unfoldingWord 48 - যীচুৱে আহিব লগা মচীহ হয়
طرح کلی: Genesis 1-3, 6, 14, 22; Exodus 12, 20; 2 Samuel 7; Hebrews 3:1-6, 4:14-5:10, 7:1-8:13, 9:11-10:18; Revelation 21
شماره کتاب: 1248
زبان: Assamese
مخاطبان: General
هدف: Evangelism; Teaching
سمات: Bible Stories; Paraphrase Scripture
وضعیت: Approved
اسکریپت ها( سندها)، دستورالعمل های اساسی برای ترجمه و ضبط به زبان های دیگر هستند. آنها باید در صورت لزوم تطبیق داده شوند تا برای هر فرهنگ و زبان مختلف قابل درک و مرتبط باشند. برخی از اصطلاحات و مفاهیم مورد استفاده ممکن است نیاز به توضیح بیشتری داشته باشند، یا جایگزین، یا به طور کامل حذف شوند.
متن کتاب
ঈশ্বৰে যেতিয়া পৃথিবী সৃষ্টি কৰিছিলে, তেতিয়া সকলো বিলাক নিখূত আছিল ৷ তাত কোনো ধৰণৰ পাপ নাছিল ৷ আদম আৰু হৱাই ইজনে সিজনক আৰু ঈশ্বৰক প্ৰেম কৰিছিল ৷ তাত কোনো ধৰণৰ ৰোগ বা মৃত্যু নাছিল ৷ ঈশ্বৰে এনে এখন পৃথিবী আশা কৰিছিল ৷
চয়তানে হৱাক ভুলাবৰ বাবে বাগিছালৈ সাপ হৈ আহি কথা পাতিলে ৷ ইয়াৰ পিছত তাই আৰু আদমে ঈশ্বৰে অহিতে পাপ কৰিলে ৷ যিহেতু তেওঁলোকে পাপ কৰিলে, যাৰ বাবে পৃথিবীৰ সকলোলৈ মৃত্যু বিয়পি পৰিল ৷
যিহেতু আদম আৰু হৱাই পাপ কৰিলে, যাৰ বাবে ইয়াতকৈও এক বেয়া ঘটিল ৷ তেওঁলোক ঈশ্বৰৰ শত্ৰু হল ৷ যাৰ ফলস্বৰূপে, তাৰ পিছত প্ৰতিজন লোকে পাপ কৰিলে ৷ প্ৰতিজন লোক জন্ম হোৱাৰ পিছতে ঈশ্বৰৰ শত্ৰু হৈ পৰে ৷ ঈশ্বৰ আৰু মানুহৰ মাজৰ সম্বন্ধ বিছিন্ন হয় ৷ পাছে ঈশ্বৰে সেই সম্পৰ্ক পুনৰ স্থাপন কৰিব বিচাৰিছল ৷
ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে যে হৱাৰ বংশৰ পৰা উৎপন্ন হোৱা এজনে চয়তানৰ মূৰ গুৰি কৰিব ৷ আৰু লগতে চয়তানে তেৱঁৰ গেৰোহা গুৰি কৰিব বুলিও কৈছিল ৷ ইয়াৰ অৰ্থ হৈছে, চয়তানে সেই মচীহক বধ কৰিব, কিন্তু ঈশ্বৰে তেওঁক পুনৰায় জীয়াই তুলিব ৷ ইয়াৰ পিছত, সেই মচীহই চয়তানৰ শক্তি সদাকালৰ বাবে নাইকিয়া কৰিব ৷ বহু বছৰৰ পিছত, যীচুৱেই যে মচীহ হয়, ইয়াক ঈশ্বৰে দেখুৱালে ৷
ঈশ্বৰে নোহক তেওঁ পঠিয়াব লগা বানপানীৰ পৰা ৰক্ষা পাবৰ বাবে এখন জাহাজ নিৰ্মাণ কৰিবলৈ কৈছিল ৷ আৰু ঈশ্বৰে তেওঁত বিশ্বাস কৰা লোক সকলক এই দৰে ৰক্ষা কৰিছিল৷ আৰু একে দৰে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰা সকলে ঈশ্বৰ পৰা মৃত্যু লাভ কৰিলে ৷ পাছে ঈশ্বৰে তেওঁত বিশ্বাস কৰা সকলক উদ্ধাৰ কৰি ৰক্ষা কৰিবৰ বাবে যীচুক পঠিয়ালে ৷
কেইবাশ বছৰ ধৰি, পুৰোহিত সকলে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢাই গৈছিল ৷ ইয়াৰ দ্বাৰাই মানুহ যে পাপী ইয়াৰ প্ৰমাণ দিয়ে আৰু ঈশ্বৰৰ পৰা শাস্তি পোৱাৰ যোগ্য এই কথা বুজায় ৷ কিন্তু সেই বলিদানে তেওঁবিলাকৰ পাপ ক্ষমা কৰিব নোৱাৰে ৷ যীচু হৈছে মহান মহা পুৰোহিত ৷ পুৰোহিতে কৰিব নোৱাৰা কাৰ্য্য তেওঁ কৰিলে ৷ তেওঁ নিজে একমাত্ৰ বলি হল যাতে তেওঁৰ দ্বাৰাই সকলোৱে পাপৰ ক্ষমা লাভ কৰিব পাৰে৷ তেওঁবিলাকৰ সকলো পাপৰ ভাৰ নিজে লৈ ঈশ্বৰৰ শাস্তি নিজৰ ওপৰত লবৰ বাবে তেওঁ মান্তি হল ৷ এই কাৰণে, যীচু সিদ্ধ মহা-পুৰোহিত ৷
ঈশ্বৰে অব্ৰাহামক কৈছিল, “পৃথিবীৰ আটাই জাতিৰ লোকক মই তোমাৰ দ্বাৰাই আশীৰ্ব্বাদিত কৰিম ৷” যীচু হৈছে এই অব্ৰাহমৰ বংশৰ লোক ৷ ঈশ্বৰে অব্ৰাহামৰ বংশৰ সকলোকে আশীৰ্ব্বাদ কৰিলে, কিয়নো তেওঁ যীচুত বিশ্বাস কৰা সকলোৰে পাপ তেওঁ ক্ষমা কৰে ৷ যেতিয়া এই লোকসকলে যীচুত বিশ্বাস কৰে, তেতিয়া ঈশ্বৰে তেওঁলোক অব্ৰাহামৰ বংশৰ বুলি গণ্য কৰে ৷
ঈশ্বৰে অব্ৰাহামক নিজৰ পুত্ৰ, ইচাহাকক তেওঁৰ উদ্দেশ্যে বলি দিবৰ বাবে কৈছিল ৷ পাছে শেষ মূহুৰ্ত্তত ঈশ্বৰে ইচাহাকৰ সলনি বলি দিবৰ বাবে এটা মেৰ যোগায় ৷ আমি আমাৰ পাপ সমূহৰ বাবে মৃত্যুদণ্ডৰ যোগ্য হওঁ ৷ কিন্তু ঈশ্বৰে আমাৰ ঠাইত যীচুক বলি হবৰ বাবে পঠিয়ালে ৷ আৰু ইয়াৰ বাবে আমি যীচুক ঈশ্বৰৰ মেৰ বুলি সম্বোন্ধন কৰোঁ ৷
ঈশ্বৰে যেতিয়া মিচৰলৈ শেষৰ উৎপাতটো পঠিয়াইছিল, তেওঁ ইস্ৰায়েলৰ সকলো পৰিয়ালকে একোটা মেৰ বধ কৰিবলৈ কৈছিল ৷ সেই মেৰ নিঘূণী হব লগিব ৷ ইয়াৰ পিছত তেওঁলোকক সেই মেৰৰ তেজ নিজৰ দুৱাৰৰ চৌকাঠত লগাই থবলৈ কোৱা হৈছিল৷ আৰু যেতিয়া ঈশ্বৰে সেই তেজ দেখা পালে তেওঁ সেই ঘৰৰ ওপৰে পাৰ হৈ গৈছিল তেওঁলোকৰ প্ৰ্থমে জন্মাবোৰক নামাৰিলে৷ ঈশ্বৰে ইয়াক নিস্তাৰ পৰ্ব বুলি কৈছিল।
যীচুৱেই হৈছে আমাৰ নিস্তাৰ পৰ্ব্বৰ মেৰ ৷ তেওঁ কেতিয়াও পাপ কৰা নাই ৷ নিস্তাৰ পৰ্ব্বৰ সময়তে তেওঁৰ মৃত্যু হৈছিল ৷ যেতিয়া কোনো এজন ব্যক্তিয়ে যীচুত বিশ্বাস কৰে, তেতিয়া যীচুৰ তেজে সেই ব্যক্তি জনৰ পাপৰ মূল্য পৰিশোধ কৰে ৷ এনে দৰে ঈশ্বৰে সেই ব্যক্তি জনক পাপৰ পৰা নিস্তাৰ কৰে ৷
ঈশ্বৰে ইস্ৰায়েলিয়া সকলৰ সৈতে এটি নিয়ম স্থাপন কৰিছিল, যিহেতু তেওঁবিলাকে তেওঁৰ মনোনীত লোক আছিল ৷ কিন্তু ঈশ্বৰে এতিয়া সকলোৰে বাবে এটি নতুন নিয়ম স্থাপন কৰিছে ৷ আৰু যি কোনোৱে সেই নতুন নিয়মত বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ লোক হিচাপে পৰিগণিত হব ৷ তেওঁ ইয়াক যীচুত বিশ্বাস কৰাৰ দ্বাৰাই কৰে ৷
মোচি ঈশ্বৰৰ শক্তিৰ দ্বাৰাই শক্তিবন্ত হৈ বাক্য ঘোষণা কৰা এজন ভাৱবাদী আছিল ৷ কিন্তু যীচু সকলো ভাববাদী সকলৰ উৰ্ধত ৷ তেওঁ ঈশ্বৰ হয়, গতিকে তেওঁ যি কৰে বা কয় সেই সকলোবিলাক ঈশ্বৰৰ কাৰ্য্য আৰু বাক্য হয় ৷ যাৰ বাবে শাস্ত্ৰই যীচুক ঈশ্বৰৰ বাক্য বুলি কৈছে ৷
ঈশ্বৰে ৰজা দায়ূদক প্ৰতিজ্ঞা কৰিছিলে যে তেওঁৰ বংশৰ এজন ব্যক্তিয়ে ঈশ্বৰৰ লোক সকলৰ ওপৰত সদা কালৰ বাবে ৰাজত্ব কৰিব ৷ যীচুৱে হৈছে ঈশ্বৰৰ পুত্ৰ আৰু উদ্ধাৰকৰ্তা, গতিকে তেওঁ দায়ূদৰ বংশৰ হয় আৰু তেওঁৱে সদাকালৰ বাবে শাসন কৰিব ৷
দায়ূদ ইস্ৰায়েলৰ ৰজা আছিল, কিন্তু যীচু গোটেই জগতৰ ৰজা হব ! তেওঁ আকৌ আহিব আৰু ধাৰ্মিকতা আৰু শান্তি সদাকালৰ বাবে প্ৰতিস্থা কৰিব ৷