Изберете език

mic

Дял

Сподели връзка

QR code for https://globalrecordings.net/script/7960

unfoldingWord 13 - ইস্ৰায়েলৰ সৈতে ঈশ্বৰে নিয়ম স্থাপন কৰা

unfoldingWord 13 - ইস্ৰায়েলৰ সৈতে ঈশ্বৰে নিয়ম স্থাপন কৰা

Контур: Exodus 19-34

Номер на скрипта: 1213

език: Assamese

Публика: General

Предназначение: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Статус: Approved

Сценариите са основни насоки за превод и запис на други езици. Те трябва да бъдат адаптирани, ако е необходимо, за да станат разбираеми и подходящи за всяка различна култура и език. Някои използвани термини и понятия може да се нуждаят от повече обяснения или дори да бъдат заменени или пропуснати напълно.

Текст на сценария

ঈশ্বৰে ইস্ৰায়েল জাতিক চূপ সাগৰৰ মাজেৰে আচিৰত ভাৱে চলাই অনিলে, তেওঁ তেওঁলোকক অৰণ্যৰ মাজেৰ চিনয় পৰ্ব্বতলৈকে পৰিচালিত কৰি আনিলে। এইটোৱে সেই পৰ্বত আছিল য’ত মোচিয়ে গছ জোপা জ্বলি থকা দেখা পাইছিল। লোক সমূহে সেই পৰ্বতৰ ওপৰতে তম্বু তৰি আছিল।

ঈশ্বৰে তাতে মোচি আৰু ইস্ৰায়েল সকলো লোকক ক’লে, ‘‘ তোমালোকে মোৰ বাধ্য হৈ থাকিবা আৰু মই তোমালোকৰ সৈতে যি নিয়ম স্থাপন কৰিম তাক পালন কৰিবা। যদি তোমালোকে এই দৰে কৰা, তোমালোকে পুৰস্কাৰৰ অধিকাৰী হ’বা, এক পুৰুহিতৰ ৰাজ্য, এক পবিত্ৰ জাতিলৈ ৰূপান্তৰিত হ’বা।

তাতে তিনি দিনলৈ লোক সকলে ঈশ্বৰক কাষত পাবলৈ নিজকে যুগুত কৰি ৰাখিলে। তেতিয়া তেওঁলোকৰ মাজলৈ অথাৎ চিনয় পৰ্বতৰ ওপৰলৈ ঈশ্বৰ আহিল। তেওঁ যেতিয়া আহিল, তাতে মেঘ গজ্জন হ’ল, বিজুলী চমকিল, ধোঁৱাময় হ’ল, ডাঙৰ শব্দৰে শিঙা ধ্বনি বাজিল। সেই সময়ত মোচিয়ে পৰ্বতৰ ওপৰলৈ ওঠি গল।

তেতিয়া ঈশ্বৰে লোক সমূহৰ সৈতে এক নিয়ম স্থাপন কৰিলে। তেওঁ ক’লে, ‘‘ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। ময়েই তোমালোকক মিচৰৰ বন্দিত্ব অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিলো। তোমালোকে আন দেৱতাক সেৱা নকৰিবা।’’

‘‘ তুমি আন প্ৰতিমা নাসাজিবা আৰু তাক পুজাও নকিৰবা, কিয়নো ময়েই তোমালোকৰ একমাত্ৰ যিহোৱা ঈশ্বৰ। মোৰ নাম অনৰ্থক ৰূপে নলবা। বিশ্ৰামবাৰ পবিত্ৰ কৰি সোঁৱৰণ কৰা। আন কথাত, সপ্তাহৰ ছয় দিনত তোমাৰ সকলো কৰ্ম কৰা, সপ্তম দিনত বিশ্ৰাম লোৱা আৰু মোক সোঁৱৰিবা।’’

‘‘ তোমাৰ পিতৃ মাতৃক সন্মান কৰা। নৰ বধ নকৰিবা। তুমি পৰস্ত্ৰী গমন নকিৰবা। তুমি চুৰ নকৰিবা। তুমি মিছা কথা নকবা। তুমি লোকৰ ঘৰলৈ লোভ নকিৰবা, লোকৰ তিৰোতা , বা বন্দী বা বেটী, আৰু তেওঁৰ আন সকলো বস্তুলৈ লোভ নকিৰবা।’’

তাতে ঈশ্বৰে দুছটা শিলত দহটা অজ্ঞা লিখি মোচিক দিলে। ঈশ্বৰে লোক সমূহক এনেদৰে নানা আজ্ঞা ও বিধিবোৰ প্ৰদান কৰিলে। ঈশ্বৰে লোক সকলক সকলো আপদৰ পৰা ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞা কৰিলে, যদিহে তেওঁলোকে ঈশ্বৰৰ বাধ্য হয়। তেওঁ এই কথাও ক’লে যে, যদি তেওঁলোকে ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰে তেন্তে তেওঁলোকক ঈশ্বৰে শাস্তি দিব।

ঈশ্বৰে ইস্ৰায়েল লোক সকলক এটা ডাঙৰ তম্বু সাজিবলৈ ক’লে– এই তম্বুটোত আলোচনাবোৰ কৰা হ’ব। তেওঁ এই তম্বুটো কিদৰে বনাব লাগে আৰু তাত কি ধৰণৰ বস্তু ৰাখিব লাগে এই আতাইবোৰৰ বিষয়ে ক’লে। তেওঁ ক’লে যে, এখন ডাঙৰ কাপোৰেৰে তম্বুতো দুভাগত বিভক্ত কৰিবলৈ। কিয়নো ঈশ্বৰে সেই আৰ কাপোৰৰ ভিতৰ ফালে আহি তাত বিৰাজ কৰিব। সেই ঠাইলৈ কেৱল ইস্ৰায়েলৰ পুৰুহিত সকলেহে সোমাব পাৰিব।

সেই আলোচনা গৃহৰ সন্মূখতে লোক সকলক এটা যজ্ঞ বেদি নিৰ্মান কৰিবলৈ আজ্ঞা দিয়া দিলে। তাতে যি সকলে ঈশ্বৰৰ আজ্ঞা সমূহ উলঙ্ঘন কৰে তেওঁলোকে সেই যজ্ঞ বেদিলৈ এটিকৈ জন্তু আনি তাত তাক ঈশ্বৰলৈ উৎসৰ্গ কৰিব। সেই উৎসৰ্গতোক পুৰুহিত জনে বধ কৰিব আৰু তাক সেই যজ্ঞ বেদিতে পুৰিব আৰু ঈশ্বৰক উৎসৰ্গীত কৰিব। ঈশ্বৰে আৰু ক’লে যে সেই জন্তুৰ তেজেৰ সেই ব্যক্তি জনৰ অপৰাধ সমূহ শুচি কৰিব। এই দৰে ঈশ্বৰে সেই ব্যক্তি জনৰ পাপ সমূহ মচিব। সেই লোক জন তেতিয়াহে ঈশ্বৰৰ দৃষ্টিত ‘‘শুচি’’ বুলি গণিত হ’ব। ঈশ্বৰে মোচিৰ ভাতৃ হাৰোনক আৰু তেওঁৰ বংশক সেই পুৰুহিত পদৰ নিমিত্তে ব্যৱহাৰ কৰিলে।

এই সকলোবোৰ কথা শুনি লোক সকলে ঈশ্বৰ আজ্ঞা সমূহ পালন কৰিবলৈ সন্মত হ’ল। তেওঁলোক কেৱল ঈশ্বৰৰ হৈ থাকিবলৈ আৰু তেওঁৰেই আৰাধানা কৰিবলৈও সন্মত হ’ল।

পিছলৈ, কেইদিন মানৰ বাবে, মোচিয়ে চীনয় পৰ্বতৰ ওপৰত থকিব লগা হ’ল য’ত তেওঁ ঈশ্বৰৰ সৈতে কথা পাতি আছিল। সেই সময়ত লোক সকলে মোচি ঘূৰি অহাৰ বাবে অপেক্ষা কৰি ধৈয্য হেৰুৱালে। ফলত ইস্ৰায়েলৰ লোক সকলে তেওঁলোকৰ সোনবোৰ আনি হাৰোনক দিলে যাতে তাৰ দ্বাৰাই তেওঁলোকে এটা মূৰ্তি সাজি ঈশ্বৰৰ সলনি পুজা কৰিব পাৰে।

তাতে হাৰোনে সোনেৰে এটা গৰুৰ দৰে জন্তু সাজি উলিয়ালে আৰু লোক সকলে সেই মূৰ্তিটোক অধিককৈ আৰাধানা কৰিলে আৰু তাতে তেওঁলোকে বলিও দিলে! এই অপৰাধৰ বাবে ঈশ্বৰে তেওঁলোকৰ প্ৰতি অতিশয় ক্ৰোধাম্বিত হ’ল, তেওঁ ইস্ৰায়েলৰ লোক সকলক নিশেষ কৰিবলৈ নমস্ত কৰিলে। কিন্তু মোচিয়ে লোক সমূহে ৰক্ষা পাবৰ নিমিত্তে ঈশ্বৰক কাতৰোক্তি কৰিলে। ঈশ্বৰে মোচিৰ প্ৰাৰ্থনা শুনিলে আৰু লোক সমূহক নিশেষ কৰাৰ পৰা আতৰত থাকিল।

মোচিয়ে অৱশেষত চীনয় পৰ্বতৰ পৰা নামি আহিল। তেওঁ আহোতে হাতত দুখন শিলৰ ফলি আনিলে য’ত ঈশ্বৰে লোক সমূহৰ নিমিত্তে দহটা আজ্ঞা লিখিছিল। সেই সময়ত মোচিয়ে সেই মূৰ্তিটো দেখিলে। তাকে দেখি তেওঁ ইমানেই ক্ৰুধাম্বিত হ’ল যে তেওঁ তেওঁৰ হাতত থকা শিলৰ ফলি কেইখন পেলাই ভাঙিলে।

মোচিয়ে সেই মূৰ্তিটোক ভাঙি গুৰি কৰিলে, আৰু সেই গুৰি সমূহ পানীত পেলাই লোক সমূহক সেই পানী পান কৰালে। ঈশ্বৰে লোক সমূলৈ মহামৰী আনিলে আৰু সেই মহামাৰীত বহু লোকে নিজৰ প্ৰাণ হেৰুৱালে।

মোচিয়ে দহ আজ্ঞা লিখা আগৰ শিলৰ ফলি কেইখনৰ সলনি নতুনকৈ শিলৰ ফলি সাজি উলিয়ালে আৰু ঈশ্বৰে যেন লোক সকলক ক্ষমা দিয়ে সেই নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ উঠি গ’ল। ঈশ্বৰে মোচিৰ প্ৰৰ্থনা শুনিলে আৰু লোক সমূহক ক্ষমা দান কৰিলে। মোচিয়ে পুণৰ দুখন শিলৰ ফলি লৈ পৰ্বতৰ পৰা তললৈ নামি আহিল। তাতে ঈশ্বৰে লোক সমূহক প্ৰতিজ্ঞাৰ দেশৰ ফাললৈ যাত্ৰা কৰালে।

Свързана информация

Думи на живота - Аудио евангелски послания на хиляди езици, съдържащи библейски послания за спасение и християнски живот.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?