Тилди тандаңыз

mic

Бөлүшүү

Шилтемени бөлүшүү

QR code for https://globalrecordings.net/script/7968

unfoldingWord 21 - মচীহ জনৰ বিষয়ে ঈশ্বৰে প্ৰতিজ্ঞা কৰা

unfoldingWord 21 - মচীহ জনৰ বিষয়ে ঈশ্বৰে প্ৰতিজ্ঞা কৰা

Скрипт номери: 1221

Тил: Assamese

Аудитория: General

Максат: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Статус: Approved

Скрипттер башка тилдерге которуу жана жазуу үчүн негизги көрсөтмөлөр болуп саналат. Ар бир маданият жана тил үчүн түшүнүктүү жана актуалдуу болушу үчүн алар зарыл болгон ылайыкташтырылышы керек. Колдонулган кээ бир терминдер жана түшүнүктөр көбүрөөк түшүндүрмөлөрдү талап кылышы мүмкүн, ал тургай алмаштырылышы же толук алынып салынышы мүмкүн.

Скрипт Текст

ঈশ্বৰে যিদও জগত খনৰ সৃষ্টি কৰিলে, তেওঁ এই কথাও জানিছিল যে এদিন তেওঁ মচিহক পিঠয়াব লাগিব। তেওঁ আদম আৰু হাৱাক এই কথা প্ৰতিজ্ঞা কৰিছিল। তেওঁ কৈছিল হাৱাৰ বংশই সপৰ মুৰ গুৰি কৰিব। আমি জানো যি সৰ্পই হৱাক প্ৰৱঞ্চনা কৰিছিল সি চয়তানেই আছিল। তাৰ অৰ্থ স্বৰূপে ঈশ্বৰে এই কথা বুজাইছিল যে সৈই জন মচিহই চয়াতানক সম্পুণকৈ পৰাজয় কৰিব।

ঈশ্বৰে আব্ৰাহামক কৈছিল যে তেওঁৰ যোগেদি গোটেই মানৱ জাতি আশীবাদ প্ৰাপ্ত হ’ব। সেই প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ ঈশ্বৰে কিছু সময়ৰ পিছত সই প্ৰতিজ্ঞাৰ মচিহ জনক পঠাব। সেই মচিহ জনেই এই জগতৰ সকলো জাতিৰ লোক সকলক তেওঁলোকৰ পাপ সমূহৰ পৰা উদ্ধাৰ কিৰব।

ঈশ্বৰে মোচিক প্ৰতিজ্ঞা কৰিছিল যে ভৱিষ্যতে তেওঁ মোচিৰ দৰে আন এজন ভাৱবাদী পঠাব। সেই ভাৱবাদী জনেই মচিহ হ’ব। এইদেৰই ঈশ্বৰে তেওঁৰ লোক সকললৈ মচিহক পঠিয়াব বুলি প্ৰতিজ্ঞা কৰিছিল।

দায়ুদৰ বংশৰ এজনেই সেই মচিহ হ’ব এই কথা ঈশ্বৰে দায়ুদক প্ৰতিজ্ঞা কৰিছিল। সেই ৰজাই ঈশ্বৰৰ লোক সকলক অনন্ত কাললৈকে ৰাজত্ব কৰিব।

ঈশ্বৰে যিৰিমিয়া ভাৱবাদীক কৈছিল যে তেওঁ এক নতুন নিয়ম স্থাপন কৰিব। সেই মতুন নিয়ম চীনয় পব্বতত দিয়া নিয়মৰ দৰে নহ’ব। তেওঁ লোক সমূহৰ বাবে যেতিয়া নতুন নিয়ম স্থাপন কৰিব, তেওঁ লোকক সকলক ব্যক্তিগত ভাৱে তেওঁক জানিব দিব। তাতে প্ৰতিজন মানুহে তেওঁক প্ৰেম কৰিব আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব। তেওঁলোকসকলৈ তেওঁৰ লোক হ’ব, আৰু ঈশ্বৰে তেওঁলোকৰ পাপবোৰৰ পৰা ক্ষমা দান কৰিব। এইজনেই সেই মচিহ হ’ব যি জনে তেওঁলোকৰ বাবে সেই নতুন নিয়ম স্থাপন কৰিব।

ঈশ্বৰৰ ভাৱবাদী বোৰে এইদেৰও কৈছিল যে সেই মচিহই এজন ভাৱবাদী, এজন পুৰুহিত আৰু এজন ৰজা হ’ব। ভাৱবাদী সেই জন যিজনে ঈশ্বৰৰ কথাবোৰ শুনে আৰু লোক সমূহৰ আগত তাক ঘোষনা কৰে। ঈশ্বৰে প্ৰতিজ্ঞা কৰা সেই মচিহই এজন নিখুত ভাৱবাদী হ’ব। সেই মচিহই নিখুততাৰে ঈশ্বৰৰ বাক্যবোৰ গ্ৰহণ কৰিব, তেওঁ তাক সম্পুণকৈ বুজিব, আৰু সেই বাক্যবোৰক লোক সকলক নিখুঁতভাৱে শিক্ষা দিব।

ইস্ৰায়েলৰ পুৰুহিত সকলে ঈশ্বৰলৈ বলি দি আছিল। এই বলি বিলাকৰ দ্বাৰা লোক সকলে তেওঁলোকৰ পাপবোৰ কাৰনে ঈশ্বৰৰ পৰা পোৱা শাস্তিৰ পৰা বঞ্চিত হৈছিল। পুৰুহিত সকলে লোক সমূহৰ বাবে ঈশ্বৰৰ আগত প্ৰাথনা কৰিছিল। এনেস্থলত সেই মচিহ জনেই নিখুঁত বলি স্বৰূপে লোক সমূহৰ বাবে নিজকে বলি স্বৰূপে আগবঢ়াব, তেতিয়াৰে পৰা পাপ মচিবৰ বাবে আৰু কোনো ধৰণৰ বলিৰ আৱশ্যকতা নহ’ব।

ৰজা আৰু প্ৰধান সকলে লোক সকলৰ ওপৰত শাসন কৰিব, আৰু তেওঁলোকে কেতিয়াবা ভুল কৰিব। দায়ুদ ৰজাই কেৱল ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল। কিন্তু সেই মচিহ, যি দায়ুদৰ বংশত জন্মিব, তেওঁ গোটেই জগতক ৰাজত্ব কৰিব আৰু তেওঁ অনন্ত কাললৈকে ৰাজত্ব কৰিব। কেৱল সেয়েই নহয় তেওঁ ন্যায় আৰু ধৰ্ম্মিকতাৰে বিচাৰ কৰি শুদ্ধ সিদ্ধান্ত সমূহ গ্ৰহণ কৰিব।

ঈশ্বৰৰ লোক সকলে সেই মচিহৰ বিষয়ে ভিন্ন ভিন্নকৈ উপস্থাপন কৰিলে। উদাহাৰণ স্বৰূপে, মলাখিয়ে কৈছিল যে, মচিহ অহাৰ আগতে আন এজন ভাৱবাদী আহিব। সেই ভাৱবাদীয়ে অধিক গুৰুত্বপুণ হ’ব। যিচয়া ভাৱবাদীও কৈছিল যে, সেই মচিহ জনে এগৰাকী কুমাৰীৰ গৰ্ভত জন্ম লাভ কৰিব। আৰু মিখা ভাৱবাদীয়ে কৈছিল যে সেই মচিহই বৈৎলেহেম নামৰ নগৰত জন্ম গ্ৰহণ কৰিব।

যিচয়া ভাৱবাদীয়ে কৈছিল সেই মচিহই গালীল প্ৰদেশত বাস কৰিব। মচিহই দুখত থকা সকলক শান্তনা প্ৰদান কৰিব। তেওঁ বন্দি বিলাকক মুক্ত কৰিব, অন্ধ চকু দিব, বোবাই কথা কব ও শুনিবলৈ পাৰিব আৰু খোৰাক খোজকাঢি়ব আৰু ৰূগি সকলক সুস্থতা প্ৰদান কৰিব।

যিচয়া ভাৱবাদীয়ে এইদৰেও কৈছিল যে, মানুহ বিলাকে তেওঁক মচিহ বুলি গ্ৰহণ নকৰিব। আন ভাৱবাদীয়ে কৈছিল যে তেওঁৰ এজন বন্ধুৱে তেওঁৰ বিৰুদ্ধে থিয় দিব। যখৰীয়া ভাৱবাদীয়ে কৈছিল যে সেই বন্ধু জনেই ৩০ চেকল ৰূপৰ বাবে এনেদৰে প্ৰতাৰণা কৰিব। কিছুমান ভাৱবাদীয়ে কৈছিল, সেই মচিহক লোক সকলে হত্যা কৰিব আৰু তেওঁৰ কাপোৰ বোৰেৰে চিঠি খেলিব।

ভাৱবাদী সকলে সেই মচিহৰ কি দৰে মৃত্যু ঘটিব সেই কথা ও কৈছিল। যিচয়া ভাৱবাদীয়ে কৈছিল, যদিও তেওঁ কোনো অপৰাধ কৰা নাছিল তথাপিও মানুহ বোৰে তেওঁক থুঁ পেলাব, লাঞ্চনা কৰিব আৰু আঘাত কৰিব। তেওঁলোকে তেওঁক খুচি খুচি মাৰিব আৰু তেওঁ এক ভয়ানক যাতনা লভিব ।

ভাৱবাদী সকলে আৰু কৈছিল সেই মচিহ জনে পাপ নকৰিব। তেওঁ নিখুঁত জীৱন যাপন কৰিব। কিন্তু ঈশ্বৰে তেওঁক আন মানুহ বোৰৰ পাপৰ নিমিত্তে শাস্তি দিব। যেতিয়া তেওঁ প্ৰাণ ত্যাগ কৰিব তেতিয়া লোক সমূহৰ ঈশ্বৰৰ সৈতে মিলন হ’ব। সেয়েহে ঈশ্বৰে মচিহ জনক মৃত্যুলৈ থেলি দিছিল।

ভাৱবাদী সকেল ইয়াকো কৈছিল ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা পুণৰ উঠাব । এই সকলো বোৰে ইয়াকে স্পষ্ট কৰে যে এই সকোলবোৰ ঈশ্বৰৰ আচনি আৰু পৰিকল্পনা যাৰ যোগেৰ তেওঁ এক নতুন নিয়ম স্থাপন কৰিব আৰু তাৰে তেওঁ লোক সমূহক পাপৰ পৰা উদ্ধাৰ কৰিব।

ঈশ্বৰে ভাৱবাদী সকলক মচিহৰ বিষয়ে বহুতো কথা প্ৰকাশ কৰিছিল, কিন্তু মচিহ জনে সেই ভাৱবাদী সকলৰ কোনো এজনৰ থকা কালতো নাহিল। শেষ ভাৱবানীৰ ৪০০ বছৰৰ পাছত, কাল সম্পূৰ্ণ হলত, ঈশ্বৰে সেই মচিহক এই জগতলৈ পঠিয়ালে।

Байланыштуу маалымат

Life Words - Куткарылуу жана Ыйсанын жолдоочуларынын жашоосу жөнүндө Ыйык Китепке негизделген кабарларды камтыган миңдеген тилдердеги аудио жакшы кабарлар.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?