Pasirinkite kalbą

mic

unfoldingWord 33 - এজন খেতিয়কৰ কাহিনী

unfoldingWord 33 - এজন খেতিয়কৰ কাহিনী

Kontūras: Matthew 13:1-23; Mark 4:1-20; Luke 8:4-15  

Scenarijaus numeris: 1233

Kalba: Assamese

Publika: General

Tikslas: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Būsena: Approved

Scenarijai yra pagrindinės vertimo ir įrašymo į kitas kalbas gairės. Prireikus jie turėtų būti pritaikyti, kad būtų suprantami ir tinkami kiekvienai kultūrai ir kalbai. Kai kuriuos vartojamus terminus ir sąvokas gali prireikti daugiau paaiškinti arba jie gali būti pakeisti arba visiškai praleisti.

Scenarijaus tekstas

এদিনাখন, যীচু সাগৰৰ তীৰত উপস্থিত আছিল ৷ তেওঁ বৰ মানুহৰ এটা দলক উপদেশ দি আছিল ৷ তাত ইমানেই মানুহৰ সমাগম হৈছিল যে তেওঁৰ থিয় হবলৈ ঠাই নোহোৱা হৈছিল ৷ সেয়েহ তেওঁ এখন নাৱত উঠি বহিল আৰু লোকসমূসক উপদেশ দিবলৈ ধৰিলে ৷

যীচুৱে এই কাহিনীটো কলে, “এজন খেতিয়কে কঠীয়া সিচিবলৈ গল ৷ তেওঁ হাতেৰে বীজ সিচোঁতে সিচোঁতে, কিছুমান বাটৰ কাষত পৰিল ৷ তাতে চৰাইবোৰে আহি তাক খুঁটি খালে ৷ ”

“কেতবোৰ অলপ মাটি থকা শিলনিত পৰিল, য’ত অতি কম সাৰুৱা মাটি আছিল ৷ মাটি ডাঠ নোহোৱাত সোনকালে গজিল, কিন্তু তাৰ শিপা গভীৰলৈ নোযোৱাত শুকাই গল ৷ যেতিয়া সূৰ্য্য উদয় হল, তেতিয়াই তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গল ৷”

“আৰু কিছুমান কাইটনিত পৰিল৷ সেই কঠিয়া বাঢি আহিব ধৰিলে কিন্তু তাত থকা কাইটীয়া বন সমূহও বাঢি আহি তাক হেঁচি ধৰিলে ৷ তাতে সেই কাইটনিত পৰা কঠিয়া সমূহে কোনো ফল উৎপন্ন নকৰাকৈ মৰি থাকিল ৷ ”

“আনবোৰ ভাল মাটিত পৰিলে ৷ তাতে গজি বাঢ়ি ফল ধৰিলে আৰু ৩০, ৬০ আৰু ১০০ গুণলৈকে ফল উৎপন্ন কৰিলে ৷ যিমানে ঈশ্বৰক অনুকৰণ কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে মই কোৱা কথালৈ মন দিয়ক !”

এই কাহিনীটো শিষ্য সকলে ভাল দৰে বুজিব নোৱাৰিলে ৷ তাতে যীচুৱে তেওঁবিলাকক বুজাই কলে, “বীজ” হৈছে ঈশ্বৰৰ বাক্য ৷ বাট হৈছে এনেকুৱা এজন ব্যক্তি যি জনে ঈশ্বৰৰ বাক্য শুনে কিন্ত বুজি নাপায় ৷ তাতে চয়তানে আহি তেওঁৰ পৰা বাক্য লৈ যায় ৷ আৰু এই দৰে চয়তানে তেওঁক বাক্য বুজি পোৱাৰ পৰা আঁতৰাই ৰাখে ৷”

“শিলনি হৈছে এজন ব্যক্তি যি জনে ঈশ্বৰৰ বাক্য শুনে আৰু আনন্দেৰে গ্ৰহণ কৰে ৷ কিন্তু তেওঁ ক্লেশ বা তাড়না হোৱা মাত্ৰকে ঈশ্বৰৰ পৰা আঁতৰি আহে ৷ আৰু এই দৰে তেওঁ ঈশ্বৰত ভাৰসা কৰিবলৈ এৰি দিয়ে ৷”

“কাইটনিত হৈছে এজন ব্যক্তি যি জনে ঈশ্বৰৰ বাক্য শুনে ৷ কিন্তু বহু বিষয়ত তেওঁ চিন্তিত হৈ থাকে, আৰু বহু ধন উপাৰ্জন কৰিবলৈ চেষ্টা কৰে, আৰু অনেক বিষয়ত ব্যস্ত হৈ থাকে ৷ কিছুসময়ৰ পিছত, তেওঁ ঈশ্বৰক আৰু প্ৰেম কৰিব নোৱাৰা হৈ পৰে ৷ তাতে তেওঁ ঈশ্বৰৰ বাক্যৰ পৰা যি শিক্ষা পাইছিল তাৰ দ্বাৰাই তেওঁক ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰা হয় ৷ ”

“কিন্তু ভাল মাটি হৈছে এনে এজন ব্যক্তি যিয়ে ঈশ্বৰৰ বাক্য শুনে, বিশ্বাস কৰে আৰু ফল উৎপন্ন কৰে ৷”

Susijusi informacija

Gyvenimo žodžiai - Garso evangelijos pamokslai tūkstančiais kalbų su Biblija paremtomis žinutėmis apie išganymą ir krikščionišką gyvenimą.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons