Kies 'n Taal

mic

Deel

Deel skakel

QR code for https://globalrecordings.net/script/7955

unfoldingWord 08 - ঈশ্বৰে যোচেফ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰা

unfoldingWord 08 - ঈশ্বৰে যোচেফ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰা

Raamwerk: Genesis 37-50

Skripnommer: 1208

Taal: Assamese

Gehoor: General

Doel: Evangelism; Teaching

Kenmerke: Bible Stories; Paraphrase Scripture

Status: Approved

Skrips is basiese riglyne vir vertaling en opname in ander tale. Hulle moet so nodig aangepas word dat hulle verstaanbaar en relevant is vir elke verskillende kultuur en taal. Sommige terme en konsepte wat gebruik word, het moontlik meer verduideliking nodig of selfs heeltemal vervang of weggelaat word.

Skripteks

বহু বছৰৰ পাছত, যি সময়ত যাকোব এজন বৃদ্ধ লোকত পৰিণত হ’ল, তেনে অৱস্থাত তেওঁ তেওঁৰ প্ৰিয় পুত্ৰ যোচেফক ককায়েক হতক চাবলৈ মেৰ বিলাক চৰোৱা ঠাইলৈ পিঠয়ালে।

যোচেফৰ ককায়েক কেইজনে তেওঁক ঘৃণা কৰিছিল কিয়নো তেওঁলোকৰ পিতৃ যাকোবে যোচেফক অতিকৈ প্ৰেম কৰিছিল আৰু একে সময়তে যোচেফে তেওঁলোকৰ ওপৰত শাসক হোৱাৰ এটা সপোন দেখিছিল। যোচেফ যেতিয়া তেওঁলোকৰ ওচৰলৈ আহিছিল তেওঁলোকে তেওঁক অপহৰণ কৰি দাস হিচাপে কিছুমান দাস বেপাৰীক বিক্ৰি কৰি দিলে।

যোচেফৰ ককায়েক হ’তে ঘৰলৈ ঘূৰি অহাৰ সময়ত , তেওঁলোকে যোচেফৰ কাপোৰ ফালি ছাগলীৰ তেজত বুৰালে । তাতে তেওঁলোকে সেই কাপোৰ খন তেওঁৰ বাবেকক দেখুৱালে আৰু তেওঁলোকৰ বাপেকে ভাবিলে যে যোচেফক বনৰীয়া জন্তুৱে আক্ৰমন কিৰ মাৰিলে । যাকোব বৰ দুখী হল৷

দাস বেপাৰী সকলে যোচেফক মিচৰলৈ লৈ গ’ল । মিচৰ এখন শক্তিশালী ৰাষ্ট্ৰ আছিল আৰু নীল নদীৰ কাষত অৱস্থিত আছিল। দাস বেপাৰী সকলে যোচেফক দাস হিচাপে এজন ধনি চৰকাৰি বিষয়া এজনক বেচিলেগৈ । যোচেফে ভলদৰে তেওঁৰ গৰাকিৰ পৰিচৰ্য্যা কৰিলে আৰু ঈশ্বৰেওঁ যোচেফক আশীৰ্ব্বাদ কৰিলে৷

তেওঁৰ মালিকৰ ভাৰ্য্যাই যোচেফৰ সৈতে শয়ন কৰিবলৈ চেষ্টা কিৰছিল, কিন্তু যোচেফে তাইৰ সৈতে মান্তি নহল আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ নকৰিলে। তাতে তাই যোচেফক মিছা অভিযোগ দি জেললৈ প্ৰেৰণ কৰিলে। তেনে অৱস্থাতো যোচেফে ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল, আৰু ঈশ্বৰে তেওঁৰ আশীৰ্বাদ কৰিলে ।

দুই বছৰৰ পিছত, তেতিয়াওঁ যোচেফে জেলতে আছিল, যদিওঁ তেওঁৰ কোনো দোষ নাছিল। এদিনাখন, ফৌৰণে, যাক মিচৰীয়া সকলে ৰজা বুলি মাতিছিল , তেওঁ দুটা সপোন দেখিছিল , আৰু সেই সপোন কেইটাই তেওঁক অতিকৈ আমনি কৰিছিল। তেওঁৰ কোনো এজন উপদেষ্টাইও এই সপোন কেইটাৰ ফলিতা দিব পৰা নাছিল।

ঈশ্বৰে যোচেফক সপোনাৰ ফলিতা কবৰ বাবে বৰ দিছিল , তাতে ফৌৰণে যোচেফক বন্দীশালৰ পৰা মাতি পঠালে। তাতে যোচেফে তেওঁৰ সপোনৰ অৰ্থ তেওঁৰ আগত কলে আৰু ইয়াকো কলে যে, ‘‘ ঈশ্বৰে সেই দেশলৈ সাতবছৰলৈ সু্ন্দৰ শষ্য দান কৰিব , তাৰ পিছতেই সাত বছৰ ধৰি সেই দেশত আকাল হ’ব।

ফৌৰণে সেই ফলিতা পাই যোচেফত অতি সন্তুস্ট হ’ল আৰু তেওঁক ইজিপ্তৰ দ্বীতিয় জন শক্তিসালী মানুহ হিচাপে নিয়োগ কৰিলে।

যোচেফে লোক সমূহক সুন্দৰ শষ্য হোৱাৰ সাত বছৰ কালত বহু দিনৰ বাবে খাদ্য সামগ্ৰী সঞ্চয় কৰি ৰাখিবলৈ কৈছিল। যেতিয়া দেশত সাত বছৰ কাল আকাল হ’ল তেনে অৱস্থাত তেওঁ আন লোক সকলক খাদ্য সামগ্ৰী সমূহ বিক্ৰি কৰিলে আৰু তেওঁ লোকৰ বাবে যাথেষ্ট খাদ্য মজুত থাকিল।

সেই আকাল অতিকৈ ভয়ানক আছিল আৰু কেৱল মিচৰেই নহয়, কিন্তু ই যাকোব আৰু তেওঁৰ পৰিয়ালে বাস কৰা কানান দেশতো বিয়পি পৰিল।

সেয়েহে যাকোবে তেওঁৰ সকলোতকৈ ডাঙৰ পু্ত্ৰ সকলক ইজিপ্তলৈ খাদ্য ক্ৰয় কৰিবলৈ পিঠয়ালে। যেতিয়া যোচেফে তেওঁৰ ককায়েক বিলাকৰ সন্মূখত খাদ্য বিক্ৰি কৰিবলৈ থিয় দি আছিল তেওঁলোকে যোচেফক চিনি নাপালে। কিন্তু যোচেফে তেওঁলোকক চিনি পালে।

তেওঁৰ ককায়েক সকল পৰিবৰ্তণ হ’ল নে নাই তাক পৰিক্ষা কৰি জনাৰ পাছত, যোচেফে তেওঁলোকক ক’লে, ‘‘ মই তোমালোকৰ ভাই, যোচেফ! ভয় নকৰিবা। তোমালোকে মোৰ হানি হোৱাৰ উদ্দেশে দাস হিচাপে বিক্ৰি কৰিছিলা , কিন্তু তোমালোকে যিহকে মোৰ বাবে বেয়া কৰিলা ঈশ্বৰে মোৰ বাবে তাকে উত্তম কৰিলে! আহা আৰু ইজিপ্তত বাস কৰাহি, যাতে মই তোমাক আৰু তোমাৰ পৰিয়ালক যোগান ধৰিব পাৰো।

যেতিয়া যোচেফৰ ককায়েক সকলে নিজ ঘৰলৈ উলতি গ’ল, তেওঁলোকে সকলো কথা বাপেকক বৰ্ণাই কলে যে, যোচেফ জীৱিত আছে, সেই কথা শুনি যাকোবে অতিশয় আনন্দিত হ’ল।

যিদও যাকোব বৃদ্ধ হৈছিল, তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ইজিপ্তলৈ গ’ল, আৰু তেওঁলোকে তাত বস-বাস কৰিলে। যাকোবৰ মৃত্যুৰ আগত, তেওঁ প্ৰতিজন সন্তানক আশীৰ্বাদ কৰিলে।

যিটো নিয়মৰ প্ৰতিজ্ঞা ঈশ্বৰে আব্ৰাহামক দিছিল সেই নিয়ম ইচাহাকলৈ আহিল, তাৰ পিছত যাকোবলৈ আৰু তাৰ পিছত যাকোবৰ বাৰ জন পুতেকলৈ আৰু তেওঁলোকৰ পৰিয়ালবোৰলৈ। সেই বাৰ জনৰ পৰাই ইস্ৰায়েল বাৰটা ফৈদৰ উৎপতি হ’ল।

Verwante inligting

Woorde van Lewe - GRN het oudio-evangelieboodskappe in duisende tale wat Bybelgebaseerde boodskappe bevat oor verlossing en Christelike lewe.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?