনৰ মূৰৰ ওপৰত স্থিতি লয় ৷ তাতে তেওঁবিলাক আটায়ে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয় আৰু আন আন ভাষাৰে ঈশ্বৰৰ প্ৰশংসা কৰিব ধৰে ৷ এই ভাষা সমূহ কবৰ বাবে তেওঁবিলাকক পবিত্ৰ আত্মাই সহায় কৰিছিল ৷
পাছে যেতিয়া যিৰূচালেমৰ লোক সমূহে তেওঁবিলাকে আন আন ভাষাৰে কথা কৈ থকা শব্দ শুনিলে, তেতিয়া তেওঁলোকে কি কৈছে তাক চাবৰ বাবে তালৈ আহিল ৷ তেওঁলোকে শিষ্য সকলে ঈশ্বৰৰ কৰা মহান কাৰ্য্যৰ প্ৰশংসা কৰি থকা শুনিবলৈ পালে ৷ পাছে তেওঁলোকে সেই বাৰ্তা তেওঁলোকৰ নিজ নিজ ভাষাৰে তেওঁবিলাকক কৈ কথা শুনিবলৈ পোৱাত অতিশয় বিস্ময় মানিলে
তাৰে কিছুমান লোকে তেওঁলোকক দ্ৰাক্ষাৰসেৰে মতলীয়া হৈ থকা বুলি কলে ৷ পাছে পিতৰে থিয় হৈ তেওঁলোকৰ আগত কলে, “মোৰ কথা শুনা ! এই লোক সকল মতলীয়া হৈ থাক নাই! কিন্তু তোমালোকে দি দেখিছা সেয়া যোৱেল ভাৱবাদীয়ে কোৱা কথা সম্পূৰ্ণ হৈছেঃ ঈশ্বৰে তেওঁৰ যোগেদি কৈছিল, ‘শেষৰ দিনা মোৰ আত্মা বাকি দিম ৷’”
“হে ইস্ৰায়েলৰ নিবাসী, যীচু এনে এজন ব্যক্তি আছিল যিয়ে অনেক আচৰিত কাৰ্য্য কৰাৰ দ্বাৰাই তেওঁ কোন আছিল তাক প্ৰকাশ কৰিছিল ৷ ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ অনেক আচৰিত কাৰ্য্য কৰিছিল ৷ তোমালোকে ইয়াক জানা, কিয়নো তোমালোকে নিজে তাৰ সাক্ষ্য হৈছিলা ৷ কিন্তু তোমালোকে তেওঁক ক্ৰুচত বধ কৰিলা ৷”
“যীচু মৰিলে, কিন্তু ঈশ্বৰে তেওঁক মৃত লোকৰ মাজৰ পৰা পুনৰ জীয়াই তুলিলে ৷ ইয়াৰ দ্বাৰাই ভাৱবাদীয়ে যি লিখিছিল তাৰ প্ৰমাণ হয়ঃ “তুমি তোমাৰ পবিত্ৰ জনক কবৰত ক্ষয় যাবলৈ নিদিবা ৷” ঈশ্বৰে যে তেওঁক পুনৰ জীয়াই তুলিলে তাৰ সাক্ষ্য আমি আছো ৷
“পিতৃ ঈশ্বৰে এতিয়া তেওঁক নিজৰ সোঁ-হাতেৰে ওখ পদ দিছে ৷ আৰু আমাৰ আগত প্ৰতিজ্ঞা কৰাৰ দ্বাৰাই যীচুৱে আমাৰ বাবে পবিত্ৰ আত্মা পঠিয়ালে ৷ আৰু এতিয়া তোমালোকে যি দেখিছা আৰু শুনিছা সেয়ে পবিত্ৰা আত্মাৰ দ্বাৰাই কৰা হৈছে ৷”
“তোমালোকে যীচুক ক্ৰুচবিদ্ধ কৰি মাৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁক সকলোৰে ওপৰত প্ৰভু আৰু মচীহ পাতিলে !”
যি সকলে পিতৰৰ কথা লোকে শুনি আছিল সেই সকলৰ হৃদয়ে তেওঁৰ কথাই বিন্ধিলে ৷ সেয়েহে তেওঁলোকে পিতৰ আৰু শিষ্য সকলক সুধিলে, “ভাই সকল আমি কৰিব লাগিব ?”
পিতৰে উত্তৰ দি কলে, “ঈশ্বৰে যেন তোমালোকক ক্ষমা কৰে ইয়াৰ বাবে তোমালোক সকলো নিজ নিজ পাপৰ বাবে অনুতাপ কৰি মনপালটন কৰা, আৰু যীচুৰ নামেৰে বাপ্তিস্ম গ্ৰহণ কৰা ৷ তেতিয়া তোমালোককো তেওঁ পবিত্ৰ আত্মা বৰ হিচাপে দিব ৷ ”
তাতে পিতৰ কথা শুনি তাত থকা মানুহৰ প্ৰায় ৩০০০ লোক যীচুৰ শিষ্যত্ব গ্ৰহণ কৰিলে ৷ তেওঁলোকে বাপ্তিস্ম গ্ৰহণ কৰিলে আৰু যিৰূচালেম মণ্ডলীৰ অন্তৰ্ভূক্ত হয় ৷
সেই শিষ্য সকলে পাঁচনি সকলৰ শিক্ষা গ্ৰহণ কৰিব ধৰিলে ৷ তেওঁলোকে প্ৰায়ে একলগে গোট খায় আৰু ভোজন গ্ৰহণ কৰে, আৰু প্ৰায়ে ইজনে সিজনৰ লগ হৈ প্ৰাৰ্থনা কৰে ৷ তেওঁলোকে একে লগে ঈশ্বৰৰ প্ৰশংসা কৰিব ধৰিলে আৰু তেওঁলোকৰ নিজ নিজ সম্পতি উমৈহতীয়াকৈ ৰাখিলে ৷ নগৰৰ সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰিলে ৷ প্ৰতি দিনে, অধিক অধিক লোকে বিশ্বাস কৰিব ধৰিলে ৷