Ընտրեք լեզու

mic

Կիսվել

Կիսվել հղումով

QR code for https://globalrecordings.net/script/7969

unfoldingWord 22 - যোহনৰ জন্ম

unfoldingWord 22 - যোহনৰ জন্ম

Ուրվագիծ: Luke 1

Սցենարի համարը: 1222

Լեզու: Assamese

Հանդիսատես: General

Նպատակը: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Կարգավիճակ: Approved

Սցենարները հիմնական ուղեցույցներ են այլ լեզուներով թարգմանության և ձայնագրման համար: Դրանք պետք է հարմարեցվեն ըստ անհրաժեշտության, որպեսզի դրանք հասկանալի և համապատասխան լինեն յուրաքանչյուր տարբեր մշակույթի և լեզվի համար: Օգտագործված որոշ տերմիններ և հասկացություններ կարող են ավելի շատ բացատրության կարիք ունենալ կամ նույնիսկ փոխարինվել կամ ամբողջությամբ բաց թողնել:

Սցենարի տեքստ

পুব্বতে, ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক কথা কৈছিল যাতে তেওঁলোকে লোকসমূহৰ আগত তাক প্ৰকাশ কৰিব পাৰে। কিন্তু ৪০০ বছৰলৈকে তেওঁ কথা কোৱা নাছিল। এদিনাখন পুৰুহিত জখৰীয়াৰ ওচৰলৈ ঈশ্বৰৰ দূত এজন আহিল। জখৰীয়া আৰু তেওঁৰ ভাৰ্য্যা এলিজাবেথে ঈশ্বৰক ভক্তি কৰিছিল। তেওঁ লোক অতি বৃদ্ধ অৱস্থাত আছিল, আৰু তাইৰ তেতিয়ালৈকে কোনো সন্তান নাছিল ।

সেই দুতে জখৰীয়াক ক’লে, ‘‘ তোমাৰ ভাৰ্য্যা এলিজাবেথ এটা পুত্ৰ প্ৰসৱ কৰিব, তুমি তেওঁৰ নাম যোহন থবা। ঈশ্বৰে তেওঁক পবিত্ৰ আত্মাৰে পৰিপুণ কৰিব, আৰু যোহনে লোক সমূহক সেই মচিহক গ্ৰহন কৰিবলৈ প্ৰস্তুত হ’বলৈ ক’ব!’’ জখৰীয়াই উত্তৰ দি ক’লে, ‘‘ সন্তান লাভ কৰিনলৈ মই আৰু মোৰ ভাৰ্য্যা এতিয়া অতিশয় বৃদ্ধ অৱস্থা৷ আপুনি যে সঁচা কৈছে তাক মই কেনেকৈ জানিম ?’’

উত্তৰত দুতে তেওঁক ক’লে, ‘‘ মই ঈশ্বৰৰ পৰা তোমাক এই শুভ বাতৰি দিবলৈ আহিলো। কিয়নো তুমি মোক বিশ্বাস কৰা নাই , সেয়ে বাবে তোমাৰ সন্তান নোহোৱালৈকে তুমি বোবা গৈ থাকিবা।’’ তৎক্ষনাতে জখৰীয়াই কথা ক’ব নোৱাৰা হ’ল। তেতিয়া সেই দুত জখৰীয়াৰ ওচৰৰ পৰা গ’ল। তাৰ পিছত জখৰীয়া ঘৰলৈ আহিল আৰু তেওঁৰ ভাৰ্য্যক সন্তান সম্ভৱা দেখা পালে।

এলিজাবেথ যেতিয়া ছমাহ মানৰ সন্তান সম্ভৱা আছিল, সেই সময়ত সেই একে দুতে এলিজাবেথৰ ভনীয়েক মৰিয়মৰ আগত উপস্থিত হ’ল। তেওঁ এগৰাকী কুমাৰী আছিল আৰু তেওঁক যোচেফ নামৰ এগৰাকী পুৰুষলৈ বিৱাহৰ নিমিত্তে বাগদান কৰি ৰখা হৈছিল। দুতে তেওঁক ক’লে, ‘‘ তুমি গভৱতি হৈ এক পুত্ৰ প্ৰশৱ কৰিবা। তেওঁৰ নাম যীচু থবা। তেওঁ সব্বোপৰি ঈশ্বৰৰ পুত্ৰ আৰু তেওঁ গোটেই জগতক অনন্ত কাললৈকে শাসন কৰিব।’’

মৰিয়মে দুতক উত্তৰ দি ক’লে, ‘‘ এইটো কেনেকৈ সম্ভৱ যিহেতু মই এগৰাকী কুমাৰী?” সেই দুতে তেওঁক বুজাই ক’লে, ‘‘ পবিত্ৰ আত্মাই ঈশ্বৰৰ শক্তিৰে সৈতে তোমাৰ ওপৰলৈ আহিব, সেয়েহে সেই সন্তান পবিত্ৰ হ’ব আৰু তেওঁ ঈশ্বৰৰ পুত্ৰ হ’ব।” দুতে কোৱা কথাত মৰিয়মে বিশ্বাস কৰিলে।

এইদৰে সকলো ঘটাৰ পিছত, মৰিয়মে এলিজাবেথৰ ওচৰলৈ গ’ল। যেতিয়াই মৰিয়মে এলিজাবেথক লগ পালে, তেতিয়া এলিজাবেথৰ গৰ্ভত থকা সন্তানে জপিয়াবলৈ আৰম্ভ কৰিলে। মহিলা কেইগৰাকিয়ে তেওঁলোকৰ জীৱনত ঈশ্বৰে কৰা আশীব্বাদবোৰক সোঁৱৰি আনন্দিত হ’ল। মৰিয়মে তিনি মাহলৈ এলিজাবেথৰ ওচৰলৈ গৈথাকিল, পাছত মৰিয়মে ঘৰলৈ উভিত আহিল।

তাৰ পিছত এলিজাবেথে এটি পু্ত্ৰ প্ৰশৱ কৰিলে। দুতে কোৱাৰ দৰেই জখৰীয়া আৰু এলিজাবেথে তেওঁৰ নাম যোহন থলে। তেতিয়াই ঈশ্বৰক কথা কবলৈ শক্তি পুণৰ ঘুৰাই দিলে। জখৰীয়াই তেতিয়া ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে ঈশ্বৰে তেওঁৰ লোক সকলক স্মৰণ কৰিলে! তুমি মোৰ পুত্ৰ এজন ঈশ্বৰৰ এজন মহান ভাৱবাদী হ’ব। তুমিয়ে লোক সকলক তেওঁলোকৰ পাপৰ ক্ষমা কেনেকৈ পাব তাক জনাবা।

Առնչվող տեղեկություններ

Կյանքի խոսքեր - Աուդիո ավետարանական ուղերձներ հազարավոր լեզուներով, որոնք պարունակում են Աստվածաշնչի վրա հիմնված ուղերձներ փրկության և քրիստոնեական կյանքի մասին:

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?