एक भाषा निवडा

mic

शेअर करा

दुवा सामायिक करा

QR code for https://globalrecordings.net/script/7970

unfoldingWord 23 - যীচু খ্ৰীষ্টৰ জন্ম

unfoldingWord 23 - যীচু খ্ৰীষ্টৰ জন্ম

रुपरेषा: Matthew 1-2; Luke 2

स्क्रिप्ट क्रमांक: 1223

इंग्रजी: Assamese

प्रेक्षक: General

उद्देश: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

स्थिती: Approved

स्क्रिप्ट हे इतर भाषांमध्ये भाषांतर आणि रेकॉर्डिंगसाठी मूलभूत मार्गदर्शक तत्त्वे आहेत. प्रत्येक भिन्न संस्कृती आणि भाषेसाठी त्यांना समजण्यायोग्य आणि संबंधित बनविण्यासाठी ते आवश्यकतेनुसार स्वीकारले जावे. वापरलेल्या काही संज्ञा आणि संकल्पनांना अधिक स्पष्टीकरणाची आवश्यकता असू शकते किंवा अगदी बदलली किंवा पूर्णपणे वगळली जाऊ शकते.

स्क्रिप्ट मजकूर

মৰিয়মক যোচেফ নামৰ এজন ধাম্মিক পুৰুষলৈ বাগদান কৰা হৈছিল। মৰিয়ম গৰ্ভাৱস্হাত আছে বুলি যেতিয়া তেওঁ শুনিলে, তেওঁ জানিছিল এইতো তেওঁৰ সন্তান নাছিল। তথাপিও, তেওঁ মৰিয়মক লাজত পৰিবলৈ নিদিলে, তেওঁ গুপুতে মৰিয়মক ত্যাগ কৰিবলৈ বিচাৰিলে। কিন্তু সেই কাৰ্য্য কৰাৰ আগতে, দুত এগৰাকীয়ে তেওঁক সপোনত আহি দেখা দি কথা ক’লে।

সেই দুত গৰাকীয়ে যোচেফক ক’লে যে, “ যোচেফ, তুমি মৰিয়মক তোমাৰ ভাৰ্য্যা হিচাপে গ্ৰহণ কৰিবলৈ কুন্ঠাবোধ নকৰিবা। তেওঁৰ গৰ্ভত থকা শিশুটি দৰাচলতে পবিত্ৰ আত্মাৰ পৰা হোৱা, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম যীচু থবা (তাৰ অথ হৈছে ‘যিহোৱা উদ্ধাৰ কৰ্তা’), কাৰণ তেওঁ জগতৰ লোক সকলক পাপৰ পৰা উদ্ধাৰ কৰিব।”

তাতে যোচেফে মৰিময়ক বিয়া কৰালে কিন্তু তেওঁ সেই সন্তান জন্ম নিদিয়া পৰ্য্যন্ত তাইৰ সৈতে শয়ন নকৰিলে।

মৰিয়মৰ যেতিয়া প্ৰসৱ কাল পূৰ হও হও হোৱাৰ সময়ত, তাই আৰু যোচেফে বৈৎলেহেম নগৰলৈ বুলি যাত্ৰা কৰিছিল। তেওঁলোকে তালৈ যোৱাৰ কাৰণ আছিল সেই সময়ত ৰোমান প্রশাসনে ইস্ৰায়েলৰ দেশৰ লোক সকলক পিয়ল কৰিছিল । তেওঁলোকে প্ৰতিজনে তেওঁলোকৰ পুব্ব পুৰুষ সকলে থকা ঘৰলৈ যাব লগা হৈছিল। দায়ুদ ৰজা বৈৎলেহেমতে জন্ম গ্ৰহণ কৰিছিল, আৰু তেৱেই মৰিয়ম আৰু যোচেফ দুয়োৰে পুৰ্ব্ব পুৰুষ আছিল।

মৰিয়ম আৰু যোচেফেও বৈৎলেহেমলৈ গৈছিল, কিন্তু কেৱল এটা গোহালি ঘৰৰ বাহিৰে তাত তেওঁলোকৰ থাকিবৰ বাবে কোনো ঠাই নাছিল। মৰিয়মে সেই ঠাইতে নিজ পুত্ৰক প্ৰশৱ কৰিলে। তেওঁ শিশুটিক দানা পাত্ৰত শুৱালে, কিয়নো তাত তেওঁলোকৰ বিচনা নাছিল। তেওঁলোকে তেওঁৰ নাম যীচু থলে।

