unfoldingWord 20 - বন্দীত্ব আৰু তাৰ পৰা উভতি অহা
Omrids: 2 Kings 17; 24-25; 2 Chronicles 36; Ezra 1-10; Nehemiah 1-13
Script nummer: 1220
Sprog: Assamese
Publikum: General
Formål: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Status: Approved
Scripts er grundlæggende retningslinjer for oversættelse og optagelse til andre sprog. De bør tilpasses efter behov for at gøre dem forståelige og relevante for hver kultur og sprog. Nogle anvendte termer og begreber kan have behov for mere forklaring eller endda blive erstattet eller helt udeladt.
Script tekst
ইস্ৰায়েল ৰাজ্য আৰু যিহূদা ৰাজ্যই ঈশ্বৰৰ অহিতে পাপ কৰিলে। চীনয় পব্বতত ঈশ্বৰে তেওঁলোকৰে সৈতে স্থাপন কৰা নিয়মক তেওঁলোকে ভাঙিলে। ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক পঠিয়াই লোক সকলক বহু বাৰ সাৱধান কৰিলে আৰু ক’লে তোমালোকে মোক আৰাধানা কৰা, কিন্তু তেওঁলোকে তাকে নকৰিলে।
সেয়েহে শাস্তি হিচাপে ঈশ্বৰে দুয়োখন ৰাজ্যকে তেওঁলোকৰ শত্ৰু বিলাকৰ দ্বাৰা ধ্বংশ হ’বলৈ দিলে । তাৰে মাজক আচোৰিয়া সকল এনে এক জাতি আছিল যি অধিক শক্তি শালী আছিল। একেসময়তে তেওঁলোক আন দেশবোৰৰ প্ৰতি অতি নিষ্ঠুৰ আছিল । তেওঁ আহিল আৰু তেওঁলোকে ইস্ৰায়েল ৰাজ্যক ধ্বংশ কৰিলে। আচোৰিয়া সকলে ইস্ৰায়েল ৰাজ্যত বহুতো লোকক হত্যা কৰি তেওঁলোকে যি ইচ্ছা কৰিলে তাকে তেওঁলোকৰ লগত নিলে আৰু সেই দেশৰ অধিকাংশ ঠাইত জুই লগালে।
আচোৰিয়া সকলে সকলো নেতা সকলক, ধনি মানি ব্যক্তি সকলক, আৰু যি সকলে মূল্যবান সামগ্ৰী সমূহ গঢ় দিব পাৰে তেনে লোক সকলক তেওঁলোকৰ সৈতে লৈ গ’ল। মাত্ৰ কিছুমান দৰিদ্ৰ লোকেহে ইস্ৰায়েল ৰাজ্যত অৱশিষ্ট থাকিল।
তেতিয়া আচোৰিয়া বিলাকে বিদেশী লোক সকলক তেওঁলোকৰ ঠাইলৈ আনিলে আৰু তেওঁলোকক নগৰ বনোৱা কামত ব্যৱহাৰ কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ যি সকল লোক তাত অৱশিষ্ট থাকিল তেওঁলোকৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল। তেওঁলোকৰ বংশক চমৰিয়া বুলি জনা যায়।
সেই সময়ত যিহূদা দেশৰ লোক সকলে ইস্ৰায়েল ৰাজ্যক ঈশ্বৰৰ অবাধ্য হোৱাৰ বাবে ঈশ্বৰে কেনেদেৰে শাস্তি প্ৰদান কৰিছে তাকে দেখিবলৈ পালে। কিন্তু তথাপিও তেওঁলোকে দেৱতা পুজা কৰিয়ে থাকিল, তাৰে মাজতে কানান দেশৰ দেৱতা সমূহো আছিল। ঈশ্বৰে তেওঁৰ ভাৱবাদী সকলক পঠিয়াই তেওঁলোকক সাৱধান কৰিছিল, কিন্তু তেওঁলোকে সেইবোৰক শুনিবলৈ ইচ্ছা নকৰিলে।
আচোৰিয়া বিলাকে ইস্ৰায়েল ৰাজ্য ধংশ কৰাৰ প্ৰায় ১০০ বছৰৰ পিছত, ঈশ্বৰে নবুখদনেশ্বৰ ৰজা অথাৎ বাবিলনীয়ান বিলাকৰ ৰজাক পঠাই যিহূদা ৰাজ্যক ধংশ কৰিছিল। বাবীল এখন শক্তিশালী ৰাষ্ঠ্ৰ আছিল। সেই সময়ৰ যিহূদা দেশৰ ৰজাই নবুখদনেশ্বৰ ৰজাৰ সেৱক হবলৈ সন্মত হৈছিল আৰু তেওঁ প্ৰতি বছৰে বহু ধন দিব লগা হৈছিল।
কিন্তু কিছু বছৰৰ পিছত, যিহূদা ৰাজ্যৰ ৰজাই বাবীলৰ ৰজাক প্ৰবঞ্চনা কৰিলে। সেয়েহে, বাবিলনীয়ান বিলাকে আহি যিহূদা ৰাজ্য আক্ৰমণ কৰিলে। তেওঁলোকে যিৰুচালেম নগৰ নিজৰ হাতলৈ নিলে, মন্দিৰো ধংশ কৰিলে আৰু সেই ঠাইৰ আৰু মন্দিৰৰ সকলো ধন সম্পত্তি কাঢি় নিলে।
শাস্তি হিচাপে নবুখদনেশ্বৰ ৰজাৰ সণ্যই যিহূদাৰ ৰজাৰ পুত্ৰ সকলক তেওঁৰ সন্মোখতে মাৰিলে আৰু তেওঁক অন্ধ কৰিলে। তাৰ পিছত, সেই ৰজাক তেওঁলোকে বাবিলৰ বন্দিশালত মৰিবলৈ লৈ গ’ল।
নবুখদনেশ্বৰ ৰজা আৰু তেওঁৰ লোক সকলে যিহূদা দেশৰ প্ৰায় সকলো লোককে বাবিললৈ লৈ গ’ল, কেৱল দৰিদ্ৰ লোক সকলক সেই ঠাইৰ পথাৰ বোৰ চহাবৈল ৰাখি গ’ল। এই সময়তে ঈস্বৰৰ লোক সকলে প্ৰতিজ্ঞাৰ দেশ এৰি যাব লগা হ’ল তাকেই দেশান্তৰ বুলি কোৱা হয়।
যিদও ঈশ্বৰে লোক সকলক শাস্তি দিলে কিন্তু তেওঁ তেওঁলোকক কেতিয়াও নাপাহৰিলে আৰু এনেকি তেওঁৰ প্ৰতিজ্ঞাবোৰো নাপাহৰিলে। ঈশ্বৰে তেওঁৰ লোক সমূহক সদাই লক্ষ কৰি থাকিল আৰু তেওঁৰ ভাৱবীদা সকলৰ দ্বাৰা কথা কৈ থাকিল।
প্ৰায় সত্তৰ বছৰৰ পিছত, চাইৰচ নামৰ এজন পাৰ্চি ৰজাই বাবিলক পৰাস্ত কৰিলে, সেই পাৰ্চি ৰজাই একেসময়তে বহু কেইখন ৰাষ্ট্ৰ শাসসন কৰিলে। ইস্ৰায়েলীয়া সকলক তেতিয়াৰ পৰা ইহুদী বুলি জনা হ’ল। তেওঁলোকৰ মাজৰ বহু জনে বাবিল দেশতে বস-বাস কৰিলে। সেই সময়ত খোব কম সংখ্যক লোকেহে যিহূদা ৰাজ্যৰ বিষয়ে মনত ৰাখিলে।
পাৰ্চি সকল অধিক শক্তিশালী আছিল, কিন্তু তেওঁলোকে বন্দি কৰি নিয়া লোক সকলক তেওঁলোকে দয়াৰ দৃষ্টিৰে চাইছিল। চাইৰাছ ৰজাই ৰজা হোৱাৰ কেইবছৰ মানৰ পিছত তেওঁ এক আদেশ দিলে যে, যিসকল ইহুদী লোকে নিজ ঠাইলৈ যিহূদা ৰাজ্যলৈ যাবলৈ ইচ্ছা কৰিছিল তেওঁলোকক নিজৰ ৰাজ্যলৈ যাবৰ বাবে অনুমতি দিছিল। এনেকি তেওঁলোকে ইহুদী সকেল তেওঁলোকক মণ্ডীৰ সাজিবলৈ ধন-সম্পত্তিও দিছিল। সেয়েহে সত্তৰ বছৰৰ বন্দিত্ব অৱস্থাৰ পিছত, এক তাকৰিয়া লোকৰ গোটে যিহূদা দেশৰ যিৰূচালেমলৈ গ’ল।
লোক সকলে যেতিয়া যিৰূচালেমত প্ৰবেশ কৰিল, তাতে তেওঁলোকে সেই ঠাইত মন্দিৰ আৰু নগৰৰ চাৰিওকাষে দেৱাল নিমান কৰিলে। সেই সময়তো পাৰ্চি সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰি আছিল, কিন্তু এনে অৱস্থাতো তেওঁলোকে প্ৰতিজ্ঞাৰ দেশত বাস কৰিবলৈ পালে আৰু মন্দিৰত আৰাধানা কৰিলে।