unfoldingWord 39 - যীচুক বিচাৰৰ বাবে অনা
Obris: Matthew 26:57-27:26; Mark 14:53-15:15; Luke 22:54-23:25; John 18:12-19:16
Broj skripte: 1239
Jezik: Assamese
Publika: General
Svrha: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Status: Approved
Skripte su osnovne smjernice za prevođenje i snimanje na druge jezike. Treba ih prilagoditi prema potrebi kako bi bili razumljivi i relevantni za svaku različitu kulturu i jezik. Neki korišteni pojmovi i pojmovi možda će trebati dodatno objašnjenje ili će ih se čak zamijeniti ili potpuno izostaviti.
Tekst skripte
তেতিয়া নিশা প্ৰায় মাজভাগ হৈছিল ৷ সৈন্যসকলে যীচুক মহাপুৰোহিতৰ ওচৰলৈ আনিলে, কিয়নো তেওঁ যীচুক প্ৰশ্ন কৰিব বিচাৰিছিল ৷ সেই সময়ত পিতৰে আঁতৰৰ পৰা তেওঁলোকক অনুসৰণ কৰি আহি আছিল ৷ সৈন্যসকলেকে যেতিয়া যীচুক ঘৰৰ ভিতৰলৈ লৈ যায়, তেতিয়া পিতৰে বাহিৰতে ৰৈ জুইৰ তাপ লৈ থাকিল ৷
ঘৰৰ ভিতৰত, যিহূদী নেতা বিলাকে যীচুৰ বিচাৰ লবৰ বাবে সাজু হল ৷ তেওঁবিলাকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিবৰ বাবে বহুতো লোকক গোট খুৱালে ৷ কিন্তু তেওঁবিলাকে যি যি সাক্ষ্য দিলে, সেয়া ইজনৰ লগত সিজনৰ মিল নথকাত, তেওঁবিলাকে যীচুক দোষী সাব্যস্ত কৰিব নোৱাৰিলে ৷ যীচুৱে সেই সময়ত একো কথা কোৱা নাছিল ৷
অৱশেষত, মহা পুৰোহিতে যীচুৱৈ চালে আৰু সুধিলে, “তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা ?”
যীচুৱে কলে, “তুমি স্বৰূপ কলা, তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক, পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা ৷” ইয়াকে শুনি মহা পুৰোহিতে খঙত নিজৰ কাপোৰ ফালিলে ৷ তেওঁ আন নেতা সকলৰ উদ্দেশ্যে চিঞৰী কলে, “আমাৰ আৰু আন সাক্ষীৰ প্ৰয়োজন নাই! তেওঁ নিজকে ঈশ্বৰৰ পুত্ৰ বুলি ঈশ্বৰৰ নিন্দা কৰা নিজেই শুনিলা ৷ তেওঁৰ প্ৰতি তোমালোকৰ সিদ্ধান্ত কি ?”
তাতে সকলোৱে মহাপুৰোহিতৰ উদ্দেশ্যে কলে, “ই প্ৰাণদণ্ডৰ যোগ্য !” তাৰ পিছত তেওঁবিলাকে যীচুৰ চকু বান্ধিলে আৰু তেওঁৰ মূখত থুই পেলাই ভুকুৱাই নিন্দা কৰিবলৈ ধৰিলে ৷
সেই সময়ত পিতৰ ঘৰৰ বাহিৰত ৰৈ আছিল ৷ এজনী দাসীয়ে তেওঁক দেখা পালে ৷ তাই তেওঁক সুধিলে, “তুমিও জানো যীচুৰ লগত নাছিলা !” পিতৰে অস্বীকাৰ কৰিলে ৷ অলপ পিছত আন এগৰাকী ছোৱালীয়ে পুনৰ সুধিলে, আৰু পিতৰে পুনৰ অস্বীকাৰ কৰিলে ৷ অৱশেষত, কিছুলোকে তেওঁক সুধিলে, “আমি জানো তুমি যীচুৰ সঙ্গী হোৱা কিয়নো তোমালোক দুয়ো গালীলৰ হোৱা ৷”
তাতে পিতৰে কলে, “যদি মই সেই মানুহক চিনি পাওঁ তেনে হলে ঈশ্বৰে মোক শাও দিয়াক !” পিতৰে সেই দৰে কোৱাৰ লগে লগে কুকুৰাই ডাক দিলে ৷ যীচুৱে ঘুৰিলে আৰু পিতৰলৈ চালে ৷
পিতৰে তাৰ পৰা ওলাই গল আৰু শোকেৰে ক্ৰন্দন কৰিলে ৷ একে সময়তে, যিহূদা, যি জনে যীচুক শত্ৰুৰ হাতত শোধাই দিছিল, তেওঁ যিহূদী নেতা সকলে যীচুক মৃত্যুদণ্ড দিয়া দেখিবলৈ পালে ৷ তাকে জানি যিহূদাৰ অতিশয় বেজাৰ লাগিলে আৰু নিজকে নিজে বধ কৰিলে ৷
সেই সময়ত পীলাত সেই ঠাইৰ দেশাপতি আছিল ৷ তেওঁ ৰোমান সকলৰ বাবে কাম কৰিছিল ৷ যিহুদী নেতা সকলে যীচুক তেওঁৰ কাষলৈ আনিলে ৷ তেওঁবিলাকে পীলাতৰ দ্বাৰাই যীচুক দোষীসাব্যস্ত কৰি মৃত্যু দণ্ড দিয়াব বিচাৰিছিল ৷ তাৰ পিছত পীলাতে যীচুক সুধিলে, “তুমি যিহুদী বিলাকৰ ৰজা হোৱা নেকি ?”
যীচুৱে উত্তৰ দি কলে, “আপুনি সত্য কৈছে ৷ কিন্তু মোৰ ৰাজ্য এই জগতৰ নহয় ৷ যদি হল হয়, তেন্তে মোৰ দাসে মোৰ হৈ যুদ্ধ কৰিলে হয় ৷ সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই এই জগতলৈ আহিলোঁ ৷ সত্যতাৰ ফলীয়া সকলোৱে মোৰ কথা শুনে ৷” পীলাতে কলে, “সত্যতা নো কি ?”
যীচুৰ লগত কথা পতাৰ পাছত,পিলাতে বাহিৰলৈ লোকসমুহৰ ওচৰলৈ আহি কলে,“ এই মানুহ্জনত মই কোনো প্ৰাণদণ্ডৰ যোগ্য অপৰাধ নাপালো!” কিন্তু যিহুদি নেতা আৰু লোক সকলে চিঞৰীবলৈ ধৰিলে, “তাক ক্ৰুচত দিয়ক!” পিলাতে উত্তৰ দিলে,“তেওঁ কোনো ভূল কৰা নাই।” কিন্তু তেওঁলোকে ডাঙৰকৈ চিঞৰীব ধৰিলে। তাতে পিলাতে তীতৃয়বাৰ কলে, “তেওঁ দোষী নহয়!”
পাছে লোকসমূহে বিদ্ৰোহ কৰিব বুলি পিলাতে ভয় কৰিলে, সেয়ে তেওঁ তেওঁক ক্ৰুচত দিবলৈ সোধাই দিলে। ৰোমীয়া সেনাবিলাকে যীচুক চাবুকেৰে কোবালে আৰু এক কাইটৰ কিৰিটি পিন্ধালে।তাতে তেওঁলোকে তেওঁক ঠাট্ৰা কৰি কলে.“যিহুদীবিলাকৰ ৰজাক চোৱা!”