Тілді таңдаңыз

mic

Бөлісу

Сілтемені бөлісу

QR code for https://globalrecordings.net/script/7979

unfoldingWord 32 - যীচুৱে এজন ভূতে পোৱা লোকক আৰু এগৰাকী মহিলাক সুস্থ কৰা

unfoldingWord 32 - যীচুৱে এজন ভূতে পোৱা লোকক আৰু এগৰাকী মহিলাক সুস্থ কৰা

Контур: Matthew 8:28-34; 9:20-22; Mark 5; Luke 8:26-48

Сценарий нөмірі: 1232

Тіл: Assamese

Аудитория: General

Мақсат: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Күй: Approved

Сценарийлер басқа тілдерге аудару және жазу үшін негізгі нұсқаулар болып табылады. Оларды әр түрлі мәдениет пен тілге түсінікті және сәйкес ету үшін қажетінше бейімдеу керек. Пайдаланылған кейбір терминдер мен ұғымдар көбірек түсіндіруді қажет етуі немесе тіпті ауыстырылуы немесе толығымен алынып тасталуы мүмкін.

Сценарий мәтіні

যীচু আৰু তেওঁৰ শিষ্য সকল নাৱেৰে গেৰাচেনীয়াবিলাকৰ দেশলৈ গল৷ তেওঁবিলাক সেই ঠাইত উপস্থিত হোৱাত নাৱৰ পৰা নামিল ৷

তাত এজন ভূতে পোৱা লোক আছিল৷

এই মানুহজন অতি শক্তিশালী আছিল আৰু কোনেও তেওঁক ধৰি ৰাখিব নোৱাৰিছিল৷ এটা সময়ত লোকসমূহে তাৰ হাত-ভৰি শিকলিৰে বান্ধি ৰাখিছিল, কিন্তু সি সেই শিকলিও ছিঙি পেলাইছিল ৷

সেই মানুহে মৈদামনিত বাস কৰিছিল ৷ সেই মানুহটোৱে দিনে আৰু ৰাতিয়ে চিঞৰী কটাইছিল ৷ সি কাপোৰ পিন্ধা নাছিল আৰু প্ৰায়ে শিলেৰে নিজকে নিজে কাটিছিল ৷

সেই মানুহ জন লৰি যীচুৰ ওচৰলৈ আহিল আৰু তেওঁৰ আগত আঠু ললে ৷ তাতে সেই মানুহজনত থকা ভূতক যীচুৱে কলে, “এই মানুহৰ পৰা ওলাই যা !”

সেই ভূতে বৰ মাতেৰে ৰিঙিয়াই কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মোক যাতনা নিদিব !” তাৰ পাছত যীচুৱে সেই অশুচি আত্মাক কলে, “তোৰ নাম কি ?” সি কলে, “মোৰ নাম বাহিনী, কিয়নো আমি অনেক আছো ৷” (এটা “বাহিনী”বুলি কলে ৰোমীয়াৰ বহু সংখ্যক সৈন্যৰ এটা দলক বুজায়)

সেই অশুচি আত্মাই যীচুৰ আগত বিনয় কৰি কলে, “আমাক এই দেশৰ পৰা নেখেদাব !” সেই সময়ত, পাহাৰৰ ওপৰত বৰ এজাক গাহৰি চৰি আছিল ৷ তাতে সেই অশুচি আত্মাই যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰি বিলাকৰ ভিতৰলৈ যাবলৈ আজ্ঞা দিয়ক !” যীচৱে কলে, “ঠিক আছে, সিহঁতৰ ভিতৰলৈ যাহঁক!”

তাতে সেই ভূতবিলাক মানুহজনৰ ভিতৰৰ পৰা ওলাই আহি গাহৰি বিলাকৰ ভিতৰত সোমাল৷ তাতে সেই গাহৰিৰ জাকটো লৰি গৈ গৰাৰ পৰা সাগৰত পৰি, পানীত ডুবি মৰিল ৷ সেই জাকটোত প্ৰায় ২০০০ গাহৰি আছিল ৷

সেই ঠাইতে গাহৰি জাকটোৰ চৰোৱা লোকসকল আছিল ৷ আৰু যেতিয়া তেওঁবিলাকে সেই ঘটনা দেখিলে, তেওঁবিলাকক চহৰলৈ বুলি লৰি গল ৷ তাতে তেওঁবিলাকে যীচুৱে কৰা সেই সকলো কথা লোকসকলক কলে ৷ তেতিয়াই লোকসকলে তাক চাবলৈ আহিল আৰু সেই ভূতে পোৱা মানুহজনক নম্ৰ হৈ শান্ত ভাৱে কাপোৰ পৰিধান কৰি এজন সুস্থ মানুহৰ দৰে বহি থকা দেখিলে৷

সেই লোকসমূহৰ অতিশয় ভয় লাগিল আৰু যীচুক তাৰ পৰা যাবৰ বাবে অনুৰোধ কৰিলে ৷ তাতে যীচু নাৱত উঠিল ৷ আৰু সেই ভূতে পোৱা মানুহজনে যীচুৰ সৈতে যাবৰ বাবে বিনয় কৰিলে৷

কিন্তু যীচুকে তেওঁক কলে, “নহয়, তুমি ঘৰলৈ যোৱা আৰু ঈশ্বৰে তোমাৰ জীৱনত কি কৰিলে তাক তেওঁবিলাকক কোৱাগৈ ৷ তেওঁ তোমালৈ কেনে দয়া কৰিলে তাক সকলোকে কোৱাগৈ ৷”

তাতে সেই মানুহজন তাৰ পৰা আঁতৰি আহিল আৰু যীচুৱে তেওঁৰ জীৱনত কি কৰিলে সেই কথা সকলোকে কলে ৷ আৰু যিমান লোকে সেই ঘটনাৰ বিষয়ে জানিবলৈ পাৰিলে সেই সকলোৱে আচৰিত হল ৷

পাছে যীচু নাৱেৰে আকৌ সিপাৰলৈ গল ৷ তাত তেওঁ উপস্থিত হলত, বহু লোকৰ এটা দলে তেওঁক আগুৰি ধৰিলে ৷ সেই মানুহবিলাকৰ মাজত বাৰ বছৰ তেজ যোৱা ৰোগত থকা এগৰাকী মহিলা আছিল ৷ তাই সেই ৰোগৰ পৰা সুস্থতা পাবৰ বাবে তাই, চিকিৎসাৰ নামত সৰ্ব্বস্ব খৰচ কৰিছিল, কিন্তু ভাল হোৱাৰ সলনি তাইৰ স্বাস্থ্যৰ অধিক অৱনতিহে ঘটিছিল ৷

যীচুৱে অনেক ৰোগীক সুস্থ কৰা বিষয়টো তাই শুনিবলৈ পাইছিল, আৰু ভাবিলে, “মই যদি যীচুৱে পৰিধান কৰি থকা কাপোৰ খনো চুবলৈ পাওঁ তেনে হলে মই সুস্থতা লাভ কৰিম ৷” সেয়েহে তাই যীচুৰ পাছফলে থিয় হল আৰু তেওঁৰ কাপোৰ খন চুলে ৷ আৰু সেই কাপোৰ খন চোৱাৰ লগে লগে তাইৰ তেজ যোৱা বন্ধ হল ৷

লগে লগে যীচুৱে তেওঁৰ ভিতৰৰ পৰা শক্তি বাহিৰ হোৱা বুলি জানিব পাৰিলে ৷ তাতে তেওঁ চাৰিও ফালে ঘুৰি চাই সুধিলে, “কোনে মোক স্পৰ্শ কৰিলে ?” শিষ্য সকলে তেওঁক উত্তৰ দি কলে, “বহু লোকে আপোনাক আগুৰি হেঁচি ধৰি আছে, তাক আপুনি দেখিছে ৷ গতিকে ‘কোনে মোক স্পৰ্শ কৰিলে’ এই কথা আপুনি কিয় সুধিলে? ”

তাতে সেই মহিলা গৰাকীয়ে যীচুৰ আগত আঠু লৈ ভয়তে কঁপিলৈ ধৰিলে ৷ তাৰ পিছত তাই যি কৰিলে সেই কথা কলে, আৰু তাই যে সুস্থ হল তাকো জনালে ৷ যীচুৱে উত্তৰ দি কলে, “তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে, শান্তিৰে যোৱা ৷”

Қатысты ақпарат

Өмір сөздері - Құтқару және христиандық өмір туралы Киелі кітапқа негізделген хабарларды қамтитын мыңдаған тілдердегі аудио ізгі хабарлар.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?