Odaberite jezik

mic

Udio

Podijeli poveznicu

QR code for https://globalrecordings.net/script/7961

unfoldingWord 14 - মৰুপ্ৰান্তত ভ্ৰমি ফুৰা

unfoldingWord 14 - মৰুপ্ৰান্তত ভ্ৰমি ফুৰা

Obris: Exodus 16-17; Numbers 10-14; 20; 27; Deuteronomy 34

Broj skripte: 1214

Jezik: Assamese

Publika: General

Svrha: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Status: Approved

Skripte su osnovne smjernice za prevođenje i snimanje na druge jezike. Treba ih prilagoditi prema potrebi kako bi bili razumljivi i relevantni za svaku različitu kulturu i jezik. Neki korišteni pojmovi i pojmovi možda će trebati dodatno objašnjenje ili će ih se čak zamijeniti ili potpuno izostaviti.

Tekst skripte

ঈশ্বৰে, ইস্ৰায়েলৰ লোক সকলৰ সৈতে এক নিয়ম স্থাপন কৰাৰ কথা আৰু তেওঁলোকক দিয়া আজ্ঞা সমূহো পালন কৰাৰ বিষয়ে, তেওঁলোকক কৈ শেষ কৰিলে। তাৰ পাছত তেওঁ লোক সকলক চীনয় পৰ্বতৰ কাষৰ পৰা লৈ গ’ল। ঈশ্বৰে লোক সকলক প্ৰতিজ্ঞাৰ দেশলৈ নিবলৈ ইচ্ছা কৰিলে। সেই ঠাইৰ নাম হ’লল কানান। ঈশ্বৰে ডাৱৰৰ স্তম্ভ হৈ তেওঁলোকৰ আগে আগে গৈ সেই ঠাইলৈ তেওঁলোকক লৈ গ’ল।

ঈশ্বৰে আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ বংশক প্ৰতিজ্ঞাৰ দেশ দিম বুলি প্ৰতিজ্ঞা কৰিলে, কিন্তু সেই ঠাইত ইতিমধ্যে কিছুমান লোকৰ সমষ্টিয়ে বাস কৰিছিল। তেওঁলোকক কনানীয় লোক বুলি কোৱা হৈছিল। তেওঁৰলোকে ঈশ্বৰৰ আৰাধানা কৰা নাছিল আৰু তেওঁৰ বাধ্যও নাছিল। তেওঁলোকে দেৱ দেবী সকলক পূজা কৰিছিল আৰু অনেক বেয়া কৰ্ম বিলাকত লিপ্ত আছিল।

ঈশ্বৰে ইস্ৰায়েলৰ লোক সকলক ক’লে, ‘‘ তোমালোক কানান দেশত উপস্থিত হোৱাৰ লগতে সেই ঠাইত বাস কৰা কনানীয় লোক সকলক সমূলি অতৰাব লাগিব। তেওঁলোকৰ সৈতে মিল নহবা আৰু তেওঁলোকৰ সৈতে বিৱাহ পাশত আবদ্ধও নহ’বা। তোমালোকে তেওঁলোকৰ পূজা কৰা মুত্তিবোৰ সম্পূৰ্ণকৈ ধংস কৰিব লাগিব। যদি তোমালোকে মোৰ আজ্ঞা সমূহক উলঙ্ঘন কৰা আৰু মোৰ বাহিৰে তেওঁলোকৰ আন কোনো দেৱ্তাক পুজা কৰা তেন্তে তাতে তোমালোকৰ নষ্ট হ’বা।

যেতিয়া ইস্ৰায়েলৰ লোক সকলে কানানৰ সিমাত পালে, সেই সময়ত মোচিয়ে ইস্ৰায়েলৰ বাৰ ফৈদৰ পৰা বাৰ জন লোকক বাচিলে। তাতে তেওঁলোকক কানান দেশলৈ চোৰাংচোৱা হিচাপে পিঠয়ালে। সেই ঠাইৰ বিষয়ে আৰু সেই ঠাইৰ লোকবোৰ প্ৰকৃততে কিমান শক্তিশালী বা দূৰ্বল তাকে চাবলৈ তেওঁলোকক চোৰাংচোৱ হিচাপে পথালে।

সেইেহে বাৰ জন চোৰাংচোৱাই চল্লিশ দিনলৈকে কানান দেশত থাকিল তাৰ পিছত তেওঁলোক পুণৰ ঘূৰি আহিল। তেওঁলোকে আহি ইস্ৰায়েলৰ লোক সকলক ক’লে, ‘‘ সেই ঠাইৰ মাটি অতি সাৰুৱা আৰু তাত শষ্যও অধিক’’! কিন্তু তেওঁলোকৰ মাজৰ দহজনে ক’লে, ‘‘ সেই ঠাইৰ নগৰ সমূহ অতি শক্তিশালী আৰু তাত বাস কৰা লোক সকলো অতি প্ৰকাণ্ড! যদি আমি তেওঁলোকক আক্ৰমণ কৰো, তেওঁলোকে আমাক নিশ্চিত ভাৱে পৰাস্ত্ৰ কৰিব আৰু আমাক হত্যা কৰিব!’’

ক্ষন্তেকতে কালেব আৰু যিহুচূৱাই মাত লগাই ক’লে, ‘‘ এইটো সত্য যে সেই ঠাইৰ মানুহবোৰ ওখ আৰু শক্তিশালী, কিন্তু এনে স্থলতো আমি তেওঁলোকক পৰাস্ত্ৰ কৰিব পাৰিম! কিয়নো আমাৰ হৈ ঈশ্বৰে যুদ্ধ কৰিব!’’

কিন্তু ইস্ৰায়েলৰ লোক সকলে কালেব আৰু যিহুচূৱাৰ কথা গ্ৰহণ নকৰিলে। সেই সময়ত তেওঁলোকে মোচি আৰু হাৰোণক দোষাৰোপ কৰি ক’লে, ‘‘ এনেকুৱা এক শকাকূল ঠাইলৈ আমক কিয় আনিলা?’’ আমাৰ বাবে ইজিপ্ততে থকা হলেই ভাল আছিল। যদি আমি সেই ঠাইলৈ যাওঁ, তাতে যুদ্ধত আমি মৰিম, তেওঁলোকে আমাৰ ভাৰ্য্যা আৰু সন্তানবোৰক দাস হিচাপে ব্যৱ্হাৰ কৰিব।” সেয়ে লোক সকলে তেওঁলোকক ইজিপ্তলৈ পুণৰ নিবৰ বাবে এক নেতা বিচাৰিবলৈ ইচ্ছা কৰিলে।

যেতিয়া লোক সমূহে এনেদৰে ক’লে, ঈশ্বৰে লোক সমূহৰ ওপৰত অতিকৈ ক্ৰুধাম্বিত হ’ল। ঈশ্বৰে আলোচনা কৰা তম্বুলৈ আহি ক’লে,‘‘ তোমালোকে মোৰ অহিতে কায্য কৰিলা, সেয়েহে তোমালোক সকলোৱে মৰুপ্ৰান্তত ভ্ৰমি ফুৰিবা। তোমালোকৰ বিশ বছৰ ওপৰৰ লোকসকল আৰু তাৰ ওপৰৰ বয়সৰ সকলো লোকে তাতে মৰিবা আৰু মই তোমালোকক দিয়া সেই প্ৰতিজ্ঞাৰ ঠাইত তেওঁলোকে কেতিয়াওঁ সোমাবলৈ নাপাব। কেৱল যিহোচূৱা আৰু কালেবেহে তাত প্ৰবেশ কৰিব।

যেতিয়া লোক সকলে ঈশ্বৰে এইদৰে কোৱা শুনিলে, তেওঁলোকে ঈশ্বৰৰ অহিতে কৰা ভূলৰ বাবে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিলে। সেয়েহে তেওঁলোকে কানান দেশত বাস কৰা লোক সকলৰ সৈতে যুদ্ধ ক্ষেত্ৰত অৱত্তীৰ্ন হ’ল। মোচিয়ে তেওঁলোকক সেই ঠাইলৈ যাবলৈ নিষেধ কৰিলে আৰু ক’লে তোমালোকে তালৈ নাযাবা কিয়নো ঈশ্বৰে তোমালোকৰ লগত নাযায়, কিন্তু তেওঁলোকে মোচিৰ কথা নুশুনিলে।

সেই সময়ত ঈশ্বৰে তেওঁলোকৰ সৈতে যুদ্ধলৈ নগ’ল। কানান দেশত তেওঁলোকে পৰাজয় বৰণ কৰিলে আৰু তেওঁলোকৰ অনেকে সেই যুদ্ধত মৰিল। তাৰ পিছত চল্লিশ বছৰলৈকে, তেওঁলোকে সেই অৰণ্যত ভ্ৰমি ফুৰিলে।

সেই চল্লিশ বছৰ সময়ত তেওঁলোকক ঈশ্বৰে সকলো প্ৰকাৰে বিভিন্ন বস্তুবোৰ যোগালে। তেওঁ সাৰগৰ পৰা পিঠাৰ দৰে ‘মান্না’ দিলে। ঈশ্বৰে তেওঁলোকৰ তম্বুবোৰৰ ওচৰত বটা চৰাইৰ জাকে জাকে আনিলে যাতে তেওঁলোকে তাৰে মাংস খাবলৈ পাই। সেই সময়ত, ঈশ্বৰে তেওঁলোকৰ বস্ত্ৰ আৰু চেন্দেল নষ্ট হবলৈ বা চিঙিবলৈ নিদিলে।

এনেকি ঈশ্বৰে তেওঁলোকে পান কৰিবৰ অৰ্থে আচৰিত ধৰণে শিলৰ পৰা পানী উলিয়ালে। এই সকলোবোৰৰ অন্ততো কিন্তু ইস্ৰয়েলৰ লোক সকলে ঈশ্বৰৰ আৰু তেওঁৰ দাস মোচিৰ অহিতে কথা কলে। তাৰ পিছতো কিন্তু ঈশ্বৰে তেওঁলোকৰ নিমিত্তে বিশ্বাসী হৈ থাকিল। তেওঁ আব্ৰাহাম, ইচাহাক আৰু যাকোবক কৰা প্ৰতিজ্ঞা অনুসৰি তেওঁলোকৰ সন্তান সন্ততি সকলক প্ৰেম কৰিলে।

আৰু এবাৰ যেতিয়া তেওঁলোকৰ পানীৰ প্ৰয়োজন হৈছিল, সেই সময়ত ঈশ্বৰে মোচিক ক’লে, ‘‘ শিলটোক কথা কোৱা তাৰ পৰা পানী ওলাব।’’ কিন্তু মোচিয়ে শিলতোক কথা নকলে। তাৰ সলনি তেওঁ এডাল লাঠিৰে শিলটোক দুবাৰ মাৰিলে। এইদৰে তেওঁ ঈশ্বৰক অসন্মান কৰিলে। তাতে সকলোৰে বাবে পানী ওলাল আৰু তাক পান কৰিলে। কিন্তু ঈশ্বৰে মোচিৰ ওপৰত ক্ৰুধিত হ’ল। ঈশ্বৰে মোচিক ক’লে, ‘‘ এইকৰ্ম কৰাৰ বাবে, তুমি প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপাবা।’’

ইস্ৰায়েল জাতিয়ে চল্লিশ বছৰ কাল মৰুপ্ৰান্তত ভ্ৰমি ফুৰাৰ পাছত, যি সকলে ঈশ্বৰৰ অহিতে গৈছিল তেওঁলোক মৰিল। অৱিশষ্ট সকলক ঈশ্বৰে প্ৰতিজ্ঞাৰ ঠাইৰ সিমালৈ পৰিচালনা কৰি নিলে। সেই সময়ত মোচি বৃদ্ধ অৱস্থালৈ আহিল, সেয়েহে ঈশ্বৰে মোচিৰ সহায়ক হিচাপে যিহুচূৱাক মনোনিত কৰিলে যাতে তেওঁ লোক সমূহকনেতৃত্ব দিব পাৰিব৷ তাতে ঈশ্বৰে মোচিক প্ৰতিজ্ঞা কৰিলে যে, এদিন তেওঁ লোক সমূহৰ বাবে মোচিৰ দৰে আন ভাৱবাদী পঠাব।

তাতে ঈশ্বৰে মোচিক পৰ্বতৰ ওপৰলৈ যাবলৈ ক’লে যাতে তেওঁ সেই প্ৰতিজ্ঞাৰ ঠাইক প্ৰতক্ষ্য কৰিব পাৰে। মোচিয়ে সেই প্ৰতিজ্ঞাৰ ঠাই দেখা পালে কিন্তু ঈশ্বৰে তেওঁ সেই ঠাইত প্ৰৱেশ কৰা পৰা বঞ্চিত কৰিলে। কিছু দিন পাছত মোচি মৰিল, সেইবাবে ইস্ৰায়েল জাতিটোৱে ত্ৰিশ দিনলৈকে শোক কৰিলে। সেই সময়ত যিহুচূৱা তেওঁলোকৰ নতুন নেতা হ’ল। তেওঁ এজন ভাল নেতা আছিল তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল আৰু তেওঁৰ বাধ্য আছিল।

Povezane informacije

Riječi života - Audio evanđeoske poruke na tisućama jezika koje sadrže biblijske poruke o spasenju i kršćanskom životu.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?