Velg et språk

mic

Dele

Dele lenke

QR code for https://globalrecordings.net/script/7965

unfoldingWord 18 - ৰাজ্য বিভাজন হোৱা

unfoldingWord 18 - ৰাজ্য বিভাজন হোৱা

Disposisjon: 1 Kings 1-6; 11-12

Skriptnummer: 1218

Språk: Assamese

Publikum: General

Hensikt: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Status: Approved

Skript er grunnleggende retningslinjer for oversettelse og opptak til andre språk. De bør tilpasses etter behov for å gjøre dem forståelige og relevante for hver kultur og språk. Noen termer og begreper som brukes kan trenge mer forklaring eller til og med erstattes eller utelates helt.

Skripttekst

দায়ুদে চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তাৰ পিছত তেওঁৰ মৃত্যু ঘটাত, তেওঁৰ পুত্ৰ চলোমনে ইস্ৰায়েলৰ শাসন ভাৰ ল’লে। ঈশ্বৰে চলোমনক শুধিলে তেওঁ আটাইতকৈ বেছি কি বিচাৰে যিটো ঈশ্বৰে তেওঁৰ বাবে কৰিব পাৰে। যিহৰ দ্বাৰা তেওঁ জ্ঞানী হ’ব পাৰে তাকে তেওঁ ঈশ্বৰৰ পৰা বিচাৰিলে। এই কথাই ঈশ্বৰক সন্তুস্ত কৰিলে, সেয়েহে ঈস্বৰে চলোমনক সেই সময়ৰ জগতৰ সকলো লোকতকৈ অধিক জ্ঞানী কৰিলে। চলোচনে বহু কথা জানিব পাৰিলে আৰু তেওঁ এজন সৎ শাসক ৰূপে পৰিগণিত হ’ল। একে সময়তে ঈশ্বৰে তেওঁক অধিক ঐশ্বৰ্য্যশালীও কৰিলে।

যিৰূচালেমত চলোমনে মন্দিৰ নিৰ্মান কৰিলে যি মন্দিৰ তেওঁৰ পিতৃ দায়ুদে সাজিব বিচাৰিছিল আৰু সেই বাবে সকলো সামগ্ৰী গোটাই থৈ গৈছিল।তেতিয়াৰে পৰা লোক সকলে আলোচনা কৰা তম্বুৰ সলনি সেই মন্দিৰতে ঈশ্বৰৰ আৰাধানা আৰু নৈবেদ্য উৎসগ কৰিলে। ঈশ্বৰে সেই মন্দিৰতে লোক সমূহৰ লগত বিৰাজ কৰিলে।

কিন্তু চলোমনে আন দেশৰ তিৰোতা সকলৰ প্ৰেমত পৰিছিল। তেওঁ ১,০০০ মান পত্নি বিয়া কৰাই ঈশ্বৰৰ অবাধ্য হৈছিল! এই মহিলা সকল প্ৰায়েই আন দেশৰ পৰা অহা আৰু তেওঁলোকে আহোতে তেওঁলোকৰ দেৱ-দেৱী বোৰকো লগত আনিছিল। সেয়েহে তেওঁলোকে তাকে আৰাধানা কৰিলে। চলোমন যেতিয়া বৃদ্ধ হ’ল তেওঁ নিজেও সেই দেৱতা বোৰৰ সেৱা কৰিলে।

চলোমনৰ এনে কাৰ্য্যবোৰ চাই ঈশ্বৰ অতিশয় ক্ৰুধিত হ’ল। ঈশ্বৰে ক’লে তেওঁ ইস্ৰায়েল দেশখনক দুভাগত বিভক্ত কৰিব আৰু এয়াই তেওঁৰ বাবে শাস্তি হ’ব। সেই কাৰ্য্য তেওঁ চলোমনৰ মৃত্যুৰ পিছত কৰিব।

চলোমনৰ মৃত্যুৰ পিছত, তেওঁৰ পুত্ৰ ৰিহোবিয়াম ৰজা হ’ল। তাতে ইস্ৰায়েলৰ সকলো লোকে তেওঁক ৰজা স্বৰূপে গ্ৰহণ কৰিবলৈ গোট খালে। চলোমনৰ দিনত তেওঁলোকে যে অধিক পৰিশ্ৰম কৰিব লগাত পৰিল আৰু তেওঁলোকে বহুতো কৰ দিব লগা হৈছিল তাকে ৰিহোবিয়ামক আপত্তি দশালে। সেয়েহে তেওঁৰ ৰাজত্ব কালত তেওঁলোকে যেন কম পৰিশ্ৰম কৰিব লগা হয় সেই কথাও তেওঁলোকে ৰিহোবিয়ামক ক’লে।

কিন্তু ৰেহোবিয়ামে তেওঁলোকক বৰ মুৰ্খৰ দৰে সেই উত্তৰ দিলে। তেওঁ ক’লে, “ মোৰ পিতৃ চলোমনে তেওঁলোকক অধিক পৰিশ্ৰম কৰালে, কিন্তু মই তোমালোকক তাতোকৈও অধিক পৰিশ্ৰম কৰিবলৈ দিম, আৰু মই তোমালোকক অধিক কষ্ট ভোগ কৰিবলৈ দিম।”

যেতিয়া লোক সকলে তেওঁক এনেবোৰ কথা কোৱা শুনিলে, তেওঁলোকৰ মাজৰ বহু জনে তেওঁৰ বিৰূদ্ধাচৰণ কৰিলে। তাতে দহতা জাতিয়ে তেওঁৰ পৰা আতৰি আহিল, মাত্ৰ দুটা জাতিয়ে তেওঁৰ সৈতে থাকিল। সেই দুই জাতিয়ে অৱশেষত তেওঁলোকে নিজকে যিহূদা ৰাজ্য নাম দিলে।

আন দহতা জাতিয়ে যাৰবিয়ামক তেওঁলোকৰ ৰজা পাতিলে। এই জাতিয়ে উত্তৰ ফালে থাকিলে আৰু তেওঁলোকে নিজকে ইস্ৰায়েল ৰাজ্য নাম দিলে।

কিন্তু যাৰবিয়ামে ঈশ্বৰৰ বিৰূদ্ধাচৰণ কৰিলে আৰু লোক সমূহকো পাপ কাৰ্য্যত লিপ্ত কৰালে । তেওঁ তেওঁৰ ৰাজ্যৰ লোক সকলৰ বাবে দুটা প্ৰতিমা নিৰ্মান কৰালে। তেওঁ যিৰূচালেম অথাৎ যিহূদা ৰাজ্য লৈ গৈ ঈশ্বৰৰ মন্দিৰত আৰু আৰাধানা নকৰিলে।

যিহূদা ৰাজ্য আৰু ইস্ৰায়েল ৰাজ্য কালক্ৰমত শত্ৰু হৈ পৰিল আৰু ইখন ৰাজ্যই সিখন ৰাজ্যৰ লগত যুদ্ধত নামিল।

ইস্ৰায়েলৰ নতুন ৰাজ্যত সকলো ৰাজাই ঈশ্বৰৰ বিৰূদ্ধচৰণ কৰিলে। তাৰে বহু জনক তেওঁলোকৰ নিজৰ লোকেই বধ কৰিলে।

ইস্ৰায়েলৰ সকলো ৰজাই আৰু অধিক সংখ্যক লোকেই দেৱতা সকলৰ পুজা কৰিলে। যেতিয়া তেওঁলোকে এনেবোৰ কাৰ্য্য কৰিলে, তেওঁলোকেই সঘনাই বেশ্যা তিৰোতাসকলৰ লগত শয়ন কৰিলে আৰু কিছুসময়ত নিজৰ সন্তান সন্ততিবোৰকো দেৱতা সকলৰ আগত বলি উৎসগ কৰিলে।

যিহূদা ৰাজ্যৰ ৰজা সকল দায়ুদৰ বংশধৰ আছিল। তেওঁলোকৰ কিছুমান সৎ আছিল আৰু ঈশ্বৰৰ আৰাধানা কৰিছিল। কিন্তু যিহূদা ৰাজ্যৰ সৰহ সংখ্যক লোকেই ঈশ্বৰৰ অবাধ্য আছিল। তেওঁলোকে দূ-শাসন চলাইছিল আৰু দেৱতা পুজা কৰিছিল। তেওঁলোকৰ কিছুমান ৰজাই তেওঁলোকৰ সন্তানবোৰকো দেৱতা সকলৰ বাবে বলি দিছিল। যিহূদা দেশৰ প্ৰায়বোৰ লোকেই ঈশ্বৰৰ বিৰূদ্ধাচৰণ কৰিছিল আৰু দেৱতাবোৰৰ পুজা কৰিছিল।

Relatert informasjon

Livets ord - Lydbudskap i evangeliet på tusenvis av språk som inneholder bibelbaserte budskap om frelse og kristen livsstil.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons