unfoldingWord 27 - এজন দয়ালু চমৰীয়াৰ কাহিনী
Контур: Luke 10:25-37
Сценарий нөмірі: 1227
Тіл: Assamese
Аудитория: General
Мақсат: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Күй: Approved
Сценарийлер басқа тілдерге аудару және жазу үшін негізгі нұсқаулар болып табылады. Оларды әр түрлі мәдениет пен тілге түсінікті және сәйкес ету үшін қажетінше бейімдеу керек. Пайдаланылған кейбір терминдер мен ұғымдар көбірек түсіндіруді қажет етуі немесе тіпті ауыстырылуы немесе толығымен алынып тасталуы мүмкін.
Сценарий мәтіні
এদিনাখন, এজন বিধান-পণ্ডিতে যীচুৰ ওচৰলৈ আহিলে ৷ তেওঁ সকলোৰে আগত যীচুৰ ভুল ধৰিবলৈ বিচাৰিছিল ৷ গতিকে তেওঁ সুধিলে, “গুৰু, অনন্ত জীৱন পাবৰ বাবে মই কি কৰিব লাগিব ?” যীচুৱে উত্তৰ দি কলে, “ঈশ্বৰৰ বিধানত কি লিখা আছে ?”
তাতে তেওঁ কলে, “ইয়াত কোৱা হৈছে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা ৷ আৰু তোমাৰ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ৷” তেতিয়া যীচুৱে কলে, “তুমি ঠিক উত্তৰ দিছা! তুমি যদি সেই দৰে কৰা তেনে হলে তুমি অনন্ত জীৱন লাভ কৰিবা ৷”
কিন্তু বিধান পণ্ডিত জনে তাত উপস্থিত থকা মানুহৰ আগত নিজকে শুদ্ধ জীৱনৰ অধিকাৰী বুলি দেখুৱাবলৈ বিচাৰিলে ৷ গতিকে তেওঁ যীচুক সুধিলে, “তেনে হলে, মোৰ ওচৰ-চুবুৰীয়া কোন ?”
যীচুৱে সেই বিধান পণ্ডিত গৰাকীক এটা কাহিনী কোৱাৰ দ্বাৰাই উত্তৰ দিলে, “এবাৰ এগৰাকী ইহুদী লোকে যিৰূচালেমৰ পৰা যিৰীহোলৈ যাত্ৰা কৰিছিল ৷”
“কিন্তু কিছুমান ডকাইতে তেওঁক আক্ৰমণ কৰিলে ৷ আৰু তেওঁক মৰিয়াই আধামৰা কৰি বাটৰ দাঁতিত পেলাই থলে৷ তাৰ পিছত সিঁহত গুচি গল ৷”
“তাৰ পিছতেই এজন যিহূদী পুৰোহিত সেই বাটেদি গৈছিল ৷ সেই পুৰোহিতে সেই মানুহজনক বাটৰ দাঁতিত পৰি থকা দেখিবলৈ পালে ৷ তেওঁ যেতিয়া সেই মানুহজনক দেখিলে তেতিয়া সেই মানুহ জন নেদেখাৰ ভাও ধৰিলে তেওঁ বাটৰ সিটো কাষেদি গুছিগল৷”
“কিছু সময়ৰ পিছতে, এগৰাকী লেবীয়াও সেই বাটেদি গৈছিল ৷ (লেবীয়া বিলাক ইস্ৰায়েলৰ এটা গোষ্ঠি হয়, যিয়ে পুৰোহিত সকলক মন্দিৰৰ পৰিচৰ্যাত সহায় কৰে ৷) সেই লেবীয়া লোক জনেও সেই মানুহজনক পৰি থকা দেখিও আওকাণ কৰি এফলীয় হৈ গুচি গল”
“ইয়াৰ পিছত এজন চৰমীয়া (চমৰীয়া আৰু যিহূদী সকলে ইজনে সিজনক ঘিণ কৰিছিল ৷) লোক সেই বাটেদি গৈছিল ৷ চমৰীয়া ব্যক্তি জনক বাটৰ কাষত পৰি থকা লোক জনক দেখিলে, আৰু তেওঁৰ সেই মানুহ জনৰ প্ৰতি তেওঁৰ বৰ দয়া উপজিল ৷ তাতে তেওঁ সেই লোকজনৰ কাষলৈ গল আৰু তেওঁৰ আঘাত পোৱা ঠাই বান্ধি দিলে ৷ ”
“তাৰ পিছত সেই চমৰীয়া লোক জনে তেওঁক নিজৰ গাধৰ ওপৰত বহুৱাই লৈ গল৷ তেওঁ বাটৰ কাষতে থকা এটা আলহী ঘৰত ৰাখি তেওঁৰ শুশ্ৰূষা কৰিবলৈ ধৰিলে৷”
“পিছদিনা, চমৰীয়া জনে যাত্ৰা কৰিব হল ৷ তেওঁ সেই ঘৰৰ গৰাকীক অলপ ধন দি তেওঁৰ দায়িত্ব দি তেওঁক কলে, ‘এই লোক জনক চোৱা-চিতা কৰিবা ৷ আৰু ধনৰ প্ৰয়োজন হলে মই উভতি অহাৰ সময়ত সেই ধন পৰিশোধ কৰিম ৷’”
ইয়াৰ পিছত যীচুৱে সেই বিধান পণ্ডিত জনক সুধিলে, “তুমি কি ভাবা ? সেই ডকাইতৰ কবলত পৰা লোক জনৰ বাবে সেই বাটেদি যোৱা তিনিজনৰ ভিতৰৰ কোন জন লোক ওচৰ-চুবুবৰীয়া হল ?” তেওঁ উত্তৰ দি কলে, “যি জনে তেওঁলৈ দয়া দেখুৱালে ৷” তাতে যীচুৱে তেওঁক কলে, “তুমিও গৈ সেইদৰে কৰা ৷”