সেই নিশাই, ওচৰৰ পথাৰবোৰত কিছুমান মেৰ ৰখীয়াই নিজৰ মেৰবোৰ চৰায় আছিল। হঠাৎ সেই ঠাইত তেওঁলোকৰ আগত এগৰাকী দূতৰ আবিভাৱ হ’ল, তাতে তেওঁলোকে অতিশয় ভয় কৰিলে, সেই সময়ত দুতে তেওঁলোকক ক’লে , ভয় নকিৰবা, কিয়নো মই তোমাৰ লোকৰ নিমিত্তে এক শুভবাত্ৰা আনিছো। সেই মচিহ, সেই গুৰু জনা বৈৎলেহেম নগৰত জন্মিল!’’

‘‘যোৱা সেই লৰা টিক চোৱাগৈ, আৰু তোমালোকলৈ এয়াই চিন হ’ব যে লৰাটিক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা। হঠাৎ গোটেই আকাশত স্বগদুতেৰে ভৰি পৰিল। তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে। তেওঁলোকে ক’লে উদ্ধ লোকত ঈশ্বৰৰ স্তুতি হওঁক, আৰু পৃথিৱীত তেওঁৰ প্ৰিতিৰ পাত্ৰ মানোহবোৰৰ মাজত শান্তি হওক!”

তাতে সেই স্বৰ্গ দূত গলত । মেৰৰখীয়াই নিজৰ নিজৰ মেৰবোৰ এৰি শিশুটিক চাবলৈ গ’ল। তেওঁ লোকে অতি সোনকালে সেই ঠাই পালে আৰু দুতে কোৱাৰ দৰেই লৰাটিক কাপোৰেৰ মেৰিয়াই দানা পাত্ৰত শুৱাই থকা দেখা পালে । তেওঁলোকে অতিশয় আনন্দ পালে, আৰু পুণৰ নিডৰ নিজৰ মেৰবোৰ থকা ঠাইলৈ আহিল। তেতিয়া তেওঁলোকে যি বোৰ দেখিলে বা শুনিলে সেই আতাইৰ বাবে ঈশ্বৰক ধন্যবাদ দিলে ।

তাতে বহু দুৰৈৰ পশ্চিম ফালৰ পৰা এদল মানুহ আহিল। তেওঁলোক বহু জ্ঞানী মানুহ আছিল আৰু তেওঁলোকে তৰাবোৰ গণনা কৰিছিল। তাতে তেওঁলোকে আকাশত এক অদ্বীতিয় তৰা দেখিবলৈ পোৱাত। তেওঁলোকে ক’লে ইহুদী বিলাকৰ ৰজাৰ জন্ম হ’ল। সেয়েহে তেওঁলোকৰ দেশৰ পৰা এক দিঘলীয়া যাত্ৰা অতিক্ৰম কৰি লৰাটি চাবলৈ আহিল। বহু দিনৰ সেই যাত্ৰাৰ অন্তত তেওঁলোকে সেই বৈৎলোহোম নগৰ পালে আৰু যি ঠাইত যীচু তেওঁৰ পিতৃ মাতৃৰ সৈতে আছিল সেই ঠাই পালেগৈ ।

যেতিয়া সেই জ্যোতিষি পণ্ডিত কেইজনে সেই শিশুটিক মাকৰ লগত দেখা পালে , তাতেই তেওঁলোকে তেওঁক প্ৰণিপাত কৰিলে আৰু তেওঁৰ আৰাধানা কৰিলে । তেওঁলোকে যীচুক কিছুমান বহুমূলীয়া উপহাৰ দান কৰিলে। তাৰ পিছতে তেওঁলোক নিজ ঘৰ অভিমুখে গতি কৰিলে।

संबंधित माहिती

Jivanche Vachan - हजारो भाषांमधील ऑडिओ सुवार्तिक संदेश ज्यामध्ये तारण आणि ख्रिश्चन जीवनाबद्दल बायबलवर आधारित संदेश आहेत.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?