Válasszon nyelvet

mic

Részvény

Hivatkozás megosztása

QR code for https://globalrecordings.net/script/7993

unfoldingWord 46 - পৌল খ্ৰীষ্টিয়ান হোৱা

unfoldingWord 46 - পৌল খ্ৰীষ্টিয়ান হোৱা

Áttekintés: Acts 8:1-3; 9:1-31; 11:19-26; 13-14

Szkript száma: 1246

Nyelv: Assamese

Közönség: General

Célja: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Állapot: Approved

A szkriptek alapvető irányelvek a más nyelvekre történő fordításhoz és rögzítéshez. Szükség szerint módosítani kell őket, hogy érthetőek és relevánsak legyenek az egyes kultúrák és nyelvek számára. Egyes használt kifejezések és fogalmak további magyarázatot igényelhetnek, vagy akár le is cserélhetők vagy teljesen kihagyhatók.

Szkript szövege

চৌল নামৰ যীচুক বিশ্বাস নকৰা এজন ব্যক্তি তাত আছিল ৷ তেওঁ স্তিফান্ক বধ কৰা লোক সকলৰ কাপোৰৰ ৰখীয়া আছিল৷ পিছলৈ, তেওঁ খ্ৰীষ্টিয় বিশ্বাসী সকলক তাড়না কৰিছিল ৷ তেওঁৰ যিৰূচালেম নগৰৰ ঘৰে ঘৰে গৈ পুৰুষ-মহিলা সকলোকে কাৰাগাৰত বন্দী কৰি ৰাখিছিল ৷ ইয়াৰ পিছত মহা পুৰোহিতে তেওঁক দমেচকচলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰে ৷ তেওঁ চৌলক তাত থকা খ্ৰীষ্টিয় বিশ্বাসী সকলক বন্দী কৰি যিৰূচালেমলৈ আনিবৰ বাবে আজ্ঞা দিয়ে ৷

তাতে চৌল দমেচকলৈ যাত্ৰা কৰিলে ৷ পাছে তেওঁ সেই নগৰত উপস্থিত হোৱাৰ পূৰ্ব্বে, এটি অতি উজ্বল পোহৰে তেওঁৰ আৱৰি ধৰিলে আৰু তেওঁ মাটিত উবুৰি হৈ পৰিল ৷ চৌলে তেওঁক কোনো এজনে কথা কোৱা শুনিলে, “চৌল! চৌল!, তুমি মোক কিয় তাড়না কৰিছা ?” চৌলে সুধিলে, “প্ৰভু, আপুনি কোন হয় ?” যীচুৱে উত্তৰ দি তেওঁক কলে, “মই যীচু, যি জনক তুমি তাড়না কৰিছা!”

যেতিয়া চৌলে থিয় হয়, তেতিয়া তেওঁ চকুৰে নেদেখা হ’ল ৷ তেওঁৰ লগত যোৱা লোক সকলে তেওঁক নগৰৰ ভিতৰলৈ যাবৰ বাবে সহায় কৰিব লগা হ’ল ৷ ইয়াৰ পিছত চৌলে তিনিদিন কোনো পনীয়া বা গোটা আহাৰ গ্ৰহণ নকৰিলে ৷

দমেচকচত অননীয় নামেৰে এজন শিষ্য আছিল ৷ ঈশ্বৰে তেওঁক কলে, “চৌল থকা ঘৰলৈ তুমি যোৱা ৷ তুমি গৈ তেওঁৰ মূৰত হাত দিয়া তাতে তেওঁ দৃষ্টি ঘুৰাই পাব ৷” পাছে অননীয়ই কলে, “প্ৰভু, তেওঁ খ্ৰীষ্টিয় বিশ্বাসী সকলক তাড়না কৰা বুলি মই শুনিবলৈ পাইছো ৷” ঈশ্বৰে উত্তৰ দিলে, “যোৱা ! মই তেওঁক যিহূদী আৰু আন আন জাতিৰ লোক সকলৰ মাজত মোৰ নাম ঘোষণা কৰিবৰ বাবে মনোনীত কৰিছো ৷ তেওঁ মোৰ কাৰণে অনেক কষ্ট সহ্য কৰিব লাগিব ৷ ”

তাতে অনানীয় চৌলৰ কাষলৈ যায়, আৰু তেওঁৰ মূৰত নিজ হাত থয়, আৰু কয়, “যীচু, যিজনে বাটত তোমাক দেখা দিছিল, তেওঁৱে মোক তোমাৰ দৃষ্টি ঘুৰাই পাবৰ আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হবৰ অৰ্থে পঠিয়াইছে ৷” লগে লগে চৌলৰ চকু মুকলি হল আৰু অনানীয়ই তেওঁক বাপ্তিস্ম প্ৰদান কৰে ৷ তাৰ পিছত চৌলে কিছু আহাৰ গ্ৰহণ কৰে আৰু তেওঁ শৰীৰত পুনৰায় বল লাভ কৰে ৷

ইয়াৰ পিছতে, চৌলে দমেচকচৰ যিহূদী সকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁ কলে, “যীচু ঈশ্বৰৰ পুত্ৰ হয় !” এই কথা শুনি যিহূদী লোক সকল আচৰিত হল, কিয়নো চৌলে খ্ৰীষ্টিয় বিশ্বাসী সকলক বধ কৰিব বিচাৰিছল আৰু এতিয়া তেওঁ যীচুৰ বিশ্বাসী হৈ পৰিল! চৌলে যিহূদী সকলৰ সৈতে তৰ্ক কৰিলে ৷ যীচু যে উদ্ধাৰকৰ্তা হয় সেই কথাৰ প্ৰমাণ তেওঁ ডাঙি ধৰিলে ৷

কিছুদিনৰ পিছত, যিহূদী সকলে চৌলক বধ কৰিবলৈ পৰিকল্পনা কৰিলে ৷ তেওঁলোকে কিছুমান লোকক নগৰৰ দুৱাৰ কাষত তেওঁক নিৰীক্ষণ কৰিবৰ বাবে পঠিয়ালে যাতে তেওঁলোকে তেওঁক বধ কৰিব পাৰে ৷ পাছে চৌলে সেই পৰিকল্পনাৰ কথা গম পালে আৰু তেওঁৰ বন্ধু সকলে তেওঁক তাৰ পৰা পলাবৰ বাবে সহায় কৰিলে ৷ চৌল দমেচকচৰ পৰা পলাই অহাৰ পিছত, তেওঁৰ যীচুৰ কথা ঘোষণা কৰি যাব ধৰিলে ৷

চৌলে পাঁচনি সকলক লগ ধৰিবৰ বাবে যিৰূচালেমলৈ গল, কিন্তু তেওঁবিলাকে তেওঁক লগ ধৰিবলৈ ভয় কৰিলে ৷ ইয়াৰ পিছত বাৰ্ণবাচ নামৰ এজন বিশ্বাসীয়ে চৌলক পাঁচনি সকলৰ কাষলৈ লৈ গল ৷ তেওঁ তেওঁলোকক চৌলে কেনে দৰে দমেচকচত সাহসেৰে বাক্য ঘোষণা কৰিলে তাক কলে ৷ ইয়াৰ পিছত, পাঁচনি সকলে চৌলক গ্ৰহণ কৰিলে ৷

যিৰূচালেমত তাড়না হোৱাৰ সময়ত অনেক বিশ্বাসী বিলাক আন্তিয়খিয়া নগৰলৈ পলাই গৈছিল আৰু তাত যীচুৰ কথা প্ৰচাৰ কৰিছিল ৷ আন্তিয়খিয়াৰ প্ৰায় বিলাক লোকেই যিহূদী নাছিল, তথাপি অনেকে সেই বাৰ্তা শুনি বিশ্বাস কৰিলে ৷ বাৰ্ণাবাচ আৰু চৌল সেই ঠাইলৈ গৈ সেই নতুন বিশ্বাসী সকলক যীচুৰ বিষয়ে আৰু শিক্ষা দিয়াৰ দ্বাৰাই মণ্ডলী শক্তিশালী কৰিলে ৷ এই আন্তিয়খিয়াতে যীচুৰ বিশ্বাসী সকলক প্ৰথম বাৰৰ বাবে “খ্ৰীষ্টিয়ান” বুলি মতা হৈছিল ৷

এদিনাখন, আন্তিয়খৰ খ্ৰীষ্টিয় বিশ্বাসী সকলে লঘোণ দি প্ৰাৰ্থনা কৰি আছিল ৷ তেতিয়া পবিত্ৰ আত্মাই আহি তেওঁলোকক কলে, “যি কৰ্ম্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্ম্মৰ নিমিত্তে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া ৷” তাতে আন্তিয়খিয়া মণ্ডলীয়ে বাৰ্ণব্বা আৰু চৌলৰ বাবে প্ৰাৰ্থনা কৰিলে ৷ ইয়াৰ পিছত আন আন ঠাই সমূহত যীচু খ্ৰীষ্টৰ সম্বন্ধীয় শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবে পঠিয়াই দিয়ে ৷ বাৰ্ণব্বা আৰু চৌলে অনেক লোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰাত অনেক লোকে যীচুত বিশ্বাস কৰিলে৷

Kapcsolódó információ

Az Élet Szavai - Hangos evangéliumi üzenetek több ezer nyelven, amelyek Biblián alapuló üzeneteket tartalmaznak az üdvösségről és a keresztény életről.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?