Изберете език

mic

Дял

Сподели връзка

QR code for https://globalrecordings.net/script/7951

unfoldingWord 04 - আব্ৰাহামৰ সৈতে ঈশ্বৰৰ প্ৰতিজ্ঞা

unfoldingWord 04 - আব্ৰাহামৰ সৈতে ঈশ্বৰৰ প্ৰতিজ্ঞা

Контур: Genesis 11-15

Номер на скрипта: 1204

език: Assamese

Тема: Living as a Christian (Obedience, Leaving old way, begin new way); Sin and Satan (Judgement, Heart, soul of man)

Публика: General

Предназначение: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Статус: Approved

Сценариите са основни насоки за превод и запис на други езици. Те трябва да бъдат адаптирани, ако е необходимо, за да станат разбираеми и подходящи за всяка различна култура и език. Някои използвани термини и понятия може да се нуждаят от повече обяснения или дори да бъдат заменени или пропуснати напълно.

Текст на сценария

বানপনীৰ বহু বছৰ পাছত, পৃথিৱী পুণৰ বহু মানুহৰে পৰিপুৰ্ণ হ’ল, আৰু বহু লোকে ঈশ্বৰৰ আৰু ইজনে-সিজনৰ বিৰুদ্ধে কু আচৰণ কৰিলে। কিয়নো তেওঁলোকে একে ভাষা ব্যৱহাৰ কৰিছিল, তেওঁলোকে ঈশ্বৰে দিয়া আজ্ঞা দৰে নকৰি সকলোৱে মিলি এখন নগৰ নিৰ্ম্মাণ কৰিবলৈ ললে।

তেওঁলোক বৰ অহংকাৰী হল, আৰু ঈশ্বৰে তেওঁলোকৰ জীৱনৰ পৰা কি বিচাৰে এই কথাক ভ্ৰূক্ষেপ নকৰি ঈশ্বৰৰ অবাধ্য হ’ল। এনেকি তেওঁলোকে আকাশ লংঘী এক উচ্ছ স্তম্ভ নিৰ্ম্মান কৰিবলৈ আৰম্ভ কৰিছিল। তাকে দেখি ঈশ্বৰে এই কথা ভাবিলে যে, এইদৰেই যদি তেওঁলোকে সকলোৱে মিলি চয়তানৰ কৰ্ম্ম কৰি থাকে তেনেহলে কালক্ৰমত তেওঁলোকে বহুতো পাপ কাৰ্য্যত লিপ্ত হৈ পৰিব।

সেয়েহে ঈশ্বৰে তেওঁলোকৰ ভাষা ভেদ ভেদ কৰিলে আৰু লোক সমূহক পৃথিৱীৰ বিভিন্ন ঠাইত ব্যাপ্ত কৰিলে। যি নগৰক তেওঁলোকে নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিছিল সেই নগৰৰ নাম বাবেল বোলা হ’ল, তাৰ অৰ্থ হ’ল “ বিভ্ৰান্ত”।

এশ বছৰ মানৰ পাছত, ঈশ্বৰে অব্ৰাম নামৰ এজন লোকক কথা ক’লে, যে, “ তুমি নিজ দেশ, নিজ জাতি কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি, যি দেশ মই তোমাক দেখুৱাম, সেই দেশলৈ বলা। আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, আৰু ততোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতি মন্ত কৰিম, আৰু তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা। যিসকলে তোমাক আশীৰ্ৰব্বাদ কৰে , তেওঁলাকক মই আশীব্বাদ কৰিম, আৰু তোমাক যিকোনোৱে শাও দিয়ে, তাক মই তেওঁলোকক শাও দিম আৰু পৃথিবীৰ সকলো গোষ্টিয়ে তোমাৰ কাৰণেই আশীৰ্ব্বাদ পাব।

অব্ৰামে ঈশ্বৰৰ বাধ্য হ’ল। তেওঁ নিজৰ ভাৰ্য্যা চাৰী আৰু তেওঁৰ সকলো চাকৰ, আৰু তেওঁৰ সকলো বস্তুকে লৈ ঈশ্বৰে আজ্ঞা দিয়া ঠাইলৈ, অৰ্থৎ কানান নামৰ ঠাইলৈ ওলাই গ’ল।

অব্ৰামে যেতিয়া কানান দেশ পাইছিল, ঈশ্বৰে তেওঁক ক’লে, “ তোমাৰ চাৰিওফালে চোৱা, মই এই সকলো ঠাই তোমাক দিম, আৰু তোমাৰ বংশই সদাকাললৈ এই ঠাইক অধিকাৰ কৰিব। অব্ৰামে সেই ঠাইতে বসবাস কৰিলে৷

তাত মল্কিচেদক নামেৰে এজন সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। এদিনাখন অব্ৰামে যেতিয়া যুদ্ধ ক্ষেত্ৰত আছিল, তাতে তেওঁলোক দুজনৰ সাক্ষাত হ’ল। মল্কিচেদকে অব্ৰামক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্ব্বোপৰি ঈশ্বৰৰ পৰা আব্ৰাম আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” অব্ৰামে যুদ্ধত জিকি পোৱা সকলোৰে দহ ভাগৰ এভাগ তেওঁক দিলে।

বহু বছৰ পাৰ হ’ল, কিন্তু তেতিয়ালৈকে অব্ৰাম আৰু চাৰীৰ কোনো সন্তান নাছিল। ঈশ্বৰে অব্ৰামক প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ বংশ আকাশৰ তৰাৰ দৰে বহু বংশ হ’ব সেই কথাৰ ওপৰত ভিত্তি কৰি ঈশ্বৰে তেওঁক এক সন্তান দান কৰিব। অব্ৰামেও ঈশ্বৰৰ প্ৰতিজ্ঞাক বিশ্বাস কৰিছিল। ঈশ্বৰে এই কথা ঘোষনা কৰিছিল যে, অব্ৰাম এজন ধাৰ্মিক লোক আছিল কিয়নো তেওঁ ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহক বিশ্বাস কৰিছিল।

তেতিয়া ঈশ্বৰে আব্ৰামৰ সৈতে এক নিয়ম স্থাপন কৰিলে। সাধাৰণতে এই নিময়টো হৈছে দুয়োতা পক্ষৰ মাজত ইজনে সিজনৰ কাৰনে কৰ্ম্ম কৰাৰ এক চুক্তি। কিন্তু এই ক্ষেত্ৰত, অব্ৰাহমে নিদ্ৰাত থকা অৱস্থাত ঈশ্বৰে তেওঁক এক প্ৰিতজ্ঞা কৰিছিল, য’ত এনে অৱস্থাতো অব্ৰামে ঈশ্বৰে কোৱা কথা শুনিব পাৰিছিল। ঈশ্বৰে তেওঁক ক’লে “ মই তোমাৰ ঔৰসত তোমাক এজন সন্তান দিম, মই তোমাৰ সন্তানবোৰক কানান দেশ প্ৰদান কৰিম।” কিন্তু তেতিয়াও অব্ৰামৰ কোনো সন্তান নহ’ল।

Свързана информация

Думи на живота - Аудио евангелски послания на хиляди езици, съдържащи библейски послания за спасение и християнски живот.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?