unfoldingWord 41 - ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলিলে
Kontuur: Matthew 27:62-28:15; Mark 16:1-11; Luke 24:1-12; John 20:1-18
Skripti number: 1241
Keel: Assamese
Publik: General
Eesmärk: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Olek: Approved
Skriptid on põhijuhised teistesse keeltesse tõlkimisel ja salvestamisel. Neid tuleks vastavalt vajadusele kohandada, et need oleksid arusaadavad ja asjakohased iga erineva kultuuri ja keele jaoks. Mõned kasutatud terminid ja mõisted võivad vajada rohkem selgitusi või isegi asendada või täielikult välja jätta.
Skripti tekst
সৈন্যসকলেকে যীচুক ক্ৰুচবিদ্ধ কৰাৰ পিছত, যিহূদী পৰিচালক সকলে পীলাতক কলে, “সেই মিছলীয়া, যীচুৱে কৈছিল যে তেওঁ তিনিদিনৰ পিছত জী উঠিব ৷ সেয়েহে তেওঁৰ শৰীৰটো কোনোৱে যাতে চুৰ নকৰে, তাৰ বাবে তেওঁৰ মৈদামটো পহৰী নিয়োগ কৰিব লাগে ৷ নহলে তেওঁলোকে কব যে তেওঁ মৰাৰ পৰা জী উঠিল ৷”
পীলাতে কলে, “তোমালোকে কিছু চন্তৰী পাবা, যোৱা তোমালোকে যেনেকৈ পাৰা, ৰাখাগৈ ৷” সেয়েহে তেওঁলোকে সেই মৈদামৰ মূখ থকা শিলচটাত মোহৰ মাৰিলে ৷ লগতে সেই মৈদামৰ পৰা কোনোৱে যেন দেহটো চুৰ কৰি নিব নোৱাৰিব তাৰ বাবে কিছুমান চন্তৰী তাত ৰখালে ৷
যীচুৰ মৃত্যু হোৱাৰ পিছদিনা বিশ্ৰাম বাৰ আছিল ৷ বিশ্ৰাম বাৰে কোনোৱে কৰ্ম্ম নকৰিছিল, সেয়েহে যীচুৰ কোনো এজন বন্ধুৱেও সেই মৈদামলৈ যোৱা নাছিল ৷ পাছে বিশ্ৰাম-বাৰ অতীত হোৱাত, অতি ৰাতিপুৱাতে কেইবাগৰাকী মহিলা যীচুৰ মৈদামলৈ যাবৰ বাবে সাজু হয় ৷ তেওঁলোকেকে তেওঁৰ শৰীৰত আৰু অধিক সুগন্ধী দ্ৰব্য ঘঁহিবলৈ গৈছিল ৷
মহিলা সকল তাত উপস্থিত হোৱাৰ পূৰ্ব্বে মৈদামত এক ভূমিকম্প হৈছিল ৷ এগৰাকী দূত স্বৰ্গৰ পৰা নামি আহিল ৷ তেওঁ মৈদামৰ মূখ বন্ধ কৰি ৰখা শিলচটা আঁতৰাই তাৰ ওপৰত বহি আছিল ৷ সেই দূতে উজ্বল পোহৰৰ দৰে শুক্ল বস্ত্ৰ পৰিধান কৰি আছিল ৷ মৈদামত থকা চন্তৰী সকলে তেওঁক দেখিলে৷ তাতে তেওঁবিলাকে অতিশয় ভয় পাই মৰা মানুহৰ দৰে মাটিত পৰি ৰ’য় ৷
যেতিয়া সেই মহিলা সকল মৈদামত উপস্থিত হয়, তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা ৷ যীচু ইয়াত নাই ৷ তেওঁ কোৱাৰ দৰে তেওঁ মৰাৰ পৰা উঠিল ! তোমালোকে তেওঁৰ শুই থকা ঠাই চোৱা ৷” তেওঁলোকে মৈদামৰ ভিতৰত য’ত যীচুক শুৱাই থোৱা হৈছিল সেই ঠাই চালে ৷ তেওঁৰ দেহটো তাত নাছিল !
ইয়াৰ পিছত সেই দূতে মহিলা সকলৰ উদ্দেশ্যে কলে, “যোৱা আৰু শিষ্য সকলক কোৱাগৈ, ‘যীচু মৰাৰ পৰা জী উঠিলে, আৰু তেওঁ তোমালোকৰ আগেয়ে গালীললৈ গৈছে ৷’”
তাতে সেই মহিলাসকল অতিশয় বিস্ময় আৰু আনন্দিত হয় ৷ তেওঁলোকে সেই শুভবাৰ্তা শিষ্য সকলক দিবৰ বাবে দৌৰি গল ৷
মহিলাসকলে শিষ্য সকলক সেই শুভবাৰ্তা দিবৰ বাবে গৈ থাকোতে বাটতে যীচু তেওঁলোকৰ আগত আবিৰ্ভাৱ হয় ৷ তেওঁলোকে তেওঁৰ চৰণৰ ওচৰত আঠু লয় ৷ তাতে যীচুৱে কলে, “ভয় নকৰিবা ৷ যোৱা আৰু মোৰ শিষ্য সকলক গালীললৈ যাবৰ বাবে কোৱা ৷ তেওঁলোকে তাত মোক দেখা পাব ৷